কোন শ্ৰেষ্ঠ, শিৱশংকৰ নে ভগৱান বিষ্ণু? শিৱশংকৰে কিয় ভগৱান বিষ্ণুৰ ধ্যান কৰি থাকে?
( লিখক: অপূৰ্ব দাস )
হিন্দু ধৰ্মৰ পৰম্পৰা অতি বিশাল আৰু গভীৰ, য’ত বহুতো দেৱ-দেৱীৰ মহিমাৰ বৰ্ণনা কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰধান ত্ৰিদেৱ – ব্ৰহ্ম, বিষ্ণু আৰু মহেশ্বৰ (শিৱ) – যিয়ে সৃষ্টিৰ মূল তিনিটা কাম চম্ভালে। ব্ৰহ্মা সৃষ্টিকৰ্তা, বিষ্ণু ৰক্ষক আৰু শিৱ ধ্বংসক। এই তিনিওজনৰ গৌৰৱ আৰু কাম বেলেগ বেলেগ যদিও ইটোৱে সিটোৰ লগত সম্পূৰ্ণৰূপে সংযুক্ত। যেতিয়া প্ৰশ্ন উত্থাপন হয় যে কোন শ্ৰেষ্ঠ – শিৱ নে বিষ্ণু, তেতিয়া ইয়াৰ উত্তৰ কেৱল বাহ্যিক দৃষ্টিকোণৰ পৰাই নহয়, আধ্যাত্মিক গভীৰতাৰ পৰাহে বুজিব লাগে।
(১) শিৱ আৰু বিষ্ণু : দুটা ৰূপ, এটা ব্ৰহ্ম
হিন্দু দৰ্শনত ব্ৰহ্মা (চূড়ান্ত সত্য) এক, যাক বিভিন্ন ৰূপত পূজা কৰা হয় বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱ আৰু ভগৱান বিষ্ণু একে পৰম ব্ৰহ্মৰ দুটা ঐশ্বৰিক ৰূপ। এটা অবিহনে অসম্পূৰ্ণ। ঠিক অগ্নি আৰু তাপ, পানী আৰু শীতলতাৰ দৰেই শিৱ আৰু বিষ্ণুও ইটোৱে সিটোৰ পৰিপূৰক।
ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই কৈছে -
"যো মাম পশ্যাতি সৰ্বত্ৰ সৰ্বম চ ময়ী পশ্যাতি।"
- অৰ্থাৎ যিয়ে মোক সকলোতে থকা বুলি দেখে আৰু সকলোৰে লগত দেখে, তেওঁ মোক সঁচাকৈয়ে চিনি পায়।
শিৱ পুৰাণতো কৈছে:
"শিৱায় বিষ্ণুৰূপায় শিৱৰূপায় বিষ্ণুৱে।"
- অৰ্থাৎ ভগৱান বিষ্ণু শিৱ ৰূপ আৰু শিৱ হৈছে ভগৱান বিষ্ণুৰে ৰূপ ।
(২) ভগৱান শিৱৰ দ্বাৰা বিষ্ণুৰ ধ্যান: আধ্যাত্মিক প্ৰতীক
ভগৱান শিৱক ‘যোগেশ্বৰ’, ‘মহাযোগী’ আৰু ‘তপস্বী’ বুলি কোৱা হয়। তেওঁ নিজৰ ভিতৰতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখন ধ্যান আৰু অনুভৱ কৰে। তেওঁৰ ধ্যান-ধাৰণাৰ অৰ্থ কোনো ব্যক্তি বা দেৱতাৰ পূজা নহয়, কিন্তু ই অন্তৰ্দৃষ্টি, ভক্তি আৰু আধ্যাত্মিকতাৰ প্ৰতীক।
বিষ্ণুৰ ধ্যান কৰা শিৱৰ ঘটনা বহু পুৰাণত পোৱা যায়, যেনে- শিৱ পুৰাণ, পদ্মপুৰাণ, স্কন্ধ পুৰাণ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ বিষ্ণুৰ অধীনস্থ, বৰং ইয়াৰ দ্বাৰা তেওঁলোকে ইজনে সিজনৰ গুণক গ্ৰহণ কৰা আৰু নিজৰ মহত্ত্বক সন্মান কৰাটোৱেই দেখুৱাইছে। অৰ্থাৎ দুয়ো দুয়োকে সন্মান কৰে, ভক্তি কৰে, শ্ৰদ্ধা কৰে।
এটা কিংবদন্তি অনুসৰি ভগৱান বিষ্ণুৱে যেতিয়া মোহিনী ৰূপত অসুৰবোৰক মোহিত কৰি অমৃত দেৱতাক খুৱাইছিল, তেতিয়া ভগৱান শিৱই সেই ৰূপটো চাবলৈ ইচ্ছা কৰিছিল। মহিনী ৰূপ দেখি শিৱই কেইমুহূৰ্তৰ বাবে মুগ্ধ হৈ পৰিল আৰু ভগৱান বিষ্ণুৰ প্ৰেমত পৰে । দুয়োৰে মিলন হয় আৰু ভগৱান আয়াপ্পাৰ জন্ম হয়। ভগৱান আয়াপ্পাক দক্ষিণ ভাৰতত পূজা কৰা হয়। এই ঘটনাই দেখুৱাইছে যে শিৱইও বিষ্ণুৰ চঞ্চল ৰূপৰ মহিমা গ্ৰহণ কৰে।
(৩) বিষ্ণুৰ শিৱ পূজাও সমানেই গুৰুত্বপূৰ্ণ
শিৱৰ দৰে ভগৱান বিষ্ণুৱেও শিৱক পূজা কৰে। উদাহৰণ স্বৰূপে ৰামায়ণত বৰ্ণিত হৈছে যে ভগৱান শ্ৰীৰাম ৰামেশ্বৰমত শিৱলিংগ প্ৰতিষ্ঠা কৰি ৰাৱণ বধ কৰাৰ আগতে শিৱক পূজা কৰিছিল। শ্ৰীকৃষ্ণইও বহু সময়ত ভগৱান শংকৰৰ প্ৰশংসা কৰে।
ইয়াৰ পৰা স্পষ্ট যে দুয়োৰে মাজত পাৰস্পৰিক বিশ্বাস, ভক্তি আৰু সমৰ্পণ আছে। দুয়োজনে ইজনে সিজনক পূজা কৰে - এইটো দ্বৈত নহয়, অদ্বিতীয়তাৰ অনুভূতিহে।
(৪) কোনোবা শ্ৰেষ্ঠ নেকি?
যদি আমি কেৱল শক্তি, অলৌকিকতা বা পদবীৰ ক্ষেত্ৰত “উচ্চত্ত্ব”ক চাওঁ, তেন্তে এই তুলনা অসম্পূৰ্ণ আৰু বিভ্ৰান্তিকৰ হ’ব। দুয়োজন দেৱতা অসীম, চিৰন্তন আৰু অপৰিসীম শক্তিৰে সমৃদ্ধ। দুয়োৰে ভক্তই নিজ নিজ ৰূপত পৰম ব্ৰহ্মৰ অভিজ্ঞতা লাভ কৰে।
ভগৱান বিষ্ণু নিজৰ অৱতাৰৰ জৰিয়তে ধৰ্ম প্ৰতিষ্ঠা, জগতৰ সুৰক্ষা, অধৰ্ম ধ্বংস কৰাত সক্ৰিয়।
ভগৱান শিৱ যোগ, বিচ্ছিন্নতা, ধ্বংস আৰু পুনৰ্গঠনৰ প্ৰতীক।
উদাহৰণস্বৰূপে, যদি কোনো কৃষকে বীজ সিঁচি (ব্ৰহ্মা) উদ্ভিদৰ সৃষ্টি কৰে, কোনোবাই তাৰ যত্ন লয় (বিষ্ণু), আৰু কোনোবাই শস্যটো চপাই ( কাটি) দিয়ে যাতে পিছৰবাৰ (শিৱ) নতুন শস্য সিঁচিব পৰা যায়, তেন্তে আমি ক’ব পাৰোনে যে শস্য চপোৱাজন শ্ৰেষ্ঠ বা বীজ সিঁচাজন?
প্ৰতিটো কৰ্মৰ নিজস্ব গুৰুত্ব আছে। অৰ্থাৎ তিনিওজন এজনেই মাথো ৰূপ ভিন্ন।
(৫) একতাৰ বাৰ্তা: “হৰ হৰ মহাদেৱ” আৰু “জয় শ্ৰী হৰি”
ভগৱান শিৱক “হৰ” আৰু বিষ্ণুক “হৰি” বুলি কোৱা হয়।
দৰাচলতে "হৰি আৰু হৰ" একে ব্ৰহ্মৰ দুটা প্ৰতিফলন, যি ভক্তসকলক তেওঁলোকৰ অনুভূতি অনুযায়ী প্ৰকাশ কৰে।
(৬) আদি শক্তি আৰু তন্ত্ৰত দুয়োটা একে
শক্তি তন্ত্ৰত শিৱ আৰু বিষ্ণু দুয়োকে আদি শক্তিৰ অধীন বুলি কোৱা হয়। দেৱী ভাগৱত পুৰাণত উল্লেখ আছে যে ব্ৰহ্মা, বিষ্ণু আৰু শিৱ সকলোৱে আদি শক্তিৰ প্ৰেৰণাত কাম কৰে। আদি শক্তি হৈছে শূণ্য সংখ্যাটোৰ দৰে যি ঋণাত্মক বা ধণাত্মক নহয়। আদি শক্তি যি পুৰুষ বা স্ত্ৰী নহয় ।
তেওঁৰ পৰাই ঋণাত্মক আৰু ধনাত্মক শক্তি, ভগৱান, দেৱী, দেৱতা , স্ত্ৰী, পুৰুষ, কিন্নৰ , গন্ধৰ্ব আদিৰ উৎপন্ন হয়। যেনেদৰে শূণ্য সংখ্যাটোৰ সোঁফালে ধনাত্মকৰ সৃষ্টি আৰু বাওঁফালে ঋণাত্মকৰ সৃষ্টি। মাজতে শূণ্য সংখ্যাটো।
উল্লেখযোগ্য যে শিৱক 'ভোলানাথ' বুলি কোৱা হয় - যিজনে নিজৰ ভক্তৰ পৰা বেলপাত আৰু পানীতেই সন্তুষ্ট হয়, আনহাতে বিষ্ণুক 'লক্ষ্মীপতি' বুলি কোৱা হয় - যিজন ভৱিষ্যৎ আৰু সৌন্দৰ্য্যৰ প্ৰতীক। দুয়োটা প্ৰকৃতিৰ দুটা দিশ - ত্যাগ আৰু সৌন্দৰ্য্য। ভগৱান বিষ্ণুৱে কেৱল তুলসী পাত আৰু পৱিত্ৰ ভক্তিতেই সন্তুষ্ট হয়।
◽ঐক্যৰ অনুভূতি গুৰুত্বপূৰ্ণ, শ্ৰেষ্ঠত্ব নহয়
শিৱ আৰু বিষ্ণুৰ ভিতৰত কোন শ্ৰেষ্ঠ - এই প্ৰশ্ন ব্যক্তিজনৰ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। শিৱ ভক্তৰ বাবে শিৱ পৰম, বিষ্ণু ভক্তৰ বাবে বিষ্ণু সকলো।
কিন্তু আধ্যাত্মিকভাৱে চালে দুয়োটা একেটা পৰম উপাদানৰ ভিন্ন ৰূপ। এই একতা, পাৰস্পৰিক প্ৰেম আৰু সন্মানৰ অনুভূতি হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য।
গতিকে, ভগৱান শিৱই বিষ্ণুৰ ধ্যান বা ভগৱান বিষ্ণুৱে শিৱক পূজা কৰা – ই শ্ৰেষ্ঠত্বৰ প্ৰতীক নহয়, বৰঞ্চ আত্মসমৰ্পণ, ভক্তি আৰু ঐক্যৰ প্ৰতীক।
"কোনো ডাঙৰ নহয়, কোনো সৰু নহয়।"
হৰি আৰু হৰ দুয়োজনেই একে।
মানুহৰ যি অনুভৱ হয়, যি দৃষ্টিশক্তি পায়
সেই পৰম মৌলটো শেষত শোষিত হয়।"
হৰ হৰ মহাদেৱ। জয় শ্ৰী হৰি।