কিয় বিশ্বব্ৰহ্মাণ্ড আছে? বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টিৰ আটাইতকৈ ডাঙৰ ৰহস্য উদঙাই দিব!
By Good Assam
দক্ষিণ ডাকোটাৰ ঘন অৰণ্যৰ ওপৰত কুঁৱলীৰ মাজত লুকাই থকা এটা পৰীক্ষাগাৰত বিজ্ঞানীসকলে দশক দশক ধৰি বিজ্ঞানক বিমোৰত পেলোৱা এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে: বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব কিয়?
এই আমেৰিকান দলটোৱে এই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাৰ দৌৰত নামি পৰিছে য’ত জাপানী বিজ্ঞানীসকল তেওঁলোকৰ পৰা বহু বছৰ আগবাঢ়ি আছে। আজিৰ জ্যোতিৰ্বিজ্ঞানৰ তত্ত্বসমূহে তৰা, গ্ৰহ আৰু তাৰকাৰাজ্যৰ অস্তিত্ব কেনেকৈ আহিল সেই বিষয়ে ব্যাখ্যা কৰাত ব্যৰ্থ হয়। এই ৰহস্যৰ চাবিকাঠি নিউট্ৰিন’ নামৰ এটা অণুবীক্ষণিক কণাত লুকাই আছে। দুয়োটা দলে নিউট্ৰিন’ৰ তদন্তৰ বাবে বিশেষ ডিটেক্টৰ নিৰ্মাণ কৰি আছে।
বিবিচিৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ বিজ্ঞানীসকলে পৃথিৱীৰ পৃষ্ঠৰ পৰা ১৫০০ মিটাৰ তলত অৱস্থিত "Deep Underground Neutrino Experiment" (DUNE) নামৰ এক বিশাল পৰীক্ষা চলাই আছে। ইয়াত তিনিটা বিশাল গুহা নিৰ্মাণ কৰা হৈছে যাৰ আকাৰ ইমানেই বিশাল যে তাত কাম কৰা বুলডজাৰবোৰো খেলনাৰ দৰে দেখা যায়। প্ৰকল্পটোৰ বিজ্ঞান পৰিচালক ড° জেৰেট হাইজে কয় যে গুহাবোৰ “বিজ্ঞানৰ বাবে নিৰ্মিত কেথেড্ৰেল”ৰ দৰে। যোৱা ১০ বছৰ ধৰি তেওঁলোকৰ নিৰ্মাণ কাম চোৱাচিতা কৰি আহিছে। এই গুহাবোৰৰ পৰিবেশ শান্তিপূৰ্ণ, পৃষ্ঠৰ বিকিৰণ আৰু শব্দৰ পৰা সম্পূৰ্ণ আঁতৰত। এতিয়া এই প্ৰকল্পটো ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়ৰ দিশে আগবাঢ়িছে। ড° হাইজে কয়, "আমি এনে এটা ডিটেক্টৰ নিৰ্মাণৰ পথত আগবাঢ়িছো যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ বুজাবুজি সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। ৩০খন দেশৰ ১৫০০ বিজ্ঞানীয়ে একত্ৰিত হৈ এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সাজু হৈছে, আমি কিয় অস্তিত্ব আছো? বিশ্ব ব্ৰহ্মাণ্ডৰ অস্তিত্ব কিয় ?"
ইয়াৰ উত্তৰ বিচাৰিছে বিজ্ঞানীসকলে :
যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব আহিছিল তেতিয়া দুই প্ৰকাৰৰ কণিকাৰ সৃষ্টি হৈছিল: পদাৰ্থ আৰু প্ৰতিপদাৰ্থ। তত্ত্ব অনুসৰি দুয়োটাই ইটোৱে সিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব লাগিছিল আৰু একোৱেই নাথাকিলহেঁতেন, মাত্ৰ শক্তিহে বাকী থাকিলহেঁতেন। কিন্তু আমি আজি ইয়াত আছো, মানে বিশ্ব ব্ৰহ্মাণ্ডত পৃথিৱীৰ সৃষ্টি হৈছে ।
এই ৰহস্য সমাধানৰ বাবে বিজ্ঞানীসকলে নিউট্ৰিন’ আৰু ইয়াৰ বিপৰীত কণিকা এণ্টি নিউট্ৰিন’ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি আছে। তেওঁলোকে দুয়োটা কণিকাৰ ৰশ্মি মাটিৰ তললৈ ইলিনয়ৰ পৰা ৮০০ মাইল দূৰৈৰ দক্ষিণ ডাকোটালৈ প্ৰেৰণ কৰিব আৰু কণিকাৰ মাজত কোনো সূক্ষ্ম পাৰ্থক্য আছে নেকি পৰীক্ষা কৰিব। যদি নিউট্ৰিন’ আৰু এণ্টি-নিউট্ৰিন’ৰ পৰিৱৰ্তন বেলেগ বেলেগ হয়, তেন্তে এইটোৱেই হ’ব পাৰে শেষত পদাৰ্থ কেনেকৈ সৃষ্টি হ’ল তাৰ সূত্ৰ।
DUNE কি ?
DUNE হৈছে ৩০খন দেশৰ ১৪০০ বিজ্ঞানীক অংশগ্ৰহণ কৰা এক বিশ্বব্যাপী সহযোগিতা। ছাচেক্স বিশ্ববিদ্যালয়ৰ ডাঃ কেট শ্ব’ৰ মতে এই আৱিষ্কাৰে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ বুজাবুজি আৰু মানৱতাৰ আত্মপৰিচয় দুয়োটাকে সলনি কৰিব পাৰে। “আজি আমি প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু চফট্ ৱেৰৰ এনে এটা বিন্দুত উপনীত হৈছো য’ত আমি বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ প্ৰশ্নবোৰৰ সৈতে মুখামুখিকৈ মোকাবিলা কৰিব পামিম – সেয়া অবিশ্বাস্যভাৱে ৰোমাঞ্চকৰ,” তেওঁ কয়।