সাৱধান ! এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত যকৃত বিকল হব পাৰে: হেপাটাইটিছ-এৰ বিষয়ে বিতং তথ্য
(লেখক : অপূৰ্ব দাস)
যকৃত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে খাদ্য হজম, বিষাক্ত উপাদানসমূহ নিৰ্মূল, পুষ্টিকৰ উপাদানসমূহ সংৰক্ষণ আদি বহুতো প্ৰয়োজনীয় কামত অংশগ্ৰহণ কৰে। কিন্তু যেতিয়া ই সংক্ৰমিত হয় তেতিয়া শৰীৰৰ সমগ্ৰ কাৰ্য্যক্ষমতা প্ৰভাৱিত হয়। তেনে এটা মাৰাত্মক সংক্ৰমণৰ নাম হ’ল – হেপাটাইটিছ এ।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি প্ৰতি বছৰে ১৪ লাখতকৈ অধিক লোক "হেপাটাইটিছ-এ"ত আক্ৰান্ত হয়। ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত বিশেষকৈ গ্ৰাম্য অঞ্চলত সৌচ, দূষিত পানী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে ইয়াৰ সংক্ৰমণ অধিক দ্ৰুতগতিত বিয়পে। সময়মতে চিকিৎসা নকৰিলে লিভাৰ বিকলতাও হ’ব পাৰে।
হেপাটাইটিছ-এ কি?
হেপাটাইটিছ-এ হৈছে HAV (Hepatitis A Virus)ৰ দ্বাৰা হোৱা সংক্ৰামক ভাইৰাছজনিত ৰোগ। ই মূলতঃ দূষিত পানী আৰু খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি যকৃতত প্ৰদাহ সৃষ্টি কৰে। যদিও ইয়াক হেপাটাইটিছ বি আৰু চিৰ দৰে বিপজ্জনক বুলি গণ্য কৰা নহয়, তথাপিও কিছুমান ক্ষেত্ৰত ইয়াৰ ফলত যকৃতৰ তীব্ৰ বিকলতা হ’ব পাৰে।
হেপাটাইটিছ এ সংক্ৰমণৰ সাধাৰণ লক্ষণ :
যেতিয়া কোনো ব্যক্তি হেপাটাইটিছ এ ভাইৰাছত আক্ৰান্ত হয় তেতিয়া আৰম্ভণিতে লক্ষণবোৰ অতি স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু লাহে লাহে ই লিভাৰৰ কাম-কাজত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।
সংক্ৰমণৰ লক্ষণ – 'হেপাটাইটিছ এ'ৰ লক্ষণঃ
১/ ভাগৰুৱা : শৰীৰত অহৰহ ভাগৰ, কোনো কাম কৰিবলৈ মন নোহোৱা।
২/ ভোক কমি যোৱা : খাদ্যৰ প্ৰতি আগ্ৰহৰ অভাৱ, ৰুচিৰ অভাৱ
৩/ বমি বমি লগা বা বমি হোৱা
৪/ জ্বৰ : দীৰ্ঘদিন ধৰি চলি থকা মৃদু জ্বৰ
৫/ পেটৰ বিষ : বিশেষকৈ সোঁফালৰ ওপৰৰ ফালে (য’ত যকৃত থাকে) ৷
৬/ জণ্ডিচ : ছাল হালধীয়া হোৱা আৰু চকু সেতা বগা হোৱা
প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া বা বাদামী হয়, মলৰ ৰং পাতল হয়
৭/ গাঁঠিৰ বিষ : শৰীৰৰ গাঁঠিত সামান্য বিষ
৮/ প্ৰস্ৰাৱৰ পৰিৱৰ্তন (Dark Urine) প্ৰস্ৰাৱৰ ৰং সাধাৰণতকৈ গাঢ়
৯/ খজুৱতি : বিশেষকৈ ৰাতি শৰীৰৰ মৃদু খজুৱতি হয়
কেতিয়া লক্ষণ দেখা দিয়ে?
হেপাটাইটিছ এৰ ইনকিউবেচন পিৰিয়ড (সংক্ৰমণৰ পিছত লক্ষণ দেখা পোৱাৰ সময়) সাধাৰণতে ১৫ ৰ পৰা ৫০ দিন। বেছিভাগ মানুহৰে ২৮-৩০ দিনৰ ভিতৰত লক্ষণ দেখাবলৈ আৰম্ভ কৰে।
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?
যদি তলত দিয়া কোনো লক্ষণ স্থায়ী হলে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক:
• চকু আৰু ছাল হালধীয়া হোৱা
• বমি বা ভোক কমি যোৱা
• প্ৰস্ৰাৱৰ ৰং গাঢ় হ'লে
• অত্যন্ত ভাগৰ আৰু দুৰ্বলতা হ'লে ।
হেপাটাইটিছ এৰ প্ৰতিৰোধমূলক ব্যৱস্থা:
সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কিছুমান সহজ কিন্তু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ:
১/ পৰিষ্কাৰ পানী ব্যৱহাৰ কৰক
সদায় ফিল্টাৰ কৰি উতলাই ঠাণ্ডা কৰা পানী খাব লাগে। বাহিৰত লেতেৰা বা মুকলি পানী খোৱাৰ পৰা বিৰত থাকক।
২/ পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলক
খাদ্য খোৱাৰ আগতে আৰু শৌচ কৰাৰ পিছত চাবোনেৰে হাত ভালদৰে ধুব লাগে। শিশুসকলকো এই অভ্যাস শিকাওক।
৩/ সতেজ আৰু সিজোৱা খাদ্য খাব
কেঁচা ফলমূল আৰু শাক-পাচলি ভালদৰে ধোৱাৰ পিছতহে খাব লাগে। ৰাজপথৰ খাদ্য আৰু কটা ফল-মূল পৰিহাৰ কৰক।
৪/ টিকাকৰণ
হেপাটাইটিছ এ প্ৰতিৰোধৰ বাবে ভেকচিন উপলব্ধ, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়। শিশু, ভ্ৰমণকাৰী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে এই ভেকচিন গ্ৰহণ কৰিব লাগিব।
আয়ুৰ্বেদিক ঔষধেৰে হেপাটাইটিছ এৰ চিকিৎসাঃ
ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি আয়ুৰ্বেদত যকৃতৰ ৰোগৰ চিকিৎসাৰ বাবে বহুতো ঔষধ আৰু পদ্ধতিৰ বৰ্ণনা কৰা আছে। তলত আয়ুৰ্বেদিক কিছুমান প্ৰধান প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰা হ’ল:
(১) ভূমি আমলখি
ই এক শক্তিশালী লিভাৰ টনিক যিয়ে যকৃতৰ প্ৰদাহ হ্ৰাস কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে। ইয়াৰ ৰস বা গুড়ি দিনে দুবাৰকৈ খাব পাৰি।
(২) কুটকী
এই আয়ুৰ্বেদিক বনৌষধিবিধে যকৃতক মজবুত কৰে আৰু পাচনতন্ত্ৰৰ উন্নতি সাধন কৰে। ১ গ্ৰাম কাটুকিৰ গুড়ি মৌ বা কুহুমীয়া পানীৰ লগত খাব লাগে।
(৩/) গিলয়
গিলয় হৈছে প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী, যিয়ে যকৃতৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। ৰাতিপুৱা খালী পেটত গিলয়ৰ ৰস আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ খালে উপকাৰ হয়।
(৪) পুনৰ্ণৱা
পুনৰ্ণৱা বনৌষধিয়ে যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে আৰু প্ৰদাহ কমায়।
(৫) Liv52
হিমালয়া কোম্পানীৰ ই এবিধ অতি ফলপ্ৰসূ আয়ুৰ্বেদিক ঔষধ। চিকিৎসকৰ পৰামৰ্শ লৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে।
বি:দ্ৰ: আয়ুৰ্বেদিক ঔষধ সদায় বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰিব লাগে।
এলোপেথিক চিকিৎসা:
এলোপেথিক ব্যৱস্থাত হেপাটাইটিছ এৰ কোনো নিৰ্দিষ্ট এন্টিভাইৰেল চিকিৎসা নাই। ইয়াৰ চিকিৎসা মূলতঃ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি কৰা হয়:
১/ জিৰণি লোৱা
শৰীৰক সম্পূৰ্ণ বিশ্ৰাম দিয়াটো প্ৰয়োজনীয়, যাতে যকৃতে নিজে সুস্থ হ’ব পাৰে।
২/ পানীৰ অভাৱ হ'বলৈ নিদিয়া
ৰোগীক পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থ যেনে ORS, লেমনেড, নাৰিকল পানী ইত্যাদি দিয়া হয়।
৩/ ঔষধ
সাধাৰণ ঔষধ জ্বৰ, বমি বা বিষৰ বাবে দিয়া হয়।
চিকিৎসকৰ পৰামৰ্শ মতে লিভাৰ টনিক বা সহায়ক ঔষধো গ্ৰহণ কৰিব পাৰি।
হেপাটাইটিছ এ হ'লে কি খাব নালাগে?
সংক্ৰমণৰ সময়ত যকৃত দুৰ্বল হৈ পৰে, গতিকে কিছুমান খাদ্য পৰিহাৰ কৰাটো প্ৰয়োজনীয়:
১/ ভজা আৰু টেঙা খাদ্য
এই খাদ্যবোৰে যকৃতত অতিৰিক্ত চাপ দিয়ে আৰু প্ৰদাহ বৃদ্ধি কৰে ।
২/ আমিষ খাদ্য
হেপাটাইটিছৰ সময়ত যি কোনো নন-ভেজ পৰিহাৰ কৰিব লাগে কাৰণ ই হজম কৰিবলৈ গধুৰ। যেনে - কণি, মাছ-মাংস, গাখীৰ ইত্যাদি। সৰু মাছ কমকৈ খাব পাৰে।
৩/ অতিৰিক্ত নিমখ আৰু চেনি
ছডিয়াম আৰু চেনিয়ে যকৃতৰ কাম-কাজত প্ৰভাৱ পেলায়।
৪/ মদ্যপান আৰু ধূমপান
এইবোৰ যকৃতৰ বাবে অত্যন্ত ক্ষতিকাৰক। আক্ৰান্ত ব্যক্তিৰ বাবে একেবাৰে নিষিদ্ধ।
কি খাব?
• ডালিয়া, খিচদি, মগু দাইল, ভাত। পেটত চাপ নপৰা লঘু আৰু সহজে হজম হোৱা খাদ্য।
• নাৰিকল পানী, ফলৰ ৰস
শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব ।
• পকা অমিতা, আপেল
সহজে হজম কৰিব পৰা ফল খাব পাৰে।
• কুহুমীয়া পানী
পাচনত সহায় কৰে আৰু শৰীৰক বিষমুক্ত কৰে।
হেপাটাইটিছ-এ এবিধ সংক্ৰামক কিন্তু নিয়ন্ত্ৰণযোগ্য ৰোগ। পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদ্য সুৰক্ষা আৰু ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিলে এই সংক্ৰমণৰ পৰা সহজেই আঁতৰি থাকিব পৰা যায়। সময়মতে টিকাকৰণ, আয়ুৰ্বেদিক আৰু এলোপেথিক চিকিৎসা, আৰু সুষম খাদ্যই যকৃত সুস্থ কৰি ৰাখিব পাৰে।
মনত ৰাখিব, যকৃত হৈছে শৰীৰৰ ‘শক্তি আৰু স্বাস্থ্যৰ ভড়াল’। বেমাৰত পৰিলে ইয়াৰ প্ৰভাৱ গোটেই শৰীৰেই ভোগ কৰে। গতিকে সময়ত সজাগ হওক আৰু যকৃত সুৰক্ষিত ৰাখক।