Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

গৰমৰ বতৰত আমৰ আচাৰৰ ৰেচিপি : Mango Pickle

গৰমৰ বতৰত আমৰ আচাৰৰ ৰেচিপি 

( অপূৰ্ব দাস )


বৰ্তমান আমৰ বতৰ। আমৰ আচাৰ তৈয়াৰ নকৰাকৈ থাকিব পাৰি জানো? সেয়েহে আজিৰ পাকঘৰত লৈ আহিছো আমৰ আচাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ এটি প্ৰণালী।

প্ৰয়োজনীয় সামগ্ৰী:

কেঁচা আম – ১ কেজি
নিমখ – ১০০ গ্ৰাম (বা ৰুচি অনুসৰি)
হালধিৰ গুড়ি – ২ চামুচ
ৰঙা জলকীয়াৰ গুড়ি – ৩ চামুচ
চফ (saunf গুটি) – ৩ চামুচ
মেথি গুটি – ২ চামুচ
ক’লা জিৰা – ১ চামুচ
Shalimar চিকেন মচলা - ৪-৫ চিমুচ
সৰিয়হ (পিহি) – ২-৩ মুঠি ( ভিনেগাৰত তিয়াই থৈ)
সৰিয়হৰ তেল – ৩০০-৪০০ মিলিলিটাৰ (গৰম কৰি ল'ব )


প্ৰস্তুতিৰ পদ্ধতি:

(১) কেঁচা আমবোৰ ভালদৰে ধুই শুকুৱাই কাপোৰেৰে মচি দিব। তাৰ পিছত সৰু সৰু টুকুৰা কৰি কাটি লওক।

(২) কটা আমৰ টুকুৰাত হালধি আৰু সৰহকৈ নিমখ মিহলাই এটা পাত্ৰত ১-২ দিন ঢাকি ৰাখিব।

(৩) দিনে ১-২ বাৰ চামুচেৰে লৰাই থাকিব যাতে আমবোৰ কোমল হয় আৰু আৰ্দ্ৰতা কমি যায়।


মছলা প্ৰস্তুত কৰা:

(১) আমৰ আচাৰ তৈয়াৰ কৰাৰ আগদিনা ২-৩ মুঠি সৰিয়হ গুটি এবাতি ভিনেগাৰত তিয়াই থব। দ্বিতীয় দিনা ভিনেগাৰৰ সৈতে মোটামাকৈ গুড়ি কৰিব।

(২) চফ আৰু মেথি গুটি সাধাৰণ গৰম কৰি মোটাকৈ পিহি লওক।
(৩) এতিয়া ক'লা জিৰা , পিহি লোৱা সৰিয়হ আৰু ৰঙা জলকীয়াৰ গুড়ি মিহলি কৰি থৈ দিব।

(৪) এতিয়া আমৰ টুকুৰাবোৰ নিমখ পানীৰ পৰা তুলি ল'ব। প্ৰস্তুত কৰা মছলাখিনিৰ লগতে চিকেন মচলা আমৰ টুকুৰাৰ লগত ভালদৰে মিহলাই লওক। নিমখ দিয়াৰ প্ৰয়োজন নাই।

(৫) ওপৰত কিছু গৰম সৰিয়হৰ তেল ঢালি দিব। তেল যথেষ্ট থাকিব লাগে যাতে আমৰ টুকুৰাবোৰ সম্পূৰ্ণকৈ ডুব যায়।

(৬) এটা পৰিষ্কাৰ আৰু শুকান কাঁচৰ জাৰ(বৰ্ণী)ত আচাৰ ভৰাই দিব।

(৭) ঢাকনিখন বন্ধ কৰি দৈনিক এবাৰকৈ ৭–১০ দিনমান লৰাই থাকিব।

(৮) এই সময়ত আচাৰখিনি ৰ’দত ৰাখিব যাতে ভালদৰে সিজি যায়।

(৯) আচাৰ বনাবলৈ ব্যৱহাৰ কৰা বাচন আৰু চামুচ সম্পূৰ্ণ শুকান হ’ব লাগে, নহ’লে আচাৰ সোনকালে নষ্ট হ’ব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection