অপূৰ্ব দাসৰ এটি কবিতা:
জুবিনদা তুমি সাহস আৰু শক্তি
( কবিতা: অপূৰ্ব দাস )
তোমাৰ মৃত্যুত শৰতো সেমেকিল
দুৰ্গা পূজাৰ শংখ, ঘণ্টাও উঠা নাই বাজি,
অজান দেশলৈ তুমি গুছি গ'লা
ৰৈ ৰৈ বিনালে সকলোৰ হৃদয় আজি।
কোনে ক'ব এতিয়া হাঁহিলে তুমি
মুকুতা-মণি সৰে বুলি,
বিচাৰিলেও নাপাম আকৌ তোমাৰ মিঠা মাত
আৰু চৰণৰ ধূলি।
তোমাৰ গানেৰে প্ৰকাশ পায়
সুখ-দুখৰ ছবি আৰু ভক্তি,
তোমাৰ চিধা কথাত জাগি উঠে
প্ৰতিজন ডেকাৰ তেজত শক্তি।
মায়াবিনী ৰাতিৰ বুকুত
আকৌ শুনাবানে গান গাই তুমি,
কিজানিবা আছা সৌ আকাশৰ তৰাৰ মাজত
সেয়েহে বাৰে বাৰে চাওঁ মই জুমি।
তোমাক দিবলৈ মোৰ দুহাত খালি
আছে মাথো দুধাৰি দুচকুৰ অশ্ৰুৰ মালা আৰু ভক্তি,
প্ৰতি দিনে তোমাৰ গীতে জগাই তোলক
প্ৰতিজন ডেকাৰ হৃদয়ত সাহস আৰু শক্তি।