ৰাতি কিয় শাক খাব নালাগে? ৰাতি কিমান সময়ত আৰু কেনেধৰণৰ খাদ্য খাব লাগে? জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
ভাৰতত পৰম্পৰাগত আয়ুৰ্বেদিক জীৱনশৈলী আৰু আধুনিক বিজ্ঞান দুয়োটাই এই কথাত গুৰুত্ব আৰোপ কৰে যে খাদ্য খোৱাৰ সঠিক সময় থাকে। শৰীৰৰ জৈৱিক ঘড়ী অনুসৰি ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ প্ৰকৃতি আৰু সময় নিৰ্ণয় কৰিব লাগে। বিশেষকৈ ৰাতিৰ আহাৰ গ্ৰহণে শৰীৰৰ পাচন ক্ষমতা, টোপনি আৰু সম্পূৰ্ণ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। এই লেখাটোত আপুনি জানিবলৈ পাব
• আমি ৰাতি শাক কিয় খাব নালাগে?
• ৰাতি কেনেধৰণৰ খাদ্য খাব লাগে?
• আমি ৰাতিৰ আহাৰ কিমান বজাত খাব লাগে?
ৰাতি শাক কিয় খাব নালাগে?
সেউজীয়া পাত ,যেনে সেউজীয়া অৰ্থাৎ কচু পাত, মেথি, সৰিয়হ, লাই, লফা, পালেং আদি অতি পুষ্টিকৰ। কিন্তু ৰাতি খোৱাৰ পৰা বিৰত থকাটো ভাল। কিয়নো ,ইয়াৰ আঁৰত কিছুমান বৈজ্ঞানিক আৰু আয়ুৰ্বেদিক কাৰণ আছে:
(১) গধুৰ আৰু লেহেমীয়া হজম হোৱা খাদ্য:
সেউজীয়া শাকত অধিক পৰিমাণৰ আঁহ থাকে, যিটো হজম শক্তিৰ বাবে উপকাৰী, কিন্তু ৰাতি শৰীৰৰ পাচন শক্তি লেহেমীয়া হয়। এনে পৰিস্থিতিত সেউজীয়া শাক হজম হ’বলৈ সময় লাগে আৰু পেটটো গধুৰ অনুভৱ হয়।
(২) গেছ আৰু এচিডিটিৰ সমস্যা :
সেউজীয়া শাক-পাচলিত কিছুমান বিশেষ ধৰণৰ যৌগ যেনে অক্সালেট থাকে, যাৰ ফলত ৰাতি গেছ, এচিডিটি আৰু পেট ফুলাৰ ৰোগ হ’ব পাৰে।
(৩) শৰীৰত বাত দোষ বৃদ্ধি কৰে:
আয়ুৰ্বেদৰ মতে ৰাতিৰ সময় "বাত কাল"। এই সময়ত বাত বৃদ্ধি কৰা পদাৰ্থ, যেনে- কেঁচা বা ঠাণ্ডা শাক-পাচলি আদি খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত গাঁঠিৰ বিষ, পেটৰ বিষ, কোষ্ঠকাঠিন্য, গেছ আদি সমস্যা হ’ব পাৰে।
(৪) টোপনিৰ বিকাৰ:
ৰাতি সেউজীয়া শাক খালে পেট গধুৰ হৈ পৰে আৰু ভাল টোপনি নাহে। ইয়াৰ ফলত পিছদিনা ৰাতিপুৱা শৰীৰটো ভাগৰুৱা আৰু গধুৰ অনুভৱ হয়।
(৫) সতেজতাৰ অভাৱ:
প্ৰায়ে মানুহে দিনত ৰখা সেউজীয়া শাক ৰাতি গৰম কৰি খায়। পুনৰ গৰম কৰা সেউজীয়া শাক-পাচলিয়ে নাইট্ৰেটক নাইট্ৰাইটলৈ ৰূপান্তৰিত কৰে, যিয়ে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
ৰাতি কেনেধৰণৰ খাদ্য খাব লাগে?
ৰাতিৰ আহাৰ আটাইতকৈ লঘু, সহজে হজম আৰু ভাৰসাম্যপূৰ্ণ হ’ব লাগে। যিবোৰ খাদ্য বেছি জ্বলা-মচলা, তেলীয়া নহয়, বেছি টেঙা বা গধুৰ নহয়, সেইবোৰ গ্ৰহণ কৰিব লাগে।
ৰাতিৰ আহাৰত কি কি অন্তৰ্ভুক্ত কৰিব লাগে:
• খিচড়িঃ মুগৰ দালি খিচড়ি লঘু আৰু সোনকালে হজম হয়।
• দাইল-ভাত (কম মছলাযুক্ত) খোৱা উচিত।
• লঘু পাচলি: যেনে- লাউ, অমিতা, আলু ইত্যাদি এই পাচলিবোৰ সোনকালে হজম হয়।
• গৰমৰ দিনত ৰাতিৰ আহাৰত অলপ দৈ খাব পাৰি কিন্তু শীতকালত ইয়াক পৰিহাৰ কৰিব লাগে।
ৰাতি কি কি খাব নালাগে:
অত্যধিক ভজা খাদ্য , ফুলকবি, কেপচিকাম, ব্ৰকলি, সেউজীয়া গধুৰ শাক-পাচলি, কটেজ চীজ বা গধুৰ গাখীৰৰ সামগ্ৰী, অত্যধিক জ্বলা, টেঙা বা তিতা খাদ্য, চাহ-কফি, চকলেট (ইয়াত কেফেইন থাকে যিয়ে টোপনিত বাধা দিয়ে)।
ৰাতিৰ আহাৰ কিমান বজাত লব লাগে?
এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বেছিভাগ মানুহেই ৰাতিৰ আহাৰ অতি দেৰিকৈ খায়, যিটো বহু ৰোগৰ মূল হৈ পৰে।
সঠিক সময়: ৰাতিৰ আহাৰ শুৱাৰ কমেও ২ৰ পৰা ৩ ঘণ্টা আগতে খাব লাগে। উত্তম সময়: নিশা ৭:০০ বজাৰ পৰা ৮:০০ বজাৰ ভিতৰত।
পলমকৈ খোৱাৰ ফলত কি ক্ষতি হ'ব পাৰে?
• মেদবহুলতা বৃদ্ধি কৰে
• ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ আশংকা
• পাচনতন্ত্ৰৰ সমস্যা (কোষ্ঠকাঠিন্য, গেছ, এচিডিটি)
• টোপনিৰ মান কমা
• ছালৰ ওপৰত প্ৰভাৱ- ডাৰ্ক চাৰ্কল, ব্ৰণ, বলিৰেখা ইত্যাদি।
• আয়ুৰ্বেদিক দৃষ্টিভংগী: ৰাতিৰ আহাৰ লঘু আৰু সহজে হজম হ’ব লাগে।
• খাদ্য খোৱাৰ পিছত লগে লগে শুব নালাগে: খোৱাৰ পিছত ১০-১৫ মিনিট খোজ কাঢ়িব লাগে।
• টিভি বা মোবাইল চাই থাকি নাখাব। মন-মগজুৰে খাদ্য গ্ৰহণ কৰিলে হজম শক্তি উন্নত হয়।
• খাদ্যৰ সময়ত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক। পেটৰ এটা অংশ খালী ৰাখক - "১/২ খাদ্য, ১/৪ জল, ১/৪ বায়ু" থকা উচিত।
• খাদ্য খোৱাৰ আধা ঘণ্টা আগতে পানী খাব লাগে: কিন্তু খাদ্য খোৱাৰ লগে লগে অতিৰিক্ত পানী খাব নালাগে।
• ৰাতি ফল নাখাব। ফল সোনকালে হজম নহয়, গতিকে দিনৰ ভাগত খালী পেটত বা ৰাতিপুৱা খালে ভাল।
ৰাতিৰ আহাৰ গ্ৰহণে শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। সেউজীয়া শাকৰ দৰে পুষ্টিকৰ খাদ্য দিনৰ ভাগত খালে উপকাৰী, কিন্তু ৰাতি সেৱন কৰিলে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ৰাতি লঘু, সহজে হজম হোৱা, কম টেঙা আৰু সময়মতে খাদ্য খালে ভাল টোপনি পোৱাই নহয়, মেদবহুলতা, পাচন আৰু ছালৰ সমস্যাও আঁতৰাই ৰাখে। যদি আপুনিও সুস্থ জীৱন বিচাৰে, তেন্তে আজিৰ পৰাই নিশাৰ খাদ্যাভ্যাস এনেদৰে নিয়ম মানি চলি খাওঁক। কমকৈ খাওক, সময়মতে খাওক আৰু লঘু আহাৰ খাওক।