( অপূৰ্ব দাস )
পেটটো যদি সুস্থ হৈ থাকে তেন্তে স্বাস্থ্য ভালে থাকে। অৰ্থাৎ আমি সু-স্বাস্থ্য লাভ কৰিবলৈ পাচনতন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি যদি গুৰুত্ব দিব লাগে। তেতিয়া স্বাস্থ্যৰ লগতে সৌন্দৰ্য্যও অটুট থাকে। হজম শক্তি সুস্থ কৰি ৰাখিবলৈ আন্ত্ৰিক স্বাস্থ্য ভাল হোৱাটো জৰুৰী আৰু আন্ত্ৰিক সুস্থ হোৱাৰ বাবে অন্ত্ৰত উপস্থিত থকা ভাল বেক্টেৰিয়াবোৰ থাকি নিজৰ কাম সঠিকভাৱে কৰি থকাটো গুৰুত্বপূৰ্ণ।
অন্ত্ৰত উপস্থিত ভাল বেক্টেৰিয়াক বৃদ্ধি কৰিবলৈ খাদ্যত প্ৰ’বায়’টিকৰ পৰিমাণ বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে।
প্ৰ’বায়’টিক food হৈছে এনে খাদ্য আৰু স্বাস্থ্যসন্মত সামগ্ৰী যিয়ে আপোনাৰ আন্ত্ৰিক অংশত থকা উপকাৰী অণুজীৱক বৃদ্ধি কৰাত সহায় কৰে। এই অণুজীৱবোৰে খাদ্যৰ হজম শক্তি অটুট ৰখাত সহায় কৰে। কিছুমান এনে উপকাৰী খাদ্য আৰু পানীয় আছে যিয়ে এই ভাল বেক্টেৰিয়াক বৃদ্ধি কৰি সুস্থ হজম শক্তি অটুট ৰখাত সহায় কৰে।
(১) আমাৰ স্বাস্থ্যৰ বাবে প্ৰ’বায়’টিক অতি প্ৰয়োজনীয়
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি প্ৰ’বায়’টিক হৈছে মানৱ শৰীৰত ভাৰসাম্য সৃষ্টি কৰি স্বাস্থ্যৰ উপকাৰিতাৰ সৃষ্টি কৰা জীৱিত অণুজীৱ। আমাৰ শৰীৰৰ ভিতৰত কোটি কোটি অণুজীৱ বাস কৰে, যিবোৰক আন্ত্ৰিক মাইক্ৰ’বায়’টা বুলি কোৱা হয়। এই মাইক্ৰ’বায়’টাই হজম, পুষ্টি শোষণ, ৰোগ প্ৰতিৰোধ ক্ষমতা, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। এইবোৰৰ ভাল বেক্টেৰিয়া বোলা হয়, যাৰ অবিহনে আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্য্য ম্লান পৰি ৰয়।
(২) ভাল হজম শক্তি অটুট ৰখাৰ বাবে প্ৰ’বায়’টিক অতি প্ৰয়োজনীয়
অধ্যয়নত দেখা গৈছে যে বেয়া খাদ্যা খোৱাৰ ফলত, মানসিক চাপ আৰু এন্টিবায়টিকৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে অন্ত্ৰত থকা এই সুস্থ বেক্টেৰিয়াবোৰ মৰি যায় । এই কাৰণেই মানুহৰ দেহত গেছ, বদহজম, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, আৰু বহু ধৰণৰ অন্ত্ৰৰ ৰোগৰ আশংকা বৃদ্ধি পায় ।
হাৰ্ভাৰ্ড হেল্থ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত দেখা গৈছে যে যদি আপুনি নিয়মিতভাৱে প্ৰ’বায়’টিক সেৱন কৰে তেন্তে ইয়াৰ দ্বাৰা পেটৰ ৰোগ যেনে ইৰিটেবল বাৱেল চিনড্ৰম আৰু ইনফ্লেমেটৰী বাৱেল ডিজিজৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
যিসকল লোকে প্ৰায়ে গেছ, পেট ফুলা, কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যাত ভুগি থাকে তেওঁলোকক খাদ্যত প্ৰ’বায়’টিকৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হয়।
(৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
প্ৰ’বায়’টিক কেৱল সুস্থ হজম শক্তি বজাই ৰখাৰ বাবেই উপকাৰী নহয়, ই আন বহু দিশতো শৰীৰৰ বাবে উপকাৰী। লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত কৰাত সহায় কৰে। ফ্ৰন্টিয়াৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে প্ৰ’বায়’টিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়।
প্ৰ’বায়’টিকে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ আৰু এলাৰ্জী প্ৰতিৰোধ কৰাত সহায় কৰা দেখা গৈছে।
প্ৰ’বায়’টিক পেটত নাথাকিলে হতাশা, উদ্বেগ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগ হোৱা দেখা গৈছে। ছালৰ সমস্যা আৰু একজিমা কমোৱাতো প্ৰ’বায়’টিক উপকাৰী বুলি গণ্য কৰা হয়।
(৪) প্ৰ’বায়’টিকৰ বাবে এবোৰ খাদ্য খাব :
খাদ্যত প্ৰ’বায়’টিক অন্তৰ্ভুক্ত কৰিলে ভাল বেক্টেৰিয়া বৃদ্ধি কৰিব পাৰি।
দৈ, ইডলি, ডোছা, মিঠা আচাৰ , ব্ৰেড আৰু কিছুমান বিশেষ ধৰণৰ পৰিপূৰক অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু মনত ৰাখিব যে খাদ্যৰ জৰিয়তে প্ৰ’বায়’টিক লাভ কৰাটো ভাল।
কিছুমান ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বাবে প্ৰ’বায়’টিক উপযোগী নহ’বও পাৰে। গতিকে অতিৰিক্ত যিকোনো বস্তু সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।