এজন মহান বৈষ্ণৱ সাধু শ্ৰীল প্ৰভুপাদ
( অপূৰ্ব দাস )
শ্ৰীল স্বামী প্ৰভুপাদ ( Abhay Charanaravinda Bhaktivedanta Swami ) আছিল এজন মহান বৈষ্ণৱ সাধু, গুৰু আৰু ধৰ্ম প্ৰচাৰক। তেওঁ সমগ্ৰ বিশ্বতে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি প্ৰচাৰ কৰিছিল আৰু লাখ লাখ মানুহৰ জীৱনক আধ্যাত্মিক দিশ প্ৰদান কৰিছিল। ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ISKCON)ৰ প্ৰতিষ্ঠাপক আচাৰ্য্য আছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি পথে সনাতন ধৰ্মক সমগ্ৰ বিশ্বতে স্বীকৃতি দিছিল।
জন্ম আৰু প্ৰাথমিক জীৱন:
১৮৯৬ চনৰ ১ ছেপ্টেম্বৰত কলকাতাত বৈষ্ণৱী পৰিয়ালত শ্ৰীল প্ৰভুপাদৰ জন্ম হৈছিল। পিতৃৰ নাম গৌৰ মোহন দে আৰু মাতৃৰ নাম ৰজনী দেৱী। তেওঁৰ শৈশৱৰ নাম আছিল অভয় চৰণ দে, যাৰ অৰ্থ - "ঈশ্বৰৰ চৰণত নিৰাপদ।"
শৈশৱৰ পৰাই তেওঁৰ শ্ৰীকৃষ্ণৰ প্ৰতি গভীৰ ভক্তি আছিল। পিতৃয়ে তেওঁক শ্ৰীকৃষ্ণৰ ভক্তিত ডাঙৰ-দীঘল কৰিছিল। ৰাধা-কৃষ্ণক সদায় ঘৰতে পূজা কৰিছিল। সৰুতে ভগৱানৰ বাবে সৰু সৰু ৰথযাত্ৰা উৎসৱৰ আয়োজন কৰিছিল।
শিক্ষা:
তেওঁ কলকাতাৰ স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰিছিল। ইংৰাজী, সংস্কৃত আৰু দৰ্শনৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিলেও তেওঁ পঢ়া-শুনাৰ লগতে আধ্যাত্মিক অনুশীলন কৰিছিল।
গুৰুৰ সৈতে সাক্ষাৎ আৰু দীক্ষা:
১৯২২ চনত শ্ৰীল প্ৰভুপাদে গৌড়ীয় বৈষ্ণৱ পন্থাৰ মহান সাধু শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰাক লগ পায়। এই সাক্ষাৎকাৰে তেওঁৰ জীৱনৰ দিশ সলনি কৰি দিলে। গুৰুৱে তেওঁক ক’লে –
"আপুনি এজন শিক্ষিত ব্যক্তি। ইংৰাজী জনা মানুহৰ ওচৰলৈ ভগৱান শ্ৰীকৃষ্ণৰ বাৰ্তা লৈ যাওক।"
গুৰুজনাৰ এই আদেশে তেওঁৰ হৃদয়ত গভীৰ ছাপ পেলাইছিল। ১৯৩৩ চনত শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰাৰ পৰা আনুষ্ঠানিকভাৱে দীক্ষা গ্ৰহণ কৰে।
পাৰিবাৰিক জীৱন আৰু তপস্যা:
শ্ৰীল প্ৰভুপাদে ঘৰুৱা জীৱন গ্ৰহণ কৰি ব্যৱসায় কৰিছিল যদিও মনটো সদায় ভক্তিত নিয়োজিত আছিল। ব্যৱসায়ত তেওঁ বৰ বেছি সফল হোৱা নাছিল, কাৰণ তেওঁৰ প্ৰৱণতা আছিল বস্তুগত জীৱনতকৈ আধ্যাত্মিকতাৰ প্ৰতি।
১৯৫০ চনত তেওঁ নিজৰ ঘৰুৱা জীৱন সম্পূৰ্ণৰূপে ত্যাগ কৰি বৃন্দাবনলৈ গৈ সাধুৰ জীৱন গ্ৰহণ কৰে। তাতেই তেওঁ শ্ৰী ৰাধা দামোদৰ মন্দিৰত বাস কৰি ভাগৱত, ভাগৱত পুৰাণৰ দৰে গ্ৰন্থ অনুবাদ আৰু লিখা আৰম্ভ কৰে।
১৯৫৯ চনত তেওঁ সন্ন্যাস গ্ৰহণ কৰি বৈষ্ণৱ সন্ন্যাসী হয়।
আমেৰিকা ভ্ৰমণ – বিশ্ব প্ৰচাৰৰ আৰম্ভণি:
শ্ৰীল প্ৰভুপাদে গুৰুৰ আদেশ অনুসৰি ১৯৬৫ চনত আমেৰিকালৈ যোৱাৰ সিদ্ধান্ত লয়। তেতিয়া তেওঁৰ বয়স আছিল ৬৯ বছৰ। তেওঁৰ হাতত আছিল মাত্ৰ ৪০ টকা আৰু ভাগৱতৰ কিছু প্ৰতিলিপি আৰু স্বাস্থ্যজনিত সমস্যা থকা সত্ত্বেও তেওঁ ‘জলডুটা’ জাহাজেৰে আমেৰিকালৈ ৰাওনা হয়।
এই যাত্ৰাত তেওঁ দুবাৰকৈ সাগৰত হাৰ্ট এটেক হৈছিল যদিও শ্ৰীকৃষ্ণৰ কৃপাত তেওঁ সুস্থ হৈ থাকিল। ১৯৬৫ চনত তেওঁ নিউয়ৰ্কত উপস্থিত হয়। প্ৰথম অৱস্থাত তেওঁ চৰম অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কেতিয়াবা পাৰ্কত শুব লগা হৈছিল, কেতিয়াবা ভোকত থাকিব লগা হৈছিল। কিন্তু তেওঁৰ বিশ্বাস অদম্য আছিল।
ISKCON প্ৰতিষ্ঠা:
১৯৬৬ চনত তেওঁ ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ISKCON) প্ৰতিষ্ঠা কৰে। ইয়াৰ মূল উদ্দেশ্য আছিল –
• শ্ৰী কৃষ্ণ ভক্তিৰ প্ৰসাৰ,
• ভাগৱত আৰু বৈদিক জ্ঞান বিশ্বজুৰি বিয়পাই দিয়া,
• আধ্যাত্মিক জীৱনৰ শিক্ষা দিয়া
আমেৰিকা, ইউৰোপ, এছিয়া আৰু অষ্ট্ৰেলিয়াকে ধৰি ইস্কনক কেইবছৰমানৰ ভিতৰতে বিশ্বজুৰি সম্প্ৰসাৰণ ঘটিল। লাখ লাখ মানুহে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিবলৈ আৰম্ভ কৰিলে আৰু ভক্তিৰ পথ গ্ৰহণ কৰিলে।
মুখ্য ৰচনা আৰু অৱদান:
• ভাগৱত যথাৰূপঃ সহজ ভাষাত গীতাৰ অনুবাদ আৰু ব্যাখ্যা কৰে।
• শ্ৰীমদ্ভাগৱত মহাপুৰাণ (১৮,০০০ পদৰ অনুবাদ): ইংৰাজী ভাষাত অনুবাদ কৰে।
• চৈতন্য চৰিতমৃতাঃ শ্ৰী চৈতন্য মহাপ্ৰভুৰ জীৱন আৰু শিক্ষাৰ বিশদ বিৱৰণ লিখে।
• ১০০ টাতকৈও অধিক ইস্কন মন্দিৰ স্থাপন।
• বিশ্বজুৰি গোশালা, বৈদিক বিদ্যালয় (গুৰুকুল), আৰু আধ্যাত্মিক কৃষি সম্প্ৰদায়ৰ আৰম্ভণি কৰে।
তেওঁৰ মূল শিক্ষাসমূহঃ
• প্ৰভুৰ পবিত্ৰ নাম জপ কৰা উচিত।
• জীৱনৰ উদ্দেশ্য হৈছে কেৱল ঈশ্বৰৰ সেৱা কৰা।
• মাংস খোৱা, মদ্যপান, জুৱা আৰু অনৈতিক সম্পৰ্ক পৰিহাৰ কৰা উচিত।
• নিয়মিতভাৱে হৰি নাম জপ আৰু ভাগৱত অধ্যয়ন কৰা।
• সন্তসকলৰ লগত সংগতি ৰাখি সাত্ত্বিক জীৱন যাপন কৰা।
তেওঁৰ আটাইতকৈ বিখ্যাত মন্ত্ৰটো হ’ল-
• এই মহা মন্ত্ৰ জপ কৰা উচিত “হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে। হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে”
( দিনত ১৬ মালা )
মৃত্যু আৰু উত্তৰাধিকাৰ:
শ্ৰীল প্ৰভুপাদে ১৯৭৭ চনৰ ১৪ নৱেম্বৰত বৃন্দাবনত নিজৰ মৰ্ত্য দেহ এৰি জীৱনৰ শেষলৈকে সেৱা আগবঢ়াইছিল। তেওঁৰ সমাধি মন্দিৰ বৃন্দাবনৰ ইস্কন মন্দিৰত অৱস্থিত।
আজি তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ইস্কন প্ৰতিষ্ঠানটোৱে বিশ্বজুৰি ৬০০ৰো অধিক মন্দিৰ, হাজাৰ হাজাৰ ভক্তি কেন্দ্ৰ আৰু লাখ লাখ ভক্তৰ জৰিয়তে শ্ৰীকৃষ্ণ ভক্তিৰ প্ৰচাৰ চলাই আছে। তেওঁৰ অনুবাদিত শাস্ত্ৰসমূহ ৮০টাতকৈও অধিক ভাষাত উপলব্ধ।
শ্ৰীল প্ৰভুপাদ কেৱল সাধু নাছিল, যুগপুৰুষ আছিল। তেওঁ পশ্চিমীয়া দেশত সিঁচা সনাতন ধৰ্ম, বৈদিক সংস্কৃতি আৰু কৃষ্ণ ভক্তিৰ বীজ আজিও সমগ্ৰ বিশ্বতে ফুলি উঠিছে। তেওঁৰ জীৱনে দেখুৱাইছে যে অসম্ভৱকো অদম্য বিশ্বাস, দৃঢ়তা আৰু ভক্তিৰে সম্ভৱ কৰি তুলিব পাৰি।