গেষ্ট্ৰিক সমস্যা আৰু যৌনতা/হস্তমৈথুনৰ মাজত কি সম্পৰ্ক? জানিবলৈ পঢ়িব।
( লেখক : অপূৰ্ব দাস )
আজিকালি বহু ডেকা আৰু প্ৰাপ্তবয়স্ক লোক গেষ্ট্ৰিক প্ৰব্লেম (এচিডিটি, পেট ফুলা, বমি , পেটত জ্বলা-পোৰা)ত অসুবিধা পায়। সাধাৰণতে ইয়াৰ কাৰণ খাদ্য, মানসিক চাপ আৰু জীৱনশৈলী বুলি গণ্য কৰা হয় যদিও অতি কম সংখ্যক লোকেহে জানে যে অত্যধিক হস্তমৈথুন বা অত্যধিক যৌন সম্পৰ্ক কৰিলেও পৰোক্ষভাৱে পাচনতন্ত্ৰ আৰু গেষ্ট্ৰিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।
(১) অত্যধিক যৌন সম্পৰ্ক/হস্তমৈথুনৰ ফলত ভিটামিন বি ১২ৰ অভাৱ হোৱাৰ আশংকা
ভিটামিন বি ১২ শৰীৰৰ এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান, যিটো ৰক্তকণিকা গঠন, স্নায়ুতন্ত্ৰৰ স্বাস্থ্য আৰু শক্তিৰ বাবে প্ৰয়োজনীয়। অত্যধিক যৌন ক্ৰিয়া-কলাপৰ সময়ত (বিশেষকৈ সঘনাই স্খলন) শৰীৰৰ কিছুমান পুষ্টি আৰু খনিজ পদাৰ্থ অহৰহ ক্ষয় হয়।
• বীৰ্য্যত প্ৰটিন, জিংক, চেলেনিয়াম, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফ্ৰুক্ট’জ, আৰু ভিটামিন বি ১২কে ধৰি কিছুমান ভিটামিন থাকে।
• যেতিয়া সঘনাই বীর্যপাত হয় তেতিয়া শৰীৰত এই পুষ্টিকৰ উপাদানসমূহ পুনৰ উৎপাদন কৰি তুলিবলৈ সময়ৰ প্ৰয়োজন হয়। এই পুষ্টিকৰ উপাদানসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ এসপ্তাহ বা ১৫ দিন লাগিব পাৰে।
• যদি খাদ্যত পৰ্যাপ্ত পৰিমাণৰ বি১২ৰ উৎস (যেনে গাখীৰ, কণী, মাছ, দৈ) উপলব্ধ নহয় তেন্তে ক্ৰমান্বয়ে অভাৱ হ’ব পাৰে।
ভিটামিন বি১২ৰ অভাৱৰ ফলত —
• পাচনতন্ত্ৰ দুৰ্বল হ’য়
• পেটত গেছ আৰু এচিডিটি বাঢ়িব পাৰে
• ভোক কমি যোৱা
• হাৰ্টবাৰ্ণ, বদহজম আৰু গেষ্ট্ৰিক আলচাৰৰ সম্ভাৱনা বৃদ্ধি পায়
(২) স্নায়ুতন্ত্ৰ আৰু হজম শক্তিৰ মাজৰ সম্পৰ্ক
শৰীৰৰ স্নায়ুতন্ত্ৰ আৰু পাচনতন্ত্ৰ ইটোৱে সিটোৰ লগত গভীৰভাৱে সংযুক্ত হৈ থাকে। ভিটামিন বি ১২ৰ অভাৱ হ’লে স্নায়ু দুৰ্বল হ’বলৈ আৰম্ভ কৰে। পাচনতন্ত্ৰৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা স্নায়ুৰ কাৰ্যক্ষমতাও কমি যায়, যাৰ ফলত পেটৰ পেশীৰ গতি লেহেমীয়া হয় (পেৰিষ্টালচিছ) আৰু গেছ, কোষ্ঠকাঠিন্য, পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হয়।
(৩) অত্যধিক যৌন কাৰ্য্যৰ অন্যান্য লক্ষণ
• দুৰ্বলতা আৰু ক্লান্তি – পুষ্টিকৰ উপাদানৰ অভাৱত শক্তি হ্ৰাস পায়
• স্মৃতিশক্তি হেৰুৱা – বি১২ৰ অভাৱত প্ৰত্যক্ষভাৱে মগজুত প্ৰভাৱ পৰে
• মানসিক চাপ আৰু খিংখিঙীয়া – হৰম’নৰ ভাৰসাম্যহীনতাই মেজাজত প্ৰভাৱ পেলায়
• মূৰ ঘূৰোৱা – নিম্ন ৰক্তচাপ আৰু দুৰ্বলতাৰ বাবে
• সঘনাই অসুস্থ হোৱা – ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে
◽ শুক্ৰাণুত পোৱা পুষ্টিকৰ উপাদান
বৈজ্ঞানিক গৱেষণাৰ মতে বীৰ্য্যত গড়ে তলত দিয়া পুষ্টিকৰ উপাদানসমূহ পোৱা যায়।
• প্ৰটিন: কোষ নিৰ্মাণ আৰু মেৰামতিৰ বাবে
• ফ্ৰুক্ট’জ: শুক্ৰাণুক শক্তি প্ৰদান কৰিবলৈ
• জিংক: টেষ্টষ্টেৰন উৎপাদনৰ বাবে, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে দৰকাৰ
• চেলেনিয়াম: এন্টিঅক্সিডেন্ট, শুক্ৰাণুৰ মান উন্নত কৰিবলৈ
• কেলচিয়াম: পেশী আৰু স্নায়ুৰ বাবে
• মেগনেছিয়াম: হৰম’নৰ ভাৰসাম্যৰ বাবে, মানসিক চাপ কমোৱাৰ বাবে
• পটাছিয়াম: হৃদযন্ত্ৰ আৰু পেশীৰ কাৰ্য্যক্ষমতাৰ বাবে
• ভিটামিন চি : ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু কোষৰ সুৰক্ষাৰ বাবে
• ভিটামিন বি ১২: স্নায়ুতন্ত্ৰ আৰু শক্তি উৎপাদনৰ বাবে
• ফছফৰাছ: হাড় আৰু শক্তিৰ বাবে
👉 যদি এই পুষ্টিকৰ উপাদানসমূহ বাৰে বাৰে ওলাই যায়, তেন্তে নিজেই ভাবি চাওক আপোনাৰ কি হ’ব পাৰে।
◽বয়স অনুযায়ী সুস্থ যৌন/হস্তমৈথুন কৰাৰ নিয়ম:
প্ৰতিজন ব্যক্তিৰ শাৰীৰিক ক্ষমতা, স্বাস্থ্য আৰু পুষ্টিৰ মাত্ৰা বেলেগ বেলেগ, কিন্তু সাধাৰণ স্বাস্থ্যৰ কথা মনত ৰাখি গড় মানদণ্ড তলত দিয়া ধৰণৰ হ'ব পাৰে:
• ১৮ৰ পৰা ২৫ বছৰ – সপ্তাহত ২ – ৩ বাৰ (কোনো বিপদ নাই)
• ২৫ৰ পৰা ৩০ বছৰ – সপ্তাহত ২ বাৰ
• ৩০ৰ পৰা ৩৫ বছৰ – সপ্তাহত ১বাৰ
• ৩৫ ৰ পৰা ৪০/৪৫ বছৰ – ১৫ দিনৰ মূৰে মূৰে ১বাৰ
এই সীমা অতিক্ৰম কৰিলে ভাগৰুৱা, দুৰ্বলতা, পাচনতন্ত্ৰৰ সমস্যা, আৰু স্নায়ুতন্ত্ৰত মানসিক চাপৰ সৃষ্টি হ’ব পাৰে, বিশেষকৈ যদি খাদ্যত পুষ্টিকৰ উপাদান নাথাকে।
• গেষ্ট্ৰিক সমস্যাৰ পৰা হাত সাৰিবলৈ উপায়:-
যদি আপুনি ভাৱে যে আপোনাৰ গেষ্ট্ৰিক সমস্যা যৌন কাৰ্য্যকলাপৰ সৈতে জড়িত, তেন্তে এইবোৰ কথাত মনোযোগ দিয়ক:
• পুষ্টিকৰ খাদ্য খাওক – দৈ ( টেঙা দৈ নাখাব, তাত কিছু নিমখ দিয়াটো গুৰুত্বপূৰ্ণ), পনীৰ, কণীৰ বগা অংশ, মাছ, সেউজীয়া শাক-পাচলি, অংকুৰিত শস্য, আৰু ফল-মূল আদি অন্তৰ্ভুক্ত কৰক।
• অত্যধিক যৌন কাৰ্য্যকলাপ পৰিহাৰ কৰক – শৰীৰক সুস্থ হ’বলৈ সময় দিয়ক।
• মানসিক চাপ কমোৱা – যোগাসন, ধ্যান, আৰু পৰ্যাপ্ত টোপনি লোৱা উচিত।
• সময়মতে খাদ্য গ্ৰহণ কৰক – গভীৰ নিশা বা গধুৰ আহাৰ গ্ৰহণ কৰিলে হজম শক্তিত ব্যাঘাত জন্মিব পাৰে। নিশা ৮:৩০ৰ পৰা ৯:০০ বজাৰ ভিতৰত খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।
• তেলাল, তেলত ভজা, মইদাৰ খাদ্য, মিঠা খাদ্য, তিতা খাদ্য, জ্বলা খাদ্য একেবাৰে ত্যাগ কৰা উচিত।
• ৰাতিপুৱা উঠিয়েই ১-২ গিলাছ খালী পেটত কুহুমীয়া গৰম পানী খোৱা উচিত। আধা ঘণ্টালৈ খাদ্য গ্ৰহণ নকৰিব।
• B12 পৰিপূৰক গ্ৰহণ – যদি চিকিৎসকে অভাৱৰ কথা কয়। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ভিটামিন B12 গ্ৰহণ নকৰিব।
অত্যধিক হস্তমৈথুন বা যৌন সম্পৰ্কই গেষ্ট্ৰিক বা অন্যান্য সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু পুষ্টিকৰ উপাদান বিশেষকৈ ভিটামিন বি ১২ৰ অভাৱ হ’ব পাৰে। এই অভাৱে পাচন আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাই গেষ্ট্ৰিক সমস্যা, ভাগৰ, মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। উপযুক্ত খাদ্যাভ্যাস, সুষম যৌন জীৱন, আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি।