শাওণ মাহত আৰু একাদশী ব্ৰত পালন কৰাৰ আগতে নিয়ম জানি লওক, ভুলতেও এই ১০ টা কাম নকৰিব।
( Apurba Das )
সনাতন ধৰ্মত একাদশীৰ আৰু শাওণ মাহৰ বিশেষ তাৎপৰ্য আছে। একাদশীৰ দিনটো ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গা কৰা হয় আৰু শাওণৰ মাহত ভগৱান শিৱক আৰাধনা কৰা হ'য়। এই দিনবোৰত সাতত্বিক ( মাছ-মাংস-কণী, সুৰা ত্যাগ কৰি ) জীৱন পালন কৰি ঈশ্বৰৰ পূজা কৰা হয়। একাদশী আৰু শাওণৰ মাহত ব্ৰত ৰখা, মন ভগৱানৰ ভক্তিত লীন হোৱা, বাক-কৰ্মত সংযত হোৱা, ধ্যান আৰু ভজন কৰা আদি মূল উপায় বুলি গণ্য কৰা হয়। অৱশ্যে শাওণৰ মাহত আৰু একাদশীত কেৱল ব্ৰততে সীমাবদ্ধ নহয়। এই দিনটোত কিছুমান বিশেষ বস্তুৰ পৰাও আঁতৰি থকাটো সমানেই জৰুৰী। ব্ৰত ৰাখক বা নাৰাখক কিন্তু এই নিয়ম সমূহ পালন কৰিলেও শাওণৰ মাহত আৰু একাদশীত বিশেষ পুণ্য গুণ পোৱা যায়।
শাওণৰ মাহৰ সোমবাৰে আৰু একাদশীত কি কি পৰিহাৰ কৰিব লাগে :
১/ ভাত নাখাব
একাদশীত ভাত খালে ব্ৰতৰ শক্তিত প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে সেইদিনা ভাত খালে ব্ৰতৰ প্ৰভাৱ কমি যায়। ভাতৰ সলনি গাখীৰ বা অন্যান্য ফল-মূল খোৱা উচিত। শাওণৰ সোমবাৰৰ দিনটো ভাত খাব নালাগে।
২/ আমিষ খাদ্য আৰু মদ পৰিহাৰ কৰক
এই দিনটোত আমিষ খাদ্য যেনে মাংস, মাছ বা সুৰা সেৱন কৰা নিষিদ্ধ। ই কেৱল শৰীৰক গধুৰ কৰি তোলাই নহয় ধ্যান আৰু পূজা-অৰ্চনাতো একাগ্ৰতা বিঘ্নিত কৰে।
৩/ মিছা কথা কোৱা আৰু কাজিয়াৰ পৰা বিৰত থাকক
একাদশীত আৰু শাওণৰ মাহত মন আৰু বাক্যৰ বিশুদ্ধতাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কাৰোবাক মিছা কথা ক’লে, কাজিয়া কৰিলে বা তিক্ত আচৰণ কৰিলে ব্ৰতৰ পবিত্ৰতাৰ ক্ষতি হ’য়।
৪/ কাকো খং নকৰিব
খঙে মনৰ শান্তি কাঢ়ি লৈ যায়। এই দিনটোত শান্ত আৰু সংযত হৈ থকাটো বাঞ্ছনীয় যাতে ধনাত্মক শক্তি থাকে।
৫/ একাদশীত তুলসীৰ পাত ছিঙিব নালাগে আৰু নিশা বেলপাত ছিঙা উচিত নহয়
একাদশীত তুলসী মাতাই নিজেই উপবাস কৰে বুলিও কোৱা হয়। গতিকে এই দিনটোত তুলসীৰ পাত ছিঙিব নালাগে। লগতে নিশাৰ ভাগত বেলপাত ছিঙাও উচিত নহয়।
৬/ দিনত শুব নালাগে
শাওণৰ সোমবাৰে আৰু একাদশীৰ দিনটোত দিনৰ ভাগত শুই থকাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। এনে কৰিলে ব্ৰতৰ সুফল আধালৈ হ্ৰাস পায়। গোটেই দিনটো ধ্যান, জপ আৰু ভক্তিত কটাব লাগে।
৭/ সাধাৰণ নিমখ পৰিহাৰ কৰক
যদি আপুনি উপবাসত আছে তেন্তে সাধাৰণ নিমখৰ সলনি সৈন্ধৱ নিমখ ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা ব্ৰতৰ পবিত্ৰতা অটুট থাকে।
৮/ ক'লা কাপোৰ পিন্ধিব নালাগে
কিছুমান বিশ্বাস অনুসৰি ক’লা কাপোৰক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এই দিনটোত বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধা ভাল।
৯/ ঘৰখন পৰিষ্কাৰ কৰি ৰাখক
পৰিষ্কাৰ-পৰিচ্ছন্নতাই ইতিবাচকতা আনে। এই দিনটোত ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক আৰু নিৰ্মল পৰিবেশত পূজা কৰক।
১০/ বেয়া সংগ আৰু কূ অভ্যাসৰ পৰা আঁতৰি থাকক
এই দিনটোত জুৱা, বাজি বা যিকোনো ভুল কাম - যৌনতা, যৌন গন্ধী বাৰ্তা পৰিহাৰ কৰিব লাগে। একাদশী হৈছে আত্মসংযম আৰু ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ দিন, গতিকে মনটোক নিৰ্মল আৰু কেন্দ্ৰীভূত কৰি ৰখাটো গুৰুত্বপূৰ্ণ।