By Good Assam
গুজৰাটৰ চুৰাটৰ পৰা এটা গোচৰ পোহৰলৈ আহিছে, যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। চুৰাট চহৰৰ এগৰাকী ২৭ বছৰীয়া টিউচন শিক্ষয়িত্ৰীয়ে ১৩ বছৰীয়া নাবালক ছাত্ৰৰ সৈতে কেইবাবাৰো অবৈধ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত টিউচন শিক্ষয়িত্ৰীগৰাকী গৰ্ভৱতী হৈ ছাত্ৰ জনৰ সৈতে পলাই আহে । মাক-দেউতাকৰ অভিযোগত আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই ঘটনা প্ৰথম পোহৰলৈ আহিছিল ২৫ এপ্ৰিলত।
২-৩ বছৰ ধৰি ঘৰতে পঢ়ুৱাইছিল ছাত্ৰ জনক টিউশ্যন
চুৰাটৰ উপ আৰক্ষী আয়ুক্ত আলোক কুমাৰে কয়, ‘ল’ৰাটো ঘৰত নথকাৰ তথ্য আমি পাইছো। আমি প্ৰথমে অপহৰণৰ গোচৰ ৰুজু কৰিছিলো। তেতিয়া আমি গম পালোঁ যে তেওঁ কোনোবা টিউচন শিক্ষয়িত্ৰীৰ লগত পলাই গৈছে। তাৰ ওপৰত ভিত্তি কৰি আমি তাইৰ ঠিকনা বিচাৰি পালোঁ। যোৱা দুই-তিনি বছৰ ধৰি শিক্ষয়িত্ৰীগৰাকীয়ে তাক পঢ়ুৱাই আছিল আৰু বৰ্তমান সি পঞ্চম শ্ৰেণীত পঢ়ি আছে আৰু তাইও শ্ৰেণী শিক্ষয়িত্ৰী আছিল। এই ছাত্ৰজনে তাইৰ ঘৰলৈ গৈ পঢ়া-শুনা কৰিছিল। "
তেওঁ আৰু কয়, ‘তাৰ পিছত যেতিয়া আমি তেওঁলোকৰ ঘৰৰ চাৰিওফালে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিলোঁ, তেতিয়া গম পালোঁ যে ল’ৰাজন আৰু শিক্ষয়িত্ৰী জনীয়ে বেগটো লৈ কৰবাত পলাই যাবলৈ যো-জা কৰিছে । আমি যেতিয়া শিক্ষয়িত্ৰীগৰাকীৰ স্থান অনুসন্ধান কৰিলোঁ, তেতিয়া তাইৰ ফোনটো চুৰাট ৰেলৱে ষ্টেচনৰ ওচৰত চুইচ অফ হৈ আছিল। প্ৰথমতে আমি ভাবিছিলো যে তাই হয়তো ৰেল ষ্টেচনৰ পৰা কোনোবা ৰেলত উঠি গুচি গৈছে । তাৰ পিছত আমি ৰেল ষ্টেচনত তদন্ত কৰিলোঁ যদিও একো নাপালোঁ। আমি আৰু অধিক তদন্ত কৰি গম পালোঁ যে তাই বাছ এখনত উঠি সেই স্থান ছৰি কৰবালৈ পলাই গৈ আছে । আমি সিহঁতক চিচিটিভিত দেখিছিলো। তাৰ পিছত, আমি অনুসৰণ কৰি থাকিলোঁ। জানিব পৰা মতে তাই দিল্লী অভিমুখে গৈ আছিল । তাৰ পিছত বৃন্দাবনলৈ গ'ল। পিছত গুজৰাট আৰু ৰাজস্থানৰ সীমান্তত সিহঁতৰ অৱস্থানৰ বিষয়ে জানিবলৈ পালোঁ।"
চিকিৎসা পৰীক্ষাৰ দ্বাৰা গৰ্ভধাৰণ নিশ্চিত কৰে -
আৰক্ষী বিষয়াজনে ক’লে, ‘দুয়োকে যেতিয়া থানালৈ লৈ অনা হৈছিল , তেতিয়া সিহঁতৰ চিকিৎসা পৰীক্ষা কৰা হৈছিল। ডাক্তৰে আমাক ক’লে যে তাই গৰ্ভৱতী। শিক্ষয়িত্ৰীগৰাকীক সোধা-পোছা কৰাৰ সময়ত তাইও গৰ্ভৱতী বুলি গম পোৱা নাছিল। তাই ক’লে যে সেই ল’ৰাটোৰ লগত তাইৰ শাৰীৰিক সম্পৰ্ক আছে। তাই আন কাৰোৰে লগত কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক ৰখা নাই । ছাত্ৰ ল'ৰা আৰু শিক্ষয়িত্ৰী দুয়োজনে ইজনে সিজনক ভাল পাওঁ বুলি কৈ আছে। দুয়োজনে স্বীকাৰ কৰিছে যে তেওঁলোকৰ শাৰীৰিক সম্পৰ্ক হৈ থাকে।"