Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Ads Mondi Floting

Breking Tiger

Slider Post

Shareus Ads

Mandi Ads

Slider Menu

Slider Menu

Traffic Star Ads

বেটুপাতৰ মডেলঃ

বিজ্ঞাপন

২০২৬ চনৰ বাবে বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী





২০২৬ চনৰ বাবে বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

( অপূৰ্ব দাস )

বিশ্ব ইতিহাসত বহুতো ৰহস্যময় ব্যক্তিৰ সৃষ্টি হৈছে যাৰ ভৱিষ্যদ্বাণী সময়ে সময়ে আলোচনাৰ বিষয় হৈ পৰিছে। বিখ্যাত বুলগেৰিয়াৰ ক্লেয়াৰভয়েণ্ট বাবা ভাংগাও তেনে এজন ব্যক্তি আছিল। ২০ শতিকাত তেওঁ অসংখ্য ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰৰ ওপৰত আজিও বিতৰ্ক চলি আছে। ১৯৯৬ চনত মৃত্যুৰ পূৰ্বে তেওঁ আগন্তুক কেইবাটাও দশকৰ পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰিছিল বুলি কোৱা হয়। এতিয়া ২০২৬ চনৰ বিষয়ে তেওঁৰ কিছুমান ভয়ংকৰ ভৱিষ্যত বাণী ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ বাতৰিত শিৰোনাম দখল কৰিছে।

◽বাবা ভাংগা কোন আছিল?

১৯১১ চনত জন্মগ্ৰহণ কৰা বাবা ভাংগাৰ শৈশৱৰ পৰাই অন্ধ আছিল যদিও তেওঁৰ অনুগামীসকলে বিশ্বাস কৰিছিল যে তেওঁৰ ভৱিষ্যত দেখাৰ এক অলৌকিক ক্ষমতা আছে। তেওঁক প্ৰায়ে "বাল্কনৰ নষ্ট্ৰাডামাছ" বুলি কোৱা হয়। বহুতে বিশ্বাস কৰে যে তেওঁৰ ভৱিষ্যদ্বাণী সঁচা হৈছে—যেনে ৯/১১ৰ আক্ৰমণ, চুনামী, চেৰ্নোবিল দুৰ্যোগ, ছোভিয়েট ইউনিয়নৰ বিভাজন আদি। কিন্তু এই দাবীবোৰৰ সত্যতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

◽২০২৬ চনৰ বাবে মূল ভৱিষ্যদ্বাণী

(১) প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ু সংকট

বাবা ভাংগাই ২০২৬ চনৰ বাবে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰি থৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত বৃহৎ ভূমিকম্প, আগ্নেয়গিৰিৰ বিস্ফোৰণ, বানপানী, আৰু ভয়াৱহ ধুমুহা আদি অন্তৰ্ভুক্ত । কোৱা হয় যে পৃথিৱীৰ এক বৃহৎ অঞ্চল এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে।

আজি জলবায়ু পৰিৱৰ্তন, অভিলেখ ভংগকাৰী গৰমৰ ঢৌ, খৰাং আৰু অস্বাভাৱিক বৰষুণৰ সৈতে যুঁজি থকাৰ সময়তে এই ভৱিষ্যত বাণীয়ে মানুহৰ মাজত ভয়ৰ সৃষ্টি কৰিছে।


(২) তৃতীয় বিশ্বযুদ্ধৰ ভয়

আটাইতকৈ বিপজ্জনক দাবীটো হ’ল ২০২৬ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে। ৰিপ’ৰ্ট অনুসৰি ৰাছিয়া আৰু আমেৰিকাৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষ হ’ব। চীন আৰু টাইৱানৰ মাজতো উত্তেজনা বৃদ্ধি পাব পাৰে।

ভৱিষ্যত বাণী অনুসৰি ৰাছিয়াই বিশ্বৰ ওপৰত নিয়ন্ত্ৰণ স্থাপনৰ চেষ্টা কৰিব আৰু ইউৰোপৰ বহু অংশ যুদ্ধৰে আগুৰি ধৰিব। অৱশ্যে এই সকলোবোৰ কেৱল দাবীহে, কিন্তু নিশ্চিত হোৱা নাই।


(৩) কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান ভাবুকি

বাবা ভাংগাৰ আন এক আচৰিত ভৱিষ্যত বাণী হ’ল ২০২৬ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই (AI) মানুহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে।

তেওঁ কয় যে মেচিনবোৰ কেৱল সহায়ক হোৱাই নহয়, সিদ্ধান্ত লোৱা আৰু মানুহক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও লাভ কৰিব পাৰে। এই ভৱিষ্যত বাণী আজিৰ পৰিস্থিতিৰ লগত মিল থকা, কিয়নো AI দ্ৰুতগতিত আগবাঢ়িছে আৰু ইয়াৰ উপকাৰ আৰু বিপদৰ বিষয়ে বিশ্বজুৰি বিতৰ্ক চলি আছে।


(৪) এলিয়েনৰ সৈতে প্ৰথম যোগাযোগ

২০২৬ চনৰ বাবে আটাইতকৈ চাঞ্চল্যকৰ ভৱিষ্যত বাণী হৈছে যে মানুহে প্ৰথমবাৰৰ বাবে অপাৰ্থিৱ জীৱৰ সৈতে সংস্পৰ্শলৈ আহিব। দাবী কৰা হৈছে যে ২০২৬ চনৰ নৱেম্বৰ মাহত পৃথিৱীৰ বায়ুমণ্ডলত এখন বিশাল মহাকাশযান প্ৰৱেশ কৰি মানৱ জাতিক অপাৰ্থিৱ জীৱৰ অস্তিত্বৰ প্ৰমাণ প্ৰদান কৰিব।

এই ভৱিষ্যত বাণী বিজ্ঞানীসকলৰ বাবে ৰহস্য হৈয়েই আছে যদিও ইয়াৰ ফলত বিশ্বব্ৰহ্মাণ্ড আৰু বাহিৰৰ জগতৰ জীৱক লৈ বিতৰ্কৰ সূচনা কৰাটো নিশ্চিত।

(৫) বিশ্বত অৰ্থনৈতিক সংকট

আন এটা ভৱিষ্যত বাণী হ’ল ২০২৬ চনত ভয়াৱহ অৰ্থনৈতিক সংকটে বিশ্বক কঁপাই তুলিব।

এই সংকটৰ কাৰণ হ’ব পাৰে প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ আৰু প্ৰযুক্তিগত অস্থিৰতা। বহু বিশ্লেষকৰ মতে বৰ্তমানৰ ভূ-ৰাজনৈতিক উত্তেজনা আৰু জলবায়ু সংকটৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱিষ্যত বাণী সম্পূৰ্ণ মিলি গৈছে।

◽এই ভৱিষ্যত বাণীবোৰ সঁচা হ’বনে?

আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই ভৱিষ্যত বাণীবোৰ বিশ্বাস কৰা উচিত নে নহয়।

• প্ৰমাণৰ অভাৱঃ বাবা ভাংগাৰ বক্তব্যৰ কোনো আনুষ্ঠানিক লিখিত ৰেকৰ্ড নাই। তেওঁৰ বেছিভাগ ভৱিষ্যদ্বাণী তেওঁৰ অনুগামী আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

• ব্যাখ্যাৰ ভিন্নতা: কেতিয়াবা কিছুমান পৰিঘটনাৰ পিছত তেওঁৰ ভৱিষ্যদ্বাণীবোৰ সঁচা যেন লগাবলৈ পৰিৱৰ্তন কৰা হয়।

• ভয় আৰু উৰাবাতৰি: এনে ভৱিষ্যত বাণীয়ে প্ৰায়ে চাঞ্চল্য আৰু ভয় বিয়পোৱাৰ কাম কৰে।

◽বৰ্তমানৰ প্ৰেক্ষাপটত গুৰুত্ব

এই দাবীবোৰৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন হ’লেও এইটোও সঁচা যে বাবা ভাংগাৰ ভৱিষ্যত বাণী বৰ্তমানৰ পৰিস্থিতিৰ লগত সম্পৰ্কিত:-

• জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশৰ অৱনতি ঘটিছে।

• ৰাছিয়া, আমেৰিকা, চীনৰ দৰে দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা।

• AI ৰ দ্বাৰা সম্ভাৱ্য বিপদ।

• বিশ্ব অৰ্থনৈতিক অস্থিৰতা।

গতিকে বহুতে এইবোৰক "ভৱিষ্যদ্বাণী" নহয়, "সতৰ্কবাণী" হিচাপেহে লয়।

২০২৬ চনৰ বাবে বাবা ভাংগাৰ ভৱিষ্যত বাণী অত্যন্ত ভয়ংকৰ— সেয়া প্ৰাকৃতিক দুৰ্যোগ, তৃতীয় বিশ্বযুদ্ধ, এআইৰ আধিপত্য, এলিয়েনৰ আগমন বা অৰ্থনৈতিক সংকটৰ সৈতে জড়িত হওক। এই ভৱিষ্যত বাণীবোৰ সঁচা হ’ব নে নহয় সেয়া কোৱা টান। কিন্তু এইটো নিশ্চিত যে তেওঁ আমাক আগন্তুক প্ৰত্যাহ্বানৰ প্ৰতি সজাগ আৰু সচেতন হ’বলৈ শিকাই দিছে।

বিজ্ঞানে আমাক শিকাইছে যে ভৱিষ্যত সুৰক্ষিত হয় প্ৰস্তুতি আৰু সচেতনতাৰ দ্বাৰা, অন্ধবিশ্বাসৰ দ্বাৰা নহয়, । গতিকে এই ভৱিষ্যত বাণীবোৰক ভয় কৰাৰ পৰিৱৰ্তে আমি সচেতনতা হিচাপে বিবেচনা কৰি উন্নত ভৱিষ্যত সৃষ্টিৰ দিশত কাম কৰা উচিত।







Bottom Post Ad