যদি শৰীৰত অত্যধিক তাপ অনুভৱ হয় তেন্তে ইয়াৰ ফলত লিভাৰ, বৃক্ক আৰু হজম শক্তিৰ সমস্যা কিয় হয়? জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
ভাৰতৰ দৰে উষ্ণ জলবায়ু থকা দেশত গ্ৰীষ্মকালত শৰীৰত তাপ বৃদ্ধি পোৱাটো এটা সাধাৰণ কিন্তু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে। শৰীৰত যেতিয়া অত্যধিক তাপ (Body Heat / Internal Heat) সৃষ্টি হয় তেতিয়া ই আমাৰ গুৰুত্বপূৰ্ণ অংগ যেনে লিভাৰ, বৃক্ক আৰু পাচনতন্ত্ৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এই লেখাটোত শৰীৰত তাপ কিয় বৃদ্ধি পায় আৰু এই অংগবোৰৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰে সেই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে।
শৰীৰত তাপ বৃদ্ধিৰ কাৰণসমূহঃ
(১) ঋতুভিত্তিক প্ৰভাৱ – গ্ৰীষ্মকালত ৰ’দৰ তীব্ৰ তাপ আৰু আৰ্দ্ৰতাৰ বাবে শৰীৰৰ উষ্ণতা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পায়।
(২) গৰম বস্তু সেৱন – জলকীয়া, চৰ্বি , তেল, ভজা খাদ্য, টেঙা খাদ্য, জাংক ফুড, চাহ-কফি, মদ আদিয়ে শৰীৰত তাপ বৃদ্ধি কৰে।
(৩) পানী কমকৈ খোৱা – শৰীৰত তাপ বৃদ্ধি হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল ডিহাইড্ৰেচন (পানীৰ অভাৱ)।
(৪) হৰম’নৰ ভাৰসাম্যহীনতা – থাইৰয়ড বা অন্যান্য হৰম’নৰ বিকাৰে শৰীৰত তাপ বৃদ্ধি কৰিব পাৰে।
(৫) মানসিক চাপ আৰু উদ্বেগ – মানসিক চাপেও শৰীৰত তাপৰ সৃষ্টি কৰে।
(৬) শাৰীৰিক শ্ৰম বা ব্যায়াম – অত্যধিক শাৰীৰিক পৰিশ্ৰম বা জিমিং কৰিলে শৰীৰৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। সেয়েহে অতিপাত ব্যায়াম বা পৰিশ্ৰমো ক্ষতিকাৰক।
শৰীৰৰ উত্তাপ বৃদ্ধি হ’লে কেনেকৈ যকৃত, বৃক্ক আৰু হজম শক্তিৰ সমস্যা হয়?
১/ যকৃতত প্ৰভাৱ
যকৃত হৈছে শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ যিয়ে হজমৰ বাবে পিত্ত উৎপন্ন কৰে, বিষাক্ত পদাৰ্থ আঁতৰায় আৰু তেজ পৰিষ্কাৰ কৰে। যেতিয়া শৰীৰত তাপ বৃদ্ধি পায়, তেতিয়া:
• পিত্ত দোষ বৃদ্ধি হয় (আয়ুৰ্বেদ মতে) যাৰ ফলত যকৃতত ফুলা, চাপ বা প্ৰদাহ হ’ব পাৰে।
• ফেটি লিভাৰ বা লিভাৰ চিৰ’ছিছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
• অত্যাধিক তাপে যকৃতৰ বিষাক্ত পদাৰ্থ প্ৰক্ৰিয়াকৰণৰ ক্ষমতা হ্ৰাস কৰে, যাৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি পায়।
• জণ্ডিচৰ সমস্যা হ’ব পাৰে।
২/ বৃক্কত প্ৰভাৱ
বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। শৰীৰত অতি উত্তাপ পালে তলত দিয়া সমস্যাবোৰ হ'ব পাৰে -
• ডিহাইড্ৰেচনৰ ফলত প্ৰস্ৰাৱ কম হয়, যাৰ ফলত বিষাক্ত পদাৰ্থ ওলাই নাযায়।
• বৃক্কত অধিক চাপ পৰিলে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
• শৰীৰৰ পানী আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত হয়।
• প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু বৃক্ক প্ৰদাহৰ সম্ভাৱনা বৃদ্ধি পায়।
• যদি এনেদৰে দীৰ্ঘদিন ধৰি থাকে তেন্তে দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ আৰম্ভ হ’ব পাৰে।
৩/ পাচনতন্ত্ৰত প্ৰভাৱ
• শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ আধাৰ হ’ল পাচনতন্ত্ৰ। যেতিয়া শৰীৰটো বেছি গৰম হৈ পৰে তেতিয়া তলত উল্লেখ কৰা সমস্যাবোৰ দেখা দিয়ে -
• পিত্তৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত এচিডিটি, হাৰ্টবাৰ্ণ, গেছৰ সমস্যা হয়।
• ভোক কমি যোৱা, খাদ্য সঠিকভাৱে হজম কৰিব নোৱাৰা, পেটত গধুৰ হোৱা আদি লক্ষণে দেখা দিয়ে।
• অত্যধিক তাপৰ ফলত অন্ত্ৰত প্ৰদাহ আৰু ডায়েৰিয়া , IBS বা কোষ্ঠকাঠিন্য হ’ব পাৰে।
• গৰমৰ ফলত শৰীৰৰ আভ্যন্তৰীণ বিষ হয় যাৰ ফলত বমি, বমি বমি লগা আৰু পেটৰ বিষ হয়।
• দুৰ্বল যকৃতে পাচন এনজাইমৰ উৎপাদন হ্ৰাস কৰে যাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়।
• শৰীৰ অত্যাধিক গৰম হৈ থাকিলে এইবোৰ অন্যান্য লক্ষণ দেখা দিয়ে -
- ছালত পিম্পল, মুখৰ আলচাৰ
- অত্যধিক ঘাম ওলোৱা, মূৰ ঘূৰোৱা
- টোপনিৰ অসুবিধা
- চকুত জ্বলা-পোৰা হোৱা
- অলপতে খং উঠা
- ক্লান্তি আৰু মানসিক অস্থিৰতা
প্ৰতিৰোধৰ টিপছ -
১/ খাদ্যাভ্যাস উন্নত কৰক
• নাৰিকলৰ পানী, তৰমুজ, নেমুৰ চৰ্বত, মাখন, দৈ, আম আদি ঠাণ্ডা প্ৰকৃতিৰ খাদ্য গ্ৰহণ কৰক। কিন্তু বেছিকৈ সেৱন নকৰিব।
• টেঙা, মচলা , চৰ্বি, তেল আৰু ভজা খাদ্যৰ পৰা আঁতৰি থাকক।
• পানী বেছিকৈ খাব লাগে (দিনে কমেও ৩-৪ লিটাৰ)।
• চাহ, কফি, মদৰ দৰে গৰম পদাৰ্থৰ সেৱন সীমিত কৰক।
২/ জীৱনশৈলীৰ পৰিৱৰ্তন
• গ্ৰীষ্মকালত পাতল কপাহী কাপোৰ পিন্ধিব।
• নিশা ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত গৰম ৰ’দত ওলাই নাযাব।
• যোগ আৰু প্ৰাণায়াম কৰক – বিশেষকৈ শীতলি, শীতকাৰী আৰু অনুলোম-বিলোম প্ৰাণায়াম।
• নিশা সোনকালে আৰু সময়মতে শুব আৰু ৰাতিপুৱা সোনকালে উঠিব। মʼবাইল, কম্পিউটাৰৰ ব্যৱহাৰ কম কৰিব।
৩/ ঘৰুৱা উপায়
• আমলখি , এলোভেৰা সেৱন কৰক – এইবোৰে শৰীৰ শীতল কৰি লিভাৰ শক্তিশালী কৰে।
• কিচমিচ তিয়াই থোৱাৰ পিছত খোৱাটো উপকাৰী।
• ক’লা নিমখৰ সৈতে নেমু-পানী খালে শৰীৰ শীতল হয়।
• আপেলৰ চিৰাপ আৰু কুঁহিয়াৰৰ ৰসে শৰীৰৰ তাপ আঁতৰোৱাত সহায়ক। ২-৩ খন পাতেগজা পাতৰ ৰস এগিলাছ পানীৰ সৈতে খালেও বহু উপকাৰী।
আয়ুৰ্বেদিক দৃষ্টিভংগী -
আয়ুৰ্বেদৰ মতে শৰীৰত তিনিটা দোষ আছে – বাত, পিত্ত আৰু কফ । গৰমৰ দিনত পিত্ত দোষ বহু পৰিমাণে বৃদ্ধি পায়, যাৰ ফলত শৰীৰত যকৃত আৰু হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়।
পিত্তৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ঠাণ্ডা প্ৰকৃতিৰ খাদ্য আৰু জীৱনশৈলী গ্ৰহণ কৰাটো প্ৰয়োজনীয়।
শৰীৰত অত্যধিক তাপ থাকিলে আৰু সময়মতে সমাধান নহ’লে যকৃত, বৃক্ক আৰু পাচনতন্ত্ৰৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
জীৱনশৈলীৰ সৰু সৰু পৰিৱৰ্তন আৰু প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা এই অংগবোৰ সুৰক্ষিত কৰি ৰাখিব পাৰি। শৰীৰত ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে স্বাস্থ্যৰ মৌলিক মন্ত্ৰ।
"উষ্ণতা শৰীৰৰ বাহিৰত হওক বা ভিতৰত হওক, নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়, নহ'লে ই স্বাস্থ্যৰ বাবে বিপজ্জনক হ'ব পাৰে।"