এতিয়াৰে পৰা ৰাতিপুৱাৰ চাহকাপ খাওক বাঁহৰ পাতৰ দ্বাৰা প্ৰস্তুত কৰা চাহেৰে। ইয়াৰ ঔষধি গুণ জানিলে আচৰিত হ'ব।
( অপূৰ্ব দাস )
বাঁহ পাতত বহুতো ঔষধি গুণ লুকাই আছে, ই ডায়েবেটিছ আৰু ছালৰ সমস্যা নিৰাময় কৰিব পাৰে।
বাঁহৰ পাত ছাল আৰু আমাৰ শৰীৰৰ স্বাস্থ্যৰ বাবে অতি উত্তম । ইয়াৰ উপকাৰ আৰু ব্যৱহাৰৰ পদ্ধতি তলত উল্লেখ কৰা হ'ল -
এতিয়া অসমৰ কিছুমান যুৱকে জাতি বাঁহৰ আগলি পাত ছাঁত শুকুৱাই পেকিং কৰি বিক্ৰী কৰি আছে। ইয়াৰ ঔষধি গুণ দেখি বজাৰত বাঁহ পাতৰ মূল্য কিলো ৫০০ টকালৈ বৃদ্ধি।
সোণাপুৰৰ যুৱক এজনে কয় " আমি এতিয়া বাঁহ পাতৰ চাহৰ ব্যৱসায় কৰিছোঁ। ইয়াত ৭৫% উচ্চ অৰ্গেনিক চিলিকা থাকে, যি শৰীৰৰ স্বাস্থ্যৰ বাবে অতি উত্তম। পুৰণি কালৰ পৰা চীনৰ লোক সকলে tea হিচাপে খায়। মানুহে ৫ গ্ৰামমান লৈ (এচামুচ) একাপ চাহ তৈয়াৰ কৰি খাব পাৰে।"
বাঁহ পাতৰ উপকাৰিতা আৰু ইয়াক কেনেকৈ সেৱন কৰিব লাগে জানিবলৈ পঢ়িব -
বাঁহৰ পাতৰ স্বাস্থ্য উপকাৰীতা :
ভাৰতকে ধৰি বিশ্বৰ বহু দেশত বাঁহৰ খেতি কৰা হয়। ইয়াক বহু ধৰণে ব্যৱহাৰ কৰা হয়। আজিও গাঁৱৰ লোকসকলে বহু ঘৰৰ চাল আৰু বেৰ বাঁহৰ পৰা তৈয়াৰ কৰে । বাঁহৰ ঠাৰিৰে দাঁত মাজে।
আজিকালি বাঁহ গছৰ পৰা উচ্চ মানৰ কাঠ তৈয়াৰ কৰি আছে যাৰ মূল্য শাল কাঠতকৈ বেছি, কাৰণ এই বাঁহ গছৰ কাঠ তৈয়াৰ কৰোঁতে এনে কেইবাবিধো পদাৰ্থ ব্যৱহাৰ কৰা হয় যাৰ ফলত পোকে নধৰে আৰু ইয়াৰ জীৱনকাল যুগ যুগ ধৰি নষ্ট নোহোৱাকৈ থাকে।
গাঁৱ অঞ্চলত ইয়াৰ ব্যৱহাৰ অতি বেছি। জাকৈ-খালৈ , ডলা , ঢাৰি, বহা চকী, আলনা, সজাই থোৱা বিভিন্ন শৈলী আদিকে ধৰি ইয়াৰ চিহিদা বৃদ্ধি হৈছে।
কিন্তু বাঁহৰ পাতৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হ'য়তো বহুতেই নাজানে। বাঁহৰ পাতে কিছুমান স্বাস্থ্যজনিত সমস্যা সমাধান কৰিব পাৰে। ইয়াৰ ফলত মেদবহুলতা বৃদ্ধি আৰু তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ছালৰ সৌন্দৰ্য্যৰ বাবেও বাঁহৰ পাত ব্যৱহাৰ কৰিব পাৰে।
(১) বাঁহৰ পাতৰ চাহে সতেজ অনুভৱ কৰায়
বাঁহৰ পাতৰ পৰা প্ৰস্তুত কৰা চাহ খালে আপুনি অতি সতেজ অনুভৱ কৰিব। ইয়াত কেফেইন নাথাকে থাকে চিলিকা যি স্বাস্থ্যৰ বাবে অতি উত্তম। চাহৰ সুগন্ধি বঢ়াবলৈ ইয়াত নেমু, কমালৰ বাকলি, ইলাচি, তেজ পাত বা পদিনা পাত মিহলাই ল’ব পাৰে। শুকান বাঁহৰ পাতৰ একাপ চাহে গোটেই দিনটো সতেজ কৰি ৰাখিব পাৰে।
(২) নখ আৰু চুলি শক্তিশালী কৰে
বাঁহৰ পাতে নখ আৰু চুলি মজবুত কৰি ৰখাত সহায় কৰে। আচলতে বাঁহৰ পাতত ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট যৌগ থাকে, যিয়ে আপোনাক শৰীৰৰ কলাবোৰ সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। বাঁহৰ পাত সেৱনে কলাৰ বৃদ্ধিত সহায় কৰে, যাৰ ফলত নখ আৰু চুলিৰ তৰপবোৰ মজবুত হ’য়।
(৩) বাঁহ পাতেৰে ছালৰ যত্ন -
ছালৰ সমস্যা কমোৱাতো জাতি বাঁহৰ পাত অতি উপকাৰী। ইয়াৰ সতেজ পাতবোৰ গুড়ি কৰি তাত অলপ অলিভ অইল বা মৌ মিহলাই মুখত লগাওক। ইয়াৰ ফলত আপোনাৰ ছালখন কোমল হৈ পৰিব। শুকান ছালৰ সমস্যা দূৰ হ'য় আৰু ক'লা দাগ দূৰ কৰে। তেলেতীয়া ছালৰ গৰাকীয়ে বাঁহৰ পাতৰ গুৰিত বেচন মিহলাই মুখত লগাব লাগে। ১৫ বা ২০ মিনিটৰ পিছত ধুব। ইয়াৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু কলা দাগৰ লগতে বলিৰেখা আঁতৰ হ'য়।
(৪) বাঁহৰ পাতে পাচন শক্তি বৃদ্ধি কৰে
পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জাতি বাঁহৰ পাতৰ চাহ খাব পাৰে। সাধাৰণতে ইয়াৰ পাতৰ দ্বাৰা আপুনি পেট ফুলা, অত্যধিক গেছ, কোষ্ঠকাঠিন্য বা ডায়েৰিয়াৰ দৰে সমস্যা হ্ৰাস কৰিব পাৰে। বাঁহৰ পাতৰ পৰা তৈয়াৰী চাহ খালে এইবোৰৰ পৰা সকাহ পোৱা যায়। এই চাহত চেনিৰ সলনি অকণমান গুড় বা দালচেনি দিব লাগে।
(৫) বাঁহৰ পাতে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰে
বাঁহৰ পাতৰৃ চাহ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাত শুকুৱাই ইয়াক বহু ধৰণৰ বনৌষধি চাহৰ লগত মিহলাই সেৱন কৰিব পাৰে। এই চাহ খালে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। আচলতে বাঁহৰ পাতত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণত ফলপ্ৰসূ হ’য় । ইয়াৰ উপৰিও এই চাহে আপোনাক শৰীৰৰ ওজন বৃদ্ধি নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ডায়েবেটিচ ৰোগীৰ বাবে বাঁহ পাতৰ চেনি নিদিয়া চাহ খুবেই উপকাৰী।