নিশা দেৰিকৈ ৰাতিৰ আহাৰ খোৱা: স্বাস্থ্যৰ বাবে এক বিপদজনক অভ্যাস
( অপূৰ্ব দাস )
আজিৰ ব্যস্ত জীৱনত আমাৰ দৈনন্দিন কাম-কাজ আৰু খোৱাৰ সময়ত এক বৃহৎ পৰিৱৰ্তন হৈছে। বিশেষকৈ চহৰীয়া জীৱনত অফিচৰ সময়, যান-বাহন আৰু অন্যান্য কাৰণত মানুহৰ দেৰিকৈ নিশা ৰাতিৰ আহাৰ খোৱাটো সাধাৰণ কথা হৈ পৰিছে। কিন্তু আপুনি জানেনে যে দেৰিকৈ নিশা খাদ্য গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে? বৈজ্ঞানিক গৱেষণা আৰু আয়ুৰ্বেদ দুয়োটাই নিশ্চিত কৰিছে যে দেৰিকৈ নিশা খাদ্য খোৱাৰ অভ্যাসে বহু ৰোগৰ জন্ম দিয়ে।
(১) পাচনতন্ত্ৰৰ ওপৰত প্ৰভাৱ
আমাৰ পাচনতন্ত্ৰ এটা নিৰ্দিষ্ট সময়ত সৰ্বাধিক সক্ৰিয় হয়, আৰু ৰাতি শুৱাৰ আগতে শৰীৰৰ পাচন প্ৰক্ৰিয়া লেহেমীয়া হয়। আমি যদি ৰাতি দেৰিকৈ খাওঁ তেন্তে শৰীৰে খাদ্য সঠিকভাৱে হজম কৰিবলৈ পৰ্যাপ্ত সময় নাপায়। ইয়াৰ ফলত গেছ, এচিডিটি, বদহজম, কোষ্ঠকাঠিন্য, পাইলচ, ডায়েবেটিচ , উচ্চ ৰক্তচাপ আদি সমস্যা হ’ব পাৰে। ৰাতি ভাত খাই উঠিয়েই শুই থাকিলেও খাদ্যৰ হজম শক্তি অসম্পূৰ্ণ হৈ পৰে, যাৰ ফলত লাহে লাহে পেট গধুৰ, অস্বস্তি আৰু পেটৰ বিভিন্ন বেমাৰ হ'বলৈ আৰম্ভ কৰে।
(২) ওজন বৃদ্ধি আৰু মেদবহুলতা
নিশা দেৰিকৈ খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। আমি যেতিয়া খাদ্য খাওঁ তেতিয়া শৰীৰে ইয়াক প্ৰক্ৰিয়াকৰণ কৰি শক্তিলৈ ৰূপান্তৰিত কৰে। কিন্তু ৰাতি টোপনিৰ সময়ত শাৰীৰিক কাৰ্য্যকলাপ নগণ্য, যাৰ বাবে শৰীৰে চৰ্বি হিচাপে অতিৰিক্ত কেলৰি জমা কৰে। ইয়াৰ ফলত মেদবহুলতা বৃদ্ধি পায় আৰু ওজন নিয়ন্ত্ৰণ কৰাত অসুবিধা হয়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে নিশা দেৰিকৈ খোৱা লোকৰ মাজত মেদবহুলতা, কলেষ্টেৰল ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ লগত জড়িত ৰোগ বেছিকৈ দেখা যায়।
(৩) ডায়েবেটিছ আৰু হৰম’নৰ ভাৰসাম্যহীনতা
গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে শৰীৰত ইনচুলিনৰ মাত্ৰা ভাৰসাম্যহীন হৈ পৰে, যাৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। ৰাতি খাদ্য খোৱাৰ লগে লগে শুলে শৰীৰত তেজৰ চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা হয়। বিশেষকৈ ইতিমধ্যে ডায়েবেটিছ বা প্ৰিডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ এই সমস্যা বেছিকৈ দেখা যায়।
(৪) টোপনিৰ ওপৰত প্ৰভাৱ
খাদ্য খোৱাৰ পিছত শৰীৰক হজম প্ৰক্ৰিয়াত অধিক শক্তিৰ প্ৰয়োজন হয়। আমি যদি খাদ্য খোৱাৰ লগে লগে শুই যাওঁ তেন্তে টোপনিৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ ফলত অনিদ্ৰা, অস্থিৰতা আৰু ভাগৰুৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহু লোকে খাদ্য খোৱাৰ পিছত এচিড ৰিফ্লাক্স আৰু হাৰ্টবাৰ্ণ হোৱাৰ অভিযোগ কৰে, যাৰ ফলত টোপনিৰ ক্ষতি হৈ পৰে। টোপনি ক্ষতি হ'লে শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। বৃদ্ধ অৱস্থাও সোনকালে হয়।
(৫) হৃদৰোগৰ আশংকা
গভীৰ নিশা খাদ্য খোৱাৰ অভ্যাসে কলেষ্টেৰল আৰু ৰক্তচাপৰ মাত্ৰাত প্ৰভাৱ পেলায়, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। ৰাতি দেৰিকৈ খাদ্য খোৱা লোক আনতকৈ হৃদৰোগ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।
(৬) আয়ুৰ্বেদিক দৃষ্টিভংগী
আয়ুৰ্বেদত কোৱা হৈছে যে "ৰাতৌ ভোজনাম ন কুৰ্যত" - অৰ্থাৎ ৰাতি গধুৰ খাদ্য খাব নালাগে। আয়ুৰ্বেদৰ মতে দিনৰ ভাগত সূৰ্য্যৰ লগতে শৰীৰৰ অগ্নি (পাচন শক্তি)ও সক্ৰিয় হৈ থাকে। সূৰ্যাস্তৰ পিছত শৰীৰৰ পাচন জুই লেহেমীয়া হয়, আৰু নিশা দেৰিকৈ খাদ্য গ্ৰহণ কৰিলে শৰীৰত বেয়া পদাৰ্থ গঠন হয়, যাৰ ফলত বহু ৰোগৰ সৃষ্টি হয়।
(৭) ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে কেতিয়া উপযুক্ত সময়?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে শুবলৈ যোৱাৰ কমেও ২ৰ পৰা ৩ ঘণ্টাৰ আগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে। আদৰ্শগতভাৱে ৰাতিৰ আহাৰ সন্ধিয়া ৭:৩০ ৰ পৰা
৮ :৩০ বজাৰ ভিতৰত ল’ব লাগে। ইয়াৰ ফলত শৰীৰে খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় পায় আৰু লগতে টোপনিৰ মান উন্নত হয়।
নিশা দেৰিকৈ ৰাতিৰ আহাৰ খোৱাটো কেৱল এটা অভ্যাস নহয় বৰঞ্চ স্বাস্থ্যৰ প্ৰতিও এক গুৰুতৰ ভাবুকি। এই সৰু গাফিলতিয়ে ভৱিষ্যতে ডাঙৰ ডাঙৰ ৰোগৰ ৰূপ ল’য়। যদি আপুনি সঁচাকৈয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন, তেন্তে আজিৰ পৰাই আপোনাৰ খাদ্যৰ সময় সলনি কৰক। মনত ৰাখিব, "এটা সুস্থ মন এটা সুস্থ শৰীৰত বাস কৰে।" সময়মতে খাদ্য গ্ৰহণ কৰক, সুষম খাদ্য গ্ৰহণ কৰক আৰু দীৰ্ঘ, সুস্থ জীৱন যাপন কৰক।
স্বাস্থ্য সচেতনতাৰ কথা সোঁৱৰাই দিবলৈ মই সদায় আছো আপোনাৰ কাষত।