অসমৰ ভয়লগা ভূতৰ ঘৰটো
( অপূৰ্ব দাস )
দশক দশক ধৰি হত্যা আৰু ভয়ানক ঘটনাৰ বাবে পৰিচিত অসমৰ ধুবুৰী জিলাত এখন অত্যাধুনিক জিলা আদালত নিৰ্মাণ কৰা হৈছে। যি স্থানত এজন ন্যায়াধীশে তেওঁৰ পত্নী আৰু কন্যা সন্তানক নিৰ্মমভাৱে হত্যা কৰি ঘৰৰ কাষত পুতি থৈছিল। সেই স্থানতে এখন অত্যাধুনিক জিলা আদালত নিৰ্মাণ কৰিছে।
এই খবৰটো ধুবুৰীবাসীৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছিল, কিয়নো এসময়ত ভয় আৰু অন্ধবিশ্বাসেৰে চোৱা ঠাইত এতিয়া ন্যায়ৰ মন্দিৰ থিয় হৈ আছে।
◽ভূত ঘৰটোৰ ইতিহাস আৰু ইয়াৰ ৰহস্য
ধুবুৰীৰ এই ভয়ানক ঘৰটো পূৰ্বে আৰ এছ এন আৰু আই জি এন শ্বিপিং কোম্পানীৰ বিষয়াসকলে ব্যৱহাৰ কৰিছিল। পিছত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰি জিলা ন্যায়াধীশৰ চৰকাৰী বাসগৃহ হিচাপে গঢ়ি তুলিছিল।
কিন্তু সত্তৰৰ দশকত এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰ পোহৰলৈ অহাৰ লগে লগে বাংলোটোৰ পৰিচয় সলনি হ’ল। ১৯৭০ চনৰ ফেব্ৰুৱাৰী মাহত অৱসৰপ্ৰাপ্ত জিলা আৰু অধিবেশন ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাই এই বাংলোতে পত্নী আৰু তিনিগৰাকী কন্যাক হত্যা কৰিছিল। এই ঘটনাই সমগ্ৰ অসমতে নহয় সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
◽হত্যাৰ ভয়ংকৰ নিশা
১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত অৱসৰ লোৱাৰ পিছত ৰাজখোৱাই পৰিয়ালসহ ঠিক এই বাংলোতে বাস কৰিছিল। ১০ ফেব্ৰুৱাৰীৰ নিশা পত্নী পুতুলী ৰাজখোৱা আৰু ডাঙৰ কন্যা নিৰ্মালী (লিনু ৰাজখোৱা)ক হত্যা কৰে।
ইয়াৰ পিছতে ২৫ ফেব্ৰুৱাৰীত তেওঁৰ দুই কনিষ্ঠ কন্যা জোনালী (লুনা ৰাজখোৱা) আৰু ৰূপালীকো হত্যা কৰে।
হত্যাকাণ্ডৰ পিছত বাংলোটোৰ পিছফালে তিনিটা দ গাঁত খান্দি মৃতদেহবোৰ তাত পুতি থয়। তদুপৰি সন্দেহৰ পৰা হাত সাৰিবলৈ তেওঁ গাঁতৰ ওপৰত ফুলৰ গছ ৰোপণ কৰিছিল।
◽ আত্মীয়ৰ সন্দেহ আৰু গোচৰটো পোহৰলৈ আহে
হত্যাকাণ্ডৰ পিছত ৰাজখোৱাই চতুৰতাৰে স্বাভাৱিক দেখাবলৈ চেষ্টা কৰে। ১৫ এপ্ৰিলত তেওঁ শিলিগুৰিলৈ বাছত উঠে আৰু তেওঁৰ সহযোগী উমেশ বৈশ্যও ধুবুৰী এৰি গুচি যায়।
কিন্তু পুতুলী ৰাজখোৱাৰ ভাতৃয়ে—যি সেই সময়ত এজন উচ্চ পদস্থ আৰক্ষী বিষয়া আছিল— পৰিয়ালটোৰ নিৰুদ্দেশক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিলে, বিষয়টো আৰক্ষীৰ ওচৰ পালেগৈ। ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু দ্ৰুতগতিত তদন্ত আৰম্ভ হৈছিল।
◽ হত্যাকাণ্ড উদঙাই দিলে
প্ৰায় তিনিমাহৰ পাছত ১৯৭০ চনৰ ২৪ জুনত তদন্তকাৰী বিষয়া ডি.এন.কাহালী আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে এটা গুৰুত্বপূৰ্ণ সূত্ৰ আৱিষ্কাৰ কৰে। পশ্চিম বংগৰ শিলিগুৰিৰ ছাভয় হোটেলৰ পৰা উপেন্দ্ৰ নাথ ৰাজখোৱাক গ্ৰেপ্তাৰ কৰে।
জেৰাৰ সময়ত ৰাজখোৱাই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁৰ বক্তব্যৰ পিছতে বাংলোটোৰ পিছফালে খান্দি থকা এটা গাঁতৰ পৰা উদ্ধাৰ হয় চাৰিটা মৃতদেহ। এই ঘটনাই সমগ্ৰ ৰাজ্যতে শংকা আৰু ক্ষোভৰ সৃষ্টি কৰিছিল। এগৰাকী প্ৰাক্তন জিলা আৰু অধিবেশন ন্যায়াধীশৰ বৰ্বৰতাই সকলোকে স্তম্ভিত কৰি তুলিলে।
◽আদালতৰ ৰায় আৰু শাস্তি
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিশেষভাৱে এই গোচৰৰ তদন্ত কৰা হৈছিল। পত্নী আৰু কন্যা সন্তানক হত্যা কৰাৰ অভিযোগত আদালতে উপেন্দ্ৰ নাথ ৰাজখোৱাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। তেওঁৰ সহযোগী উমেশ বৈশ্যক আদালতে দোষমুক্ত কৰে।
১৯৭৪ চনৰ ১৪ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ৰাজখোৱাক ফাঁচী দিয়া হয়। এই ভয়ংকৰ হত্যাকাণ্ডৰ গোচৰটো ন্যায়িক ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ত পৰিণত হ’ল।
◽‘ভুত বাংলো’ৰ প্ৰতিচ্ছবি।
এই ঘটনাৰ পিছত ধুবুৰীৰ এই বাংলোটো ‘হাউণ্টেড বাংলো’ নামেৰে পৰিচিত হ’ল। স্থানীয় লোকসকলৰ মাজত বিভিন্ন আশংকা আৰু কাহিনী বিয়পি পৰিল – কোনোৱে দাবী কৰিছিল যে বাংলোটোৰ পৰা অদ্ভুত শব্দ নিৰ্গত হʼয়, কোনোৱে দাবী কৰিছিল যে ইয়াত আত্মা দেখা যায়।
দশক দশক ধৰি এই বাংলোটোক এক নিৰ্জন আৰু ভয়ংকৰ ঠাই বুলি গণ্য কৰা হৈছিল। আনকি পথচাৰীসকলেও ৰাতি তাৰ ওচৰত ভৰি দিবলৈ দ্বিধাবোধ কৰিছিল।
◽আদালত গৃহ নিৰ্মাণ
এতিয়া বছৰ বছৰ ধৰি কুখ্যাত আৰু ৰহস্যময় বুলি গণ্য কৰা একেখন ঠাই ন্যায়ৰ নতুন প্ৰতীকত পৰিণত হৈছে। ধুবুৰী উকীল সন্থাৰ সম্পাদক কমল হুছেইন আহমেদ আৰু সভাপতি নুৰুল ইছলাম চৌধুৰীয়ে জনোৱা মতে, ইয়াত ছয় মহলীয়া আধুনিক জিলা আদালত গৃহ নিৰ্মাণ কৰা হৈছে।
◽জনসাধাৰণৰ প্ৰতিক্ৰিয়া
ধুবুৰীৰ নাগৰিকে এই পৰিৱৰ্তনক ইতিবাচক লক্ষণ বুলি গণ্য কৰে। এসময়ত এটা পৰিয়ালৰ কান্দোন শুনিছিল আৰু ভূত ওলাইছিল বুলি কোৱা ঠাইখন এতিয়া ন্যায়ৰ শব্দৰে প্ৰতিধ্বনিত হৈছে বুলি কয়। তথাপিও এতিয়াও নিশাৰ সময়ত তাত কিছুমান চিঞৰ শুনিবলৈ পায় বুলি কয় আৰু তাত যাবলৈ ভয় কৰে।