Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

গ্ৰীষ্মকালত কি খাব ? গৰমত কি কৰিব নালাগে - শৰীৰৰ বাবে শীতল কৰা টিপচ্ : Summer Health Tips


গ্ৰীষ্মকালত কি খাব ? গৰমত কি কৰিব নালাগে - শৰীৰৰ বাবে শীতল কৰা টিপচ্

( অপূৰ্ব দাস )

বৰ্তমান গ্ৰীষ্মকালৰ সময়। প্ৰখৰ ৰ’দ, গৰমৰ ঢৌ আৰু গৰম বতাহৰ ফলত অস্বস্তিকৰ হৈ পৰে । এই ঋতুত শৰীৰৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত শৰীৰত পানীৰ অভাৱ, মূৰ ঘূৰোৱা, মূৰৰ বিষ, ভাগৰুৱা আৰু ছালৰ সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত খাদ্যাভ্যাস আৰু জীৱনশৈলী সলনি কৰি শৰীৰ শীতল কৰাটো অতি প্ৰয়োজনীয়।

এই লেখাটোত আপুনি জানিব পাৰিব যে গ্ৰীষ্মকালত কি খাব লাগে, কোনবোৰ অভ্যাস গ্ৰহণ কৰিব লাগে আৰু কোনবোৰ পৰিহাৰ কৰিব লাগে, যাতে এই বতৰত আপুনি সুস্থ হৈ থাকিব পাৰে।


শৰীৰ ঠাণ্ডাহৈ থাকিবলৈ গৰমত কি খাব লাগে?

শৰীৰক শীতলতা প্ৰদান কৰা খাদ্যসমূহ গ্ৰীষ্মকালত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। এনে খাদ্যই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি পানীৰ ভাৰসাম্য ৰক্ষা কৰে।

১/ তিঁহত , ভেণ্ডি, পানী লাউ

তিঁহত পানীৰ পৰিমাণ বেছি। ই শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিয়ে আৰু লগতে হজম শক্তিও সুস্থ কৰি ৰাখে।
লগতে ভেণ্ডি আৰু পানীলাউৰ তৰকাৰী বা ভাজি খাব লাগে।

২/ তৰমুজ 




ই গৰমৰ ছুপাৰফ্ৰুট। ইয়াত থকা পানী, ভিটামিন এ, চি আৰু পটাছিয়ামে শৰীৰক শীতল কৰি ৰাখে। দৈনিক এক বাটি তৰমুজ খাব লাগে।

৩/ আম




কেঁচা আমৰ পৰা তৈয়াৰী চৰ্বতে গৰমৰ পৰা ৰক্ষা কৰে। ই শৰীৰক শীতল কৰি ৰাখে আৰু লগতে শৰীৰৰ পানীৰ অভাৱ ৰোধ কৰে।

৪/ দৈ 

দৈয়ে হজম শক্তি অটুট ৰখাত সহায় কৰে আৰু পেট ঠাণ্ডা কৰে। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে, যাৰ ফলত হজম শক্তি বৃদ্ধি পায়।

৫/ নাৰিকল পানী





নাৰিকল পানীত ইলেক্ট্ৰলাইট থাকে যিয়ে শৰীৰত হেৰুৱা খনিজ পদাৰ্থ পুনৰ ভৰাই দিয়ে। ই ভাগৰ দূৰ কৰে আৰু লগতে ছালখনো উজ্বল কৰে।

৬/ পদিনা আৰু তুলসী

পদিনাই শৰীৰ শীতল কৰে আৰু তুলসীয়ে গ্ৰীষ্মকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এইবোৰৰ পৰা তৈয়াৰী চাটনি খাব পাৰে। ২ খন তুলসী পাত ভাতৰ লগত খাব লাগে।

৭/ নেমুৰ পানী





নেমুৰ পানীত ভিটামিন চি থাকে, যিটো গ্ৰীষ্মকালত অতি উপকাৰী। ইয়াত কিছু পৰিমাণে চেনি আৰু নিমখ দি পান কৰিলে শৰীৰত গ্লুক’জ আৰু ইলেক্ট্ৰ’লাইট যোগান ধৰে। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৮/ কুঁহিয়াৰৰ ৰস 

গৰমৰ বতৰত কুঁহিয়াৰ পানী অতি উপকাৰী। চাহৰ সলনি আপুনি এগিলাছ কুঁহিয়াৰৰ পানী সেৱন কৰা উচিত।


গৰমত কি কৰিব লাগে?

১/ ঢিলা আৰু কপাহী কাপোৰ পিন্ধিব

কপাহ, লিনেনৰ দৰে লঘু কাপোৰ পিন্ধক যিয়ে ঘাম শোষণ কৰে আৰু শৰীৰক শীতল কৰি ৰাখে।

২/ প্ৰচুৰ পৰিমাণে পানী খাব লাগে

গোটেই দিনটো কমেও ৩-৪ লিটাৰ পানী খাব লাগে। ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ নহয় আৰু লগতে ছালখনো সুস্থ হৈ থাকে।

৩/ গছৰ ছাঁ বা ছাতি ব্যৱহাৰ কৰক




ৰ’দত ওলাই যাওঁতে ছাতি বা টুপী ব্যৱহাৰ কৰিব লাগে। ৰ’দৰ পৰা হাত সাৰিবলৈ ছানগ্লাছও পিন্ধিব পাৰে। লগতে ছালত Sunscreen Lotion SPF 50 লগাবলৈ নাপাহৰিব।

৪/ দুপৰীয়া বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক

দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত সূৰ্যৰ ৰশ্মি আটাইতকৈ বেছি। এই সময়ত বাহিৰলৈ ওলাই গ’লে হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়। এইখিনি সময়ত মূৰ ঘূৰাই দিব পাৰে।

৫/ লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে

গ্ৰীষ্মকালত গধুৰ খাদ্য যেনে- তেলত ভজা , চৰ্বি যুক্ত মাংস , জলকীয়া বা অধিক টেঙা পৰিহাৰ কৰক। তাৰ পৰিৱৰ্তে দালি, চাউল, দৈ, শাক-পাচলি আৰু চালাডক অগ্ৰাধিকাৰ দিব লাগে।

৬/ ঠাণ্ডা পানীৰে গা ধুব লাগে

দিনটোত দুবাৰ হ’লেও ঠাণ্ডা পানীৰে গা ধুব লাগে। ইয়াৰ ফলত শৰীৰৰ তাপ কমি যায় আৰু সতেজতা পোৱা যায়। ৰাতিপুৱা আৰু গধূলি গা ধুৱা উচিত।

৭/ ঘৰত গছ-গছনিবোৰক ঠাই দিব লাগে

তুলসী, নিম গছ, এলোভেৰা, পদিনা আদি গছ ঘৰত ৰাখিব। এইবোৰে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে আৰু শীতলতা প্ৰদান কৰে।

গৰমত কি নকৰিব?

১/ বাহি আৰু গধুৰ খাদ্য নাখাব

বাহি খাদ্য সোনকালে নষ্ট হৈ যায়, যাৰ ফলত খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পায়। গধুৰ ( জলকীয়া টেঙা আৰু চৰ্বি যুক্ত খাদ্য ) খাদ্য হজম হ’বলৈ সময় লাগে আৰু শৰীৰ গৰম কৰে।

২) অত্যধিক চাহ-কফিৰ পৰা বিৰত থাকিব লাগে

চাহ আৰু কফিত কেফেইন থাকে যাৰ ফলত শৰীৰৰ পানীৰ অভাৱ হ’ব পাৰে আৰু শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে ।‌ ইয়াৰ পৰিমাণ সীমিত কৰক।

৩/ অত্যধিক ঠাণ্ডা পানী বা ঠাণ্ডা পানীয় খাব নালাগে

অত্যধিক ঠাণ্ডা পানী খালে ডিঙিৰ বিষ বা চৰ্দি হব পাৰে। শীতল পানীয়ত অধিক পৰিমাণে চেনি আৰু ৰাসায়নিক পদাৰ্থ থাকে যিয়ে শৰীৰৰ ক্ষতি কৰে।

৪/ খালী পেটত ঘৰৰ পৰা ওলাই নাযাব

খালী পেটত হিট ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক। কিবা এটা খোৱাৰ পিছতহে বাহিৰলৈ ওলাই যাওক, যেনে ফল-মূল, ভাত।

৫/ বেছি ব্যায়াম নকৰিব

ইতিমধ্যে গৰমৰ দিনত শৰীৰ গৰম হৈ থাকে, গতিকে তীব্ৰ ব্যায়ামৰ ফলত হিট ষ্ট্ৰ’ক হ’ব পাৰে। ৰাতিপুৱা বা গধূলি লঘু ব্যায়াম কৰক।

৬/ মদ বা চিগাৰেট পৰিহাৰ কৰক

এই দুয়োটা বস্তুৰে শৰীৰত পানীৰ অভাৱ কৰে আৰু গ্ৰীষ্মকালত অধিক ক্ষতিকাৰক হৈ পৰে।

৭/ ছালৰ সতেজতাৰ বাবে গোলাপ পানী বা চন্দন ব্যৱহাৰ কৰিব লাগে।

৮/ গৰমৰ পৰা হাত সাৰিবলৈ নাৰিকল তেল বা এলোভেৰা জেল শৰীৰত লগাব লাগে।

৯/ ৰাতি আধা চামুচ ত্ৰিফলা গুড়ি খালে শৰীৰ শুদ্ধ হয় আৰু শীতল হৈ থাকে।

গৰমৰ দিনত শৰীৰক শীতল আৰু পানীৰ অভাৱ দূৰ কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে প্ৰাকৃতিক আৰু পৰম্পৰাগত ঔষধেই উত্তম। লঘু খাদ্য খাই, পৰ্যাপ্ত পৰিমাণৰ পানী, ঠাণ্ডা বস্তু খাই আৰু সঠিক ৰুটিন গ্ৰহণ কৰি আমি এই গ্ৰীষ্মকালটো সহজেই কোনো স্বাস্থ্যজনিত সমস্যা নোহোৱাকৈ পাৰ কৰিব পাৰো।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection