হেপাটাইটিছ A,B,C,D আৰু E ভাইৰাছৰ ফলত হোৱা যকৃতৰ ৰোগৰ পৰা সাৱধান হওক: সংক্ৰমণ, লক্ষণ, প্ৰতিৰোধ আৰু চিকিৎসা
( অপূৰ্ব দাস )
যকৃত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে খাদ্য হজম, বিষাক্ত পদাৰ্থ আঁতৰোৱা, শক্তি জমা কৰা আৰু শৰীৰত বিভিন্ন প্ৰয়োজনীয় প্ৰটিন তৈয়াৰ কৰাৰ কাম কৰে। যকৃতৰ প্ৰদাহ বা সংক্ৰমণ হ’লে ইয়াক হেপাটাইটিছ বুলি কোৱা হয়। এই সংক্ৰমণ বিশেষকৈ হেপাটাইটিছ ভাইৰাছৰ দ্বাৰা হয়, ইয়াৰে পাঁচটা প্ৰধান প্ৰকাৰ – হেপাটাইটিছ এ, বি, চি, ডি আৰু ই।
এই ভাইৰাছবোৰে যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে আৰু সময়মতে চিকিৎসা নকৰিলে জীৱন সংকটজনক বুলি প্ৰমাণিত হ’ব পাৰে। এই ভাইৰাছবোৰ কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ কি, ইয়াৰ প্ৰতিৰোধ আৰু চিকিৎসা কেনেকৈ কৰিব পাৰি, সেই বিষয়ে তলত উল্লেখ কৰা হ'ল -
(১) হেপাটাইটিছ A (HAV): ই কেনেকৈ বিয়পে:
• আক্ৰান্ত ব্যক্তিৰ মলৰ দ্বাৰা দূষিত খাদ্য বা পানীৰ জৰিয়তে।
• পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ বা মুকলিকৈ শৌচ কৰাৰ বাবে।
• দূষিত শাক-পাচলি, কমকৈ সিজোৱা খাদ্য, পথৰ কাষৰ খাদ্য।
◽লক্ষণসমূহঃ
• জ্বৰ
• দুৰ্বলতা
• পেটৰ বিষ
• বমি বমি লগা আৰু বমি হোৱা
• চকু আৰু ছাল হালধীয়া হোৱা (জণ্ডিচ) ৷
• গাঢ় বা হালধীয়া ৰঙৰ প্ৰস্ৰাৱ
◽প্ৰতিৰোধ:
• বিশুদ্ধ পানী আৰু খাদ্য গ্ৰহণ কৰা উচিত।
• বিশেষকৈ শৌচ কৰাৰ পিছত আৰু খাদ্য খোৱাৰ আগতে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক।
• শিশুক হেপাটাইটিছ Aৰ টিকাকৰণ কৰাব লাগে।
◽চিকিৎসা:
• হেপাটাইটিছ Aৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই।
ই নিজাববীয়াকৈ আৰোগ্য হয়।
• ৰোগীক জিৰণি আৰু লঘু সহজে হজম হোৱা খাদ্য দিব লাগে।
• পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে আৰু শৰীৰত পানীৰ অভাৱ হ'বলৈ দিব নালাগে।
(২) হেপাটাইটিছ B (HBV): ই কেনেকৈ বিয়পে:
• সংক্ৰমিত তেজ, বীৰ্য্য বা শৰীৰৰ অন্যান্য তৰল পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে।
• অসুৰক্ষিত যৌন সম্পৰ্ক
• সংক্ৰমিত বেজীৰ ব্যৱহাৰ (ড্ৰাগছ, টেটু, বা চিকিৎসাজনিত কাৰণত)
• গৰ্ভাৱস্থা বা জন্মৰ সময়ত মাতৃৰ পৰা সন্তানলৈ
• সংক্ৰমিত তেজ সঞ্চালন
◽লক্ষণসমূহঃ
• কেতিয়াবা কোনো লক্ষণ দেখা নাযায় (মৌন সংক্ৰমণ) ৷
• ভাগৰুৱা আৰু দুৰ্বলতা
• ভোক কমি যোৱা
• পেশী আৰু গাঁঠিৰ বিষ
• জণ্ডিচ
• জ্বৰ
◽প্ৰতিৰোধ:
• হেপাটাইটিছ বি প্ৰতিৰোধৰ বাবে টিকাকৰণ আটাইতকৈ ফলপ্ৰসূ উপায়।
• তেজ আৰু শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে।
• প্ৰমাণিত ব্লাড বেংকৰ পৰাহে তেজ গ্ৰহণ কৰক।
• বেজী আৰু চিকিৎসা সঁজুলি বীজাণুমুক্ত কৰখ হৈছে নে নাই পৰীক্ষা কৰা উচিত।
◽চিকিৎসা:
• সংক্ৰমণ দীৰ্ঘদিনীয়া (দীৰ্ঘকালীন) হ’লে টেন’ফ’ভিৰ, এণ্টেকাভিৰ আদি ঔষধ দিয়া হয়।
• নিয়মীয়াকৈ যকৃতৰ পৰীক্ষা আৰু চিকিৎসকৰ নিৰীক্ষণৰ প্ৰয়োজন।
• গুৰুতৰ ক্ষেত্ৰত লিভাৰ ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হ’ব পাৰে।
(৩) হেপাটাইটিছ C (HCV): ই কেনেকৈ বিয়পে:
• সংক্ৰমিত তেজৰ সংস্পৰ্শৰ দ্বাৰা।
• পৰীক্ষা নকৰাকৈ তেজ লʼলে।
• সংক্ৰমিত বেজী ব্যৱহাৰ কৰা।
• অসুৰক্ষিত টেটু কৰা।
• যৌন সম্পৰ্কৰ জৰিয়তেও বিয়পিব পাৰে।
◽লক্ষণসমূহঃ
• বেছিভাগ ক্ষেত্ৰতে লক্ষণ দেখা নাযায়।
• ভাগৰুৱা, ভোক নলগা, পেটৰ বিষ।
• সময়ৰ লগে লগে লিভাৰ চিৰ’ছিছ বা লিভাৰ কেন্সাৰ হোৱাৰ আশংকা।
◽প্ৰতিৰোধ:
• বৰ্তমান কোনো ভেকচিন উপলব্ধ নহয়, গতিকে সাৱধানতা একমাত্ৰ সমাধান।
• তেজ লোৱাৰ আগতে পৰীক্ষা কৰাব লাগে।
• ব্যক্তিগত ৰেজাৰ, ব্ৰাছ আদি কাৰো লগত শ্বেয়াৰ নকৰিব।
◽চিকিৎসা:
• এন্টিভাইৰেল ঔষধৰ দ্বাৰা চিকিৎসা সম্ভৱ।
• আজিকালি Direct-Acting Antivirals (DAAs) ৰ দ্বাৰা ৯৫% চিকিৎসা সম্ভৱ।
• চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰক।
(৪) হেপাটাইটিছ D (HDV): ই কেনেকৈ বিয়পে:
• এই ভাইৰাছে ইতিমধ্যে হেপাটাইটিছ বি ৰোগত আক্ৰান্ত লোকসকলকহে আক্ৰান্ত কৰে।
• সংক্ৰমিত তেজ বা শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তে।
• আক্ৰান্ত মাতৃৰ পৰা শিশুলৈ।
• যৌধ সম্পৰ্কৰ দ্বাৰা ।
◽লক্ষণসমূহঃ
• লক্ষণ হেপাটাইটিছ বিৰ দৰেই, কিন্তু অধিক গুৰুতৰ।
• যকৃতৰ দ্ৰুত বিকল হোৱাৰ সম্ভাৱনা থাকে।
◽প্ৰতিৰোধ:
• যিহেতু ই হেপাটাইটিছ বিৰ সৈতে জড়িত, গতিকে বি ভেকচিন ল’লেও (এইচ ডি ভি) প্ৰতিৰোধ কৰিব পাৰি।
◽চিকিৎসা:
• চিকিৎসা সীমিত, কিন্তু ইন্টাৰফেৰন থেৰাপী ব্যৱহাৰ কৰা হয়।
• ৰোগৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি লিভাৰ ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হ’ব পাৰে।
(৫) হেপাটাইটিছ E (HEV): ই কেনেকৈ বিয়পে:
• দূষিত পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ জৰিয়তে।
• আক্ৰান্ত ব্যক্তিৰ মলৰ সংস্পৰ্শত।
◽লক্ষণসমূহঃ
• লক্ষণ হেপাটাইটিছ Aৰ দৰেই।
• গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ই অধিক গুৰুতৰ হ’ব পাৰে, আৰু জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে।
◽প্ৰতিৰোধ:
• বিশুদ্ধ পানী ( ফিল্টাৰ কৰি উতলাই ঠাণ্ডা কৰা) খাব লাগে।
• হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক।
• ৰাজপথৰ খাদ্য আৰু কেঁচা খাদ্য পৰিহাৰ কৰক।
◽চিকিৎসা:
• এই সংক্ৰমণ সাধাৰণতে নিজে নিজে আৰোগ্য হয়।
• গৰ্ভৱতী মহিলাক বিশেষ নজৰ ৰাখিব লাগে।
হেপাটাইটিছ A ৰ পৰা E লৈকে সকলো ভাইৰাছে যকৃতত গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে, কিন্তু সময়মতে চিনাক্তকৰণ, উপযুক্ত চিকিৎসা, টিকাকৰণ আৰু সাৱধানতাৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিৰাপদ যৌন সম্পৰ্ক, টিকাকৰণ, সংক্ৰমিত বস্তুৰ পৰা সুৰক্ষা আদি ব্যৱস্থা গ্ৰহণ কৰি আমি এই ভয়াৱহ ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰো।
যদি ওপৰত উল্লেখ কৰা কোনো লক্ষণ শৰীৰত দেখা যায়, তেন্তে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰি লিভাৰ পৰীক্ষা কৰাব লাগে। এই ৰোগৰ পৰা হাত সাৰিবলৈ সজাগতা আৰু সাৱধানতা আটাইতকৈ ডাঙৰ অস্ত্ৰ।