( অপূৰ্ব দাস )
ভাৰতীয় বাস্তু শাস্ত্ৰত বিশ্বাস কৰা হয় যে আমাৰ চৌপাশৰ বস্তু বিশেষকৈ উদ্ভিদে কেৱল পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় আমাৰ মানসিক, শাৰীৰিক আৰু আৰ্থিক অৱস্থাতো গভীৰ প্ৰভাৱ পেলায়। কিছুমান উদ্ভিদে ইতিবাচক শক্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে যদিও কিছুমান উদ্ভিদে ঘৰৰ ওচৰত ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদে ঘৰত ঋণাত্মক শক্তিৰ সৃষ্টি কৰে, যাৰ ফলত জীৱনত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে গছ-গছনিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল -
(১) বাবুল গছ
বাবুল এবিধ কাঁইটীয়া উদ্ভিদ, যিটো বাস্তু শাস্ত্ৰত ঘৰৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা হয়। এই উদ্ভিদে ঘৰুৱা পৰিৱেশত ৰখখিলে খিংখিঙীয়া, কাজিয়া আৰু উত্তেজনা বৃদ্ধি কৰিব পাৰে। বাবুলে ঘৰৰ সম্পৰ্কৰ মধুৰতা ধ্বংস কৰি মানসিক অশান্তি আনে বুলি বিশ্বাস কৰা হয়।
(২) বেল গছ
বেল গছত ভগৱান আছে বুলি বিশ্বাস কৰা হয়। বেল গছ ঔষধি গুণেৰে সমৃদ্ধ। বেল গছৰ পাত আমি শিৱ পূজাত ব্যৱহাৰ কৰোঁ। কিন্তু ইমানবোৰ গুণ থকাৰ পিছতো বেল গছ ঘৰৰ ওচৰৰ ৰোপণ কৰিব নালাগে । বেল গছ পদূলিৰ উত্তৰ দিশত ৰোপণ কৰিব লাগে। বেল গছৰ কাঁইট থাকে, সেয়েহে ই উত্তেজনা বৃদ্ধি কৰে আৰু ঘৰখনত কাজিয়াৰ সৃষ্টি কৰে।
(৩) কেকটাছ (স্পাইকি উদ্ভিদ)
কেকটাছ দেখাত আকৰ্ষণীয় হ’ব পাৰে, কিন্তু বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ ভিতৰত ৰোপণ কৰিলে ক্ষতিকাৰক। ইয়াৰ কাঁইটে ঋণাত্মক শক্তি সঞ্চাৰণ কৰি ঘৰৰ বায়ুমণ্ডল গধুৰ কৰি তোলে। ইয়াৰ বাবে পৰিয়ালৰ সদস্যসকলে ৰোগ, মানসিক চাপ আৰু আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
(৪) জেতুকা গছ
জেতুকা উপকাৰী হ’লেও বাস্তু শাস্ত্ৰৰ মতে ইয়াক ঘৰৰ ওচৰত ৰোপন কৰিব নালাগে। এই উদ্ভিদে ঋণাত্মক শক্তি উৎপন্ন কৰে বুলি বিশ্বাস কৰা হয়, যাৰ ফলত স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰু ঘৰত অস্থিৰতা সৃষ্টি হ’ব পাৰে।
(৫) অমিতা গছ
বাস্তু শাস্ত্ৰৰ মতে অমিতা গছও ঘৰৰ ওচৰত নথাকিব নালাগে। শনি আৰু ৰাহুৰ দৰে গ্ৰহৰ লগত ইয়াৰ সম্পৰ্ক আছে, যিয়ে বিসংগতি আৰু বাধাৰ ইংগিত দিয়ে। অমিতা গছে ঘৰুৱা পৰিৱেশত দৰিদ্ৰতা আৰু মানসিক অশান্তি কঢ়িয়াই অনা বুলি বিবেচিত হৈছে।
(৬) মৃত বা শুকান উদ্ভিদ
যিকোনো ধৰণৰ শুকান বা মৰা গছ ঘৰত ৰাখিব নালাগে। এই উদ্ভিদবোৰক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু জীৱনত বাধা, মানসিক চাপ আৰু দুৰ্ভাগ্যৰ সৃষ্টি কৰিব পাৰে। এনে গছ-গছনি তৎক্ষণাত ঘৰৰ পৰা আঁতৰাই পেলাব লাগে।
(৭) গাখীৰ উৎপাদন কৰা উদ্ভিদ
আহত , কঠাল , আকন, অলিয়েণ্ডাৰ আদি কিছুমান উদ্ভিদৰ পৰা গাখীৰৰ দৰে বগা ৰস ওলায়। বাস্তু শাস্ত্ৰৰ মতে এনে গছ-গছনি ঘৰৰ ওচৰত ৰাখিলে মানসিক অশান্তি, আৰ্থিক সংকট আৰু অসুস্থতাৰ পৰিৱেশৰ সৃষ্টি হয়। যদিও এইবোৰ গছৰ গুৰুত্ব আছে তথাপিও ইয়াৰ কূ প্ৰভাৱো আছে। সেয়েহে ঘৰৰ পৰা আঁতৰত ৰুব লাগে।
(৮) বনছাই গছ :
এই উদ্ভিদ ঘৰৰত সজাই থবলৈ সৰু আকাৰত প্ৰস্তুত কৰা হয় যদিও বাস্তু শাস্ত্ৰৰ মতে ঘৰত ৰখাটো অশুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদবোৰে প্ৰতীকীভাৱে বৃদ্ধি আৰু অগ্ৰগতি বাধা দিয়ে। বনছাই উদ্ভিদে জীৱনত স্থবিৰতা, আৰ্থিক বাধা আৰু আত্মবিশ্বাসৰ অভাৱ আনিব পাৰে। এইবোৰ ঘৰৰ ওচৰত বা ঘৰৰ ভিতৰত ৰাখিলে মানুহে নিজৰ কষ্টৰ ফল নাপায় আৰু ভাগ্যই তেওঁক অনুকূল নকৰে।
এইবোৰ গছ ঘৰৰ চৌহদত কেতিয়াও ৰোপণ নকৰিব -
(১) টকৌ গছৰ দৰে কিন্তু ওখ হোৱা এবিধ খজুওৱা তামোল গছ
(২) কঠাল গছ
(৩) বগৰী গছ
(৪) কাঁইটীয়া বাঁহ গছ
(৫) ভুলুকা বাঁহ গছ
(৬) শেওড়া বা শাওৰা গছ
(৭) আহত গছ
(৮) ৰাম তুলসী গছ ইত্যাদি।