দুয়োখন ভৰি পথ দুৰ্ঘটনাত হেৰুৱাইছে যদিও তেওঁ পথাৰত হাল বায় আৰু বহু খেতি কৰে। তেওঁ এজন অসমৰ আদৰ্শ কৃষক হিচাপে সন্মান লাভ কৰে।
( অপূৰ্ব দাস )
জীৱন যুঁজত হাৰ নমনা বিশ্বনাথ জিলাৰ গহপুৰ চন্দামাৰী বঙালী গাঁৱৰ এজন যুৱ কৃষক। তেওঁৰ নাম গোপাল নাগ। ২০১৪ চনত গুৱাহাটীৰ যোৰাবাটত এটা পথ দূৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱায়। পাঁচ বাৰকৈ অস্ত্ৰপ্ৰচাৰ কৰিও ঠিক কৰিব নোৱাৰিলে ভৰি দুখন। তথাপিও মানসিক ভাৱে ভাগি নপৰিল । ভৰি নথকাকৈয়ে তেওঁ পথাৰৰ কাম কৰে। কিন্তু এতিয়া তেওঁ হৈ পৰিছে হাজাৰ জনৰ প্ৰেৰণাৰ উৎসহ। বৰ্তমান তেওঁ এতিয়া ব্যস্ত শালিধানৰ খেতিত। দুয়োখন ভৰি হেৰুওৱাৰ পিছতো তেওঁ নিজেই Power Tiller , পথাৰত কোৰ মৰা, ধান খেতি কৰাৰ লগতে লেচেৰা, বেঙেনা , ভোট জলকীয়াৰ খেতি নিজেই কৰে, লগতে নিজৰ চাৰি বিঘা চাহ বাগানত দিনৰ দিনটো ব্যস্ত হৈ থাকে। ইতিমধ্যে তেওঁ চলিত বৰ্ষত গণৰাজ্য দিৱসৰ দিনা জিলা প্ৰশাসনে সম্বৰ্ধনা জনোৱাৰ উপৰিও মহকুমা ভিত্তিতো আদৰ্শ কৃষক হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
অধিক জানিবৰ বাবে তলত দিয়া ভিডিঅ'টি এবাৰ হ'লেও চাব -