Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Exoclick

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

চাইনাছৰ সমস্যা: বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণ আৰু আয়ুৰ্বেদিক চিকিৎসা



চাইনাছৰ সমস্যা: বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণ আৰু আয়ুৰ্বেদিক চিকিৎসা

(অপূৰ্ব দাস)

চাইনাছ কি?

চাইনাছ হৈছে মুখমণ্ডলৰ ( নাক-কপাল ) হাড়ৰ ভিতৰত থকা বায়ুভৰ্ত্তি খোলা স্থানসমূহ, যাক চিকিৎসা ভাষাত "পেৰানেচেল চাইনাছ" (Paranasal Sinus) বোলা হয়। এই চাইনাছসমূহ নাকৰ সৈতে জড়িত থাকে আৰু শ্বাস-প্ৰশ্বাস, মাতৰ গুণমান, আৰু মুখত বায়ু সুমুৱাবলৈ সহায় কৰে। যেতিয়া এই চাইনাছসমূহ প্ৰদাহজনিত বা সংক্ৰমিত হয়, তেতিয়া সেই অৱস্থাক “চাইনাছাইটিছ” (Sinusitis) বুলি কোৱা হয়।



• চাইনাছৰ সমস্যাৰ মুখ্য কাৰণবোৰ :

চাইনাছৰ সমস্যা সাধাৰণতে তলত দিয়া তিনিটা মুখ্য কাৰণৰ ফলত হয়:

• ভাইৰাছজনিত সংক্ৰমণ (Viral infection)

• বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ (Bacterial infection)

• ফাংগাছৰ দ্বাৰা হোৱা সংক্ৰমণ (Fungal infection) 


কোনবোৰ ভাইৰাছে চাইনাছ সৃষ্টি কৰে?

চাইনাছৰ সমস্যা সাধাৰণতে ঠাণ্ডা লগোৱাৰ পৰা আৰম্ভ হয়, যি এটা ভাইৰাছজনিত সমস্যা। তলৰ ভাইৰাছবোৰ চাইনাছৰ সংক্ৰমণৰ বাবে দায়ী:

• ৰাইনোভাইৰাছ (Rhinovirus):
ঠাণ্ডা আৰু চাইনাছৰ আটাইতকৈ সাধাৰণ ভাইৰাছ।

• ইনফ্লুৱেঞ্জা ভাইৰাছ (Influenza Virus):
ফ্লু সৃষ্টি কৰে আৰু চাইনাছৰ প্ৰদাহ বৃদ্ধি কৰে।

• পাৰাইনফ্লুৱেঞ্জা ভাইৰাছ (Parainfluenza):
শিশুৰ মাজত সাধাৰণ আৰু ওপৰৰ শ্বাস-নলী আৰু চাইনাছত প্ৰভাৱ পেলায়।

• কৰ'নাভাইৰাছ (Coronavirus):
COVID-19 নহয়, কিন্তু সাধাৰণ কৰ'নাভাইৰাছে চাইনাছৰ সমস্যা সৃষ্টি কৰিব পাৰে।


কোনবোৰ বেক্টেৰিয়াৰ বাবে চাইনাছ হয়?

ভাইৰাছজনিত সংক্ৰমণ যদি ১০ দিনত সুস্থ নহয়, তেন্তে বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। তলত উল্লেখ কৰা বেক্টেৰিয়াবোৰ দায়ী:

• ষ্টেফাইল’ক’কাছ অ'ৰিয়াছ (Staphylococcus aureus):
চামড়া আৰু নাকত পোৱা যায়, চাইনাছৰ মুখ্য বেক্টেৰিয়া।

• ষ্ট্ৰেপ্ট'ক’কাছ নিউম'নিয়া (Streptococcus pneumoniae): চকু , কাণ, গল, আৰু নাকৰ সংক্ৰমণত সক্ৰিয়।

• হেম’ফিলাছ ইনফ্লুৱেঞ্জা (Haemophilus influenzae):
বিশেষকৈ শিশুৰ মাজত চাইনাছ আৰু কাণৰ সংক্ৰমণ।

• মোৰেক্সেল্লা কেটাৰালিছ (Moraxella catarrhalis):
নাক-গলাত সংক্রমণ আৰু চাইনাছৰ প্ৰদাহ সৃষ্টি কৰে।


চাইনাছৰ লক্ষণ সমূহ :

(১) নাক বন্ধ হোৱা বা নাকৰ পানী ওলোৱা

(২) চকু, কপাল, নাকত বিষ বা শেঙুন জমা হোৱা।

(৩) মূৰৰ বিষ

(৪) গন্ধ আৰু সোৱাদ অনুভৱ কম হোৱা

(৫) জ্বৰ

(৬) কাহ আৰু ভাগৰ

(৭) গলত সুৰসুৰণি বা বিষ


চাইনাছৰ পৰা ৰক্ষা পাবৰ উপায়সমূহ :

(১) নাক পৰিষ্কাৰ কৰি ৰাখিব

(২) বহু পৰিমাণে কুহুমীয়া পানী খাব (ঠাণ্ডা পানী এৰিব)

(৩) ঠাণ্ডা বতৰত মূৰ আৰু নাক ঢাকি ৰাখিব ( মাস্ক পিন্ধিব )
বিশেষকৈ বাহিৰলৈ ওলাই গ'লে।

(৪) মাক্স পৰিধান কৰিলে ধূলি, ধোঁৱা, ফুলৰ ৰেণু আৰু এলাৰ্জিৰ পৰা ৰক্ষা পাব

(৫) ঠাণ্ডা নলগাব । জ্বৰ হ'লে সময়মতে চিকিৎসা কৰিব

(৬) ভাঁপ ল’ব আৰু আর্দ্ৰতা ৰক্ষা কৰিব


আয়ুৰ্বেদত চাইনাছৰ সমাধান :

আয়ুৰ্বেদ অনুসৰি, চাইনাছক “পীনস” (Peenasa) বুলি কোৱা হয়। এইটো সাধাৰণতে বাত আৰু কফ দোষৰ বাবে সৃষ্টি হয়। ইয়াৰ চিকিৎসা কৰা হয় ত্ৰিদোষ সমতা আৰু নস্য চিকিৎসাৰ জৰিয়তে।

1. ত্ৰিফলা চূৰ্ণ

শৰীৰ ডিটক্স কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
ব্যৱহাৰ: ৰাতিপুৱা দিনত এবাৰ আধা বা এচামুচ গৰম পানীৰ সৈতে খাব পাৰে।

2. নস্য কৰ্ম (Nasya Therapy)

নাকত আয়ুৰ্বেদিক তেল প্ৰয়োগ কৰাৰ এটি প্ৰক্ৰিয়া।
ব্যৱহাৰ: “অনু তেল” বা “শদবিন্দু তেল” দুয়োটা নাকত ২ আৰু ২ টোপাল প্ৰয়োগ কৰিব।

3. হালধি আৰু মৌ

হালধিত আছে বেক্টেৰিয়া আৰু ভাইৰাছ নাশক গুণ।
ব্যৱহাৰ: ১ চামুচ মৌত আধা চামুচ হালধি মিশ্ৰণ কৰি পুৱা খাব পাৰে।

4. তুলসীৰ কাঢ়া

৪ খন তুলসী পাত, ২টা লং , ১ টুকুৰা আদা, ৩ টা জাতি জালুক ( গোল মৰিচ ) আৰু গুড় দি কাঢ়া বনাওক।
দিনত ১-২ বাৰ খাব পাৰে । চাইনাছৰ পৰা আৰাম দিব।

5. ভাঁপ লোৱা (Steam Therapy)

গৰম পানীত পুদিনা বা ইউকেলিপ্টাছ তেল দি ভাঁপ ল’ব। সেইদৰে কফ ওলায় আৰু চাইনাছ প্ৰদাহ হ্ৰাস পায়।

6. চ্যৱনপ্ৰাশ

ৰোগ-প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।
দৈনন্দিন খোৱাৰ বাবে উপযুক্ত।


চাইনাছৰ বাবে উপযুক্ত আয়ুৰ্বেদিক ঔষধসমূহ :


• চিতোপলাদী চূৰ্ণ – কফ, চাইনাছ , জ্বৰত উপকাৰী

• সঞ্জীৱনী বটি – জ্বৰ, কাহ আৰু বিষ নাশত সহায়ক

• লক্ষ্মী বিলাস ৰস – চাইনাছ, কফ আৰু শ্বাসত উপকাৰী

• অনুতেল – নস্য চিকিৎসাৰ বাবে উপযুক্ত

• তালিছাদি চূৰ্ণ – গল, নাক আৰু মূৰৰ বিষত আৰাম দিয়ে


চাইনাছ ৰোগীৰ বাবে আয়ুৰ্বেদিক দিনচৰ্যা :

(১) পুৱা উঠিয়েই গৰম পানী খাব

(২) অনুতেল ব্যৱহাৰ কৰি নাক পৰিস্কাৰ কৰিব

(৩) যোগ আৰু প্ৰাণায়াম (বিশেষকৈ অনুলোম-বিলোম, ভস্ত্ৰিকা) অনুশীলন কৰিব

(৪) পুৱা হালধি যুক্ত গৰম আহাৰ খাব

(৫) দিনত ২ বাৰ গৰম পানীৰ ভাঁপ ল’ব

(৬) ৰাতিপুৱা আধা চামুচ ত্ৰিফলা চূৰ্ণ বা আধা চামুচ হালধি মিহলি গাখীৰ খাব।


চাইনাছ এটি সাধাৰণ কিন্তু বেয়া বেমাৰ, যি ভাইৰাছ, বেক্টেৰিয়া বা এলাৰ্জিৰ দ্বাৰা সৃষ্টি হয়। সময়মতে যত্ন, আয়ুৰ্বেদিক ঔষধ আৰু নাকৰ যত্নেৰে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। এলোপেথিৰ তুলনাত আয়ুৰ্বেদ অধিক নিৰাপদ আৰু দীঘলীয়া সমাধান দিয়ে।

স্বাস্থ্যকৰ জীৱনশৈলী, নিয়মীয়া যোগ, আৰু প্ৰাকৃতিক ঔষধৰ সহায়ত চাইনাছৰ পৰা স্থায়ী মুক্তি লাভ কৰিব পাৰি।







Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection