গুৱাহাটীৰ এখন হোটেলত ৫০ টকাত মাছ, মাংস ভাত
By Good Assam
আজিৰ মূল্য বৃদ্ধিৰ দিনত ৫০ টকাতে ভাত পোৱা অসম্ভৱ।
কিন্তু কিছুমান এনে ভগৱান সদৃস মানুহ আছে যি নিজৰ উপাৰ্জনত অতি লাভ নিবিচাৰে। তেওঁলোকে মাথো চলি থাকিব পৰাকৈ উপাৰ্জন কৰে। সেয়েহে তেওঁলোকে ইমান মূল্য বৃদ্ধিৰ দিনটো ৫০ টকাতে মাছ, মাংস ভাত দিব পাৰে।
কেৱল সেয়াই নহ'য়, আপুনি ৫০ টকাতে দাইল, ভাজি, তৰ্কাৰী, মাছ বা মাংস নাইবা কণী পাব আৰু পেট পূৰাই ভাত খাব পাৰিব।
গুৱাহাটীৰ এনে এখন হোটেল হৈছে "বাবা হোটেল"।
ইয়াত বৰ্তমান ৫০ জনকৈ বহি খাব পৰা সুবিধা আছে।
২০১৩ চনৰ পৰা বৰ্তমানলৈকে ইয়াৰ মালিক জনে এই সেৱা আগবঢ়াই আহিছে।
স্থান : ৰামপুৰ, গুৱাহাটী । বিজয় নগৰৰ ব্ৰীজ পাৰ হৈ ৩ কিলোমিটাৰ দূৰত্বত আৰু গুৱাহাটী চয় মাইলৰ পৰা ৫৬ কিলোমিটাৰ নিলগত।
সময় : ৰাতিপুৱা ৪:৩০ বজাৰ পৰা নিশা ১০ বজালৈ।