গৰম আৰু প্ৰখৰ ৰʼদৰ তাপত কেনেকৈ সুস্থ হৈ থাকিব পাৰি?
( অপূৰ্ব দাস )
গ্ৰীষ্মকাল অহাৰ লগে লগে ৰ’দৰ তাপ আৰু বৃদ্ধি পোৱা উষ্ণতাই শৰীৰত বেয়া প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। বিশেষকৈ দিনত প্ৰচণ্ড ৰ’দৰ পোহৰত ওলাই গ’লে হিট ষ্ট্ৰ’ক, মূৰৰ বিষ, পানীলগা, ভাগৰুৱা, মূৰ ঘূৰোৱা, ছালৰ টেনিং আনকি হিট ষ্ট্ৰ’ক আদি গুৰুতৰ সমস্যা হ’ব পাৰে। এই সকলোবোৰৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু দৈনন্দিন জীৱনত কিছু প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব লাগিব।
এই লেখাটোত মই বিতংভাৱে জনাম যে গৰম আৰু প্ৰবল সূৰ্যৰ প্ৰখৰ ৰ'দৰ সময়ত নিজকে কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি –
(১) ৰ’দৰ পৰা ৰক্ষা পাবলৈ লোৱা ব্যৱস্থা
প্ৰচণ্ড সূৰ্য্যৰ পোহৰত বাহিৰলৈ ওলোৱাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগে।
◽কি কৰিব লাগে:
• বাহিৰলৈ ওলাই যোৱাৰ সময়ত ছাতি, টুপী, গামোচা লৈ যাওক।
• চকুৰ সুৰক্ষাৰ বাবে ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে।
• মূৰ আৰু ডিঙি আৰু হাত ঢাকি ৰাখিব লাগে।
• পাতল ৰঙৰ কপাহী কাপোৰ পিন্ধক যিয়ে ঘাম শোষণ কৰে আৰু গৰমৰ পৰা ৰক্ষা কৰে।
শৰীৰক বেছি সময় প্ৰত্যক্ষ সূৰ্যৰ পোহৰত ৰাখিব নালাগে।
◽কি কৰিব নালাগে:
• দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে।
• গাঢ় ৰঙৰ কৃত্ৰিম কাপোৰ পিন্ধিব নালাগে, কাৰণ ইয়াৰ ফলত গৰম আৰু বৃদ্ধি পায়।
(২) শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব
গ্ৰীষ্মকালত ঘাম বেছি হয়, যাৰ ফলত শৰীৰৰ পৰা পানী আৰু নিমখ দুয়োটা হেৰুৱাই পেলায়। ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ, দুৰ্বলতা আৰু মূৰ ঘূৰোৱা আদি সমস্যাৰ সৃষ্টি হয়।
◽কি কৰিব লাগে:
• গোটেই দিনটো কমেও ১০–১২ গিলাচ পানী খাব লাগে।
• নাৰিকল পানী, মাখন, নেমু বা কুঁহিয়াৰৰ চৰ্বত , আমৰ পান্না আদি পৰম্পৰাগত পানীয় সেৱন কৰক।
• তিঁয়হ, তৰমুজ, আঙ্গুৰ , কমলা আদি পানী সমৃদ্ধ ফল খাব লাগে।
◽কি কৰিব নালাগে:
• শীতল পানীয় আৰু পেকিং কৰা বা বটলত থকা মেংগ জুইচ খোৱাৰ পৰা বিৰত থাকক – এইবোৰে শৰীৰক আৰু অধিক পানীহীন কৰি তোলে। কাৰণ ইয়াত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে।
• বেছিকৈ কেফেইন (চাহ-কফি) সেৱন নকৰিব।
(৩) সুষম আৰু লঘু খাদ্য গ্ৰহণ কৰক
গ্ৰীষ্মকালত পাচনতন্ত্ৰৰ গতি লেহেমীয়া হয়, গতিকে গধুৰ মাছ-মাংস-কণী আৰু তেলীয়া খাদ্য পৰিহাৰ কৰিব লাগে।
◽কি খাব লাগে:
• লঘু, সহজে হজম হোৱা আৰু পুষ্টিকৰ খাদ্য যেনে মুগৰ দালি, ভাত, শাক-পাচলি, দৈ আৰু চালাড খাব লাগে।
• ঋতু অনুসৰি ফলমূল আৰু শাক-পাচলি খাব – এইবোৰে শৰীৰক শীতলতা প্ৰদান কৰে।
• দৈ আৰু মাখনে হজম শক্তিত সহায় কৰে আৰু শৰীৰক শীতল কৰি ৰাখে।
◽কি খাব নালাগে:
• অত্যধিক তেল, ঘিউ, জ্বলা-মছলা থকা খাদ্য।
• ভজা সামগ্ৰী যেনে চামোছা, পাকোডা আৰু বজাৰৰ ফাষ্ট ফুড খোৱা উচিত নহয়।
(৪) শীতলতাৰ ঘৰুৱা উপায়
গৰমৰ দিনত শৰীৰক ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা শীতল কৰি ৰখাটো অতি প্ৰয়োজনীয়।
◽ প্ৰতিকাৰ:
• দিনটোত দুবাৰকৈ ঠাণ্ডা পানীৰে গা ধুব লাগে।
• শৰীৰত চন্দন, গোলাপ পানী বা এলোভেৰা জেল ব্যৱহাৰ কৰক – এইবোৰে ছাল ঠাণ্ডা কৰে।
• গা ধোৱা পানীত এচামুচ ডেটল, বা ফিটকিৰি বা নিমৰ পাতৰ ৰস দিব – ইয়াৰ ফলত ছালৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।
(৫) নিয়মিতভাৱে যোগাসন আৰু ধ্যান কৰক
গ্ৰীষ্মকালত অতি গধুৰ ব্যায়াম কৰাৰ পৰিৱৰ্তে লঘু ব্যায়াম কৰক।
◽কি কৰিব লাগে:
• ৰাতিপুৱা ব্ৰহ্মমুহুৰ্তৰ সময়ত বা সূৰ্যাস্তৰ পিছত লঘু যোগাসন কৰক।
• প্ৰাণায়াম, অনুলোম-বিলোম, শীতলী আৰু শীতলকাৰী প্ৰাণায়াম গ্ৰীষ্মকালত উপকাৰী।
• ধ্যানে মানসিক শান্তি দিয়ে আৰু শৰীৰৰ উষ্ণতা সুষম কৰি ৰাখে।
(৬) পৰ্যাপ্ত টোপনি আৰু জিৰণি লোৱাটো প্ৰয়োজনীয়
গ্ৰীষ্মকালত শৰীৰ সোনকালে ভাগৰুৱা হয়, গতিকে জিৰণি লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।
• দিনত অলপ টোপনি লওক (Power Nap)।
• ৰাতি শীতল আৰু বায়ুমণ্ডলীয় ঠাইত শুব লাগে।
• ৭–৮ ঘণ্টা পৰ্যাপ্ত পৰিমাণে টোপনি লোৱা।
• মোবাইল ফোনৰ ব্যৱহাৰ কম কৰক, কাৰণ মোবাইল ফোন ব্যৱহাৰ কৰিলে শৰীৰৰত উষ্ণতা বৃদ্ধি পায়। এইয়া গৱেষণাৰ দ্বাৰা প্ৰমাণিত।
(৭) সংক্ৰমণ আৰু ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি
খাদ্য বিষক্ৰিয়া, ডায়েৰিয়া, বমি আৰু ছালৰ এলাৰ্জী গৰমৰ দিনত সাধাৰণ সমস্যা।
◽ প্ৰতিকাৰ:
• সতেজ আৰু পৰিষ্কাৰ ঘৰুৱা খাদ্য খাব লাগে।
• মুকলি ঠাইত বিক্ৰী হোৱা ফলমূল, ৰস, চাট আদি খাব নালাগে।
• খাদ্য খোৱাৰ আগতে আৰু খোৱাৰ পিছত হাত ধুবলৈ নাপাহৰিব।
• জৰে তৰে পানী খোৱাৰ পৰা সাৱধান হ'ব। কাৰণ বেছিভাগ বেমাৰ খাদ্য আৰু পানীৰ পৰাই হ'য়।
(৮) গৰমত সকাহ দিয়া আয়ুৰ্বেদিক ঔষধ
প্ৰাকৃতিক আৰু আয়ুৰ্বেদিক ঔষধে গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখাত সহায় কৰে।
◽ঘৰুৱা উপায়:
• শীতলি প্ৰাণায়াম – শৰীৰৰ উত্তাপ হ্ৰাস কৰে।
• মিছিৰি আৰু জীৰাৰ পানী – ৰাতিপুৱা খালী পেটত খাব লাগে, হজম আৰু ঠাণ্ডা দুয়োটাৰ বাবে উপকাৰী।
অলপ সাৱধানতা আৰু নিয়মীয়া ৰুটিনে গৰম আৰু প্ৰবল ৰ’দৰ পৰা সুস্থ হৈ থাকিবলৈ অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। পানী খোৱা, লঘু খাদ্য খোৱা, শীতল ৰখা আৰু ৰ’দৰ পৰা ৰক্ষা কৰা – এই সকলোবোৰ সৰু সৰু কথাই একেলগে ডাঙৰ ডাঙৰ ৰোগ প্ৰতিৰোধ কৰে।
গৰমৰ বাবে আতংকিত নহ’ব, কিন্তু ইয়াৰ সৈতে যুঁজিবলৈ কৰিবলৈ বুদ্ধি গ্ৰহণ কৰক। সুস্থ হৈ থাকক, সুখী হৈ থাকক ।