যুৱক-যুৱতীসকলৰ মাজত কলন কেন্সাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এক গুৰুতৰ স্বাস্থ্য সংকট
( অপূৰ্ব দাস )
শেহতীয়া স্বাস্থ্যৰ তথ্য চালে এটা চিন্তনীয় তথ্য ওলাই পৰে যে কেন্সাৰ এতিয়া কেৱল বৃদ্ধসকলৰ ৰোগ নহয়। এতিয়া ই যুৱক-যুৱতীসকলকো দ্ৰুতগতিত প্ৰভাৱিত কৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত কলন কেন্সাৰ বা কলৰেক্টাল কেন্সাৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। এই অৱস্থাই কেৱল স্বাস্থ্য সেৱাৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰাই নহয়, যুৱক-যুৱতীসকলৰ মৃত্যুৰ নতুন প্ৰধান কাৰণ হিচাপেও আত্মপ্ৰকাশ কৰিছে।
◽কলন কেন্সাৰ কি?
কলন কেন্সাৰ হৈছে কলন বা মলদ্বাৰত হোৱা এক প্ৰকাৰৰ কেন্সাৰ। ই লাহে লাহে আৰম্ভ হয় যেতিয়া বৃহদান্ত্ৰৰ ভিতৰৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু টিউমাৰলৈ পৰিণত হয়। শীঘ্ৰে চিকিৎসা নকৰিলে এই কেন্সাৰ কোষবোৰ শৰীৰৰ অন্য অংশলৈ বিয়পিব পাৰে।
ইয়াৰ মূল লক্ষণসমূহ হ’ল-
• অন্ত্ৰৰ পৰিৱৰ্তন (কোষ্ঠকাঠিন্য বা ডায়েৰিয়া),
• মলত তেজ,
• মাজে মাজে পেটৰ বিষ হৈ থকা বা পেট ফুলি থকা,
• শৰীৰৰ দুৰ্বলতা বা দ্ৰুত ওজন কমি যোৱা,
• অহৰহ ভাগৰুৱা অনুভৱ।
◽ যুৱক-যুৱতীসকলৰ মাজত কলন কেন্সাৰ কিয় বৃদ্ধি পাইছে?
এই ৰোগ পূৰ্বতে ৬০ বছৰৰ ওপৰৰ লোকৰ মাজত সাধাৰণ আছিল যদিও বৰ্তমান 24 ৰ পৰা 45 বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলো আক্ৰান্ত হৈছে। চিকিৎসা বিশেষজ্ঞসকলৰ মতে এয়া কেৱল মানসিক চাপৰ ফল নহয়, বৰঞ্চ পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাস ইয়াৰ মূল কাৰণ হৈ পৰিছে।
বিশেষজ্ঞসকলৰ মতে, বৰ্তমান যুৱক-যুৱতীসকলৰ কলন কেন্সাৰ ৰোগীৰ প্ৰায় ৭৫%ৰ কোনো পাৰিবাৰিক ইতিহাস বা জিনীয় কাৰণ নাই। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে পৰিৱেশ আৰু জীৱনশৈলীৰ কাৰকসমূহে—যেনে জাংক ফুড, অতি তেলাল আৰু মচলা থকা খাদ্য, টোপনিৰ অভাৱ, শাৰীৰিক নিষ্ক্ৰিয়তা ( বহি থকা বা শুই থকা ) আৰু মানসিক চাপে—মূল ভূমিকা পালন কৰে।
◽আল্ট্ৰা প্ৰচেছড খাদ্য আৰু কেন্সাৰৰ মাজৰ সম্পৰ্ক
২০২৫ চনত নেচাৰ ৰিভিউজ এণ্ড’ক্ৰাইন’লজীত প্ৰকাশিত এক পৰ্যালোচনাত প্ৰতিষ্ঠা কৰা হৈছে যে আল্ট্ৰা প্ৰচেছড খাদ্য যুৱক-যুৱতীসকলৰ কলন কেন্সাৰৰ বাবে এক প্ৰধান বিপদজনক কাৰক।
এই খাদ্যসমূহৰ ভিতৰত আছে-
• পেকেজ কৰা জলপান,
• তৎক্ষণাত খাব পৰা নুডলছ,
• ঠাণ্ডা পানীয় ( দোকানত পোৱা পানীয় সমূহ )
• চিপচ,
• পিজ্জা, বাৰ্গাৰ,
• মিঠা খাদ্য, লগে লগে পোৱা ব্ৰেকফাষ্ট , চাওমিন।
• চৰ্বি , তেল, জ্বলা আৰু মচলা থকা খাদ্য ।
ব্ৰিটিছ মেডিকেল জাৰ্নেল (BMJ)ত প্ৰকাশিত এক বৃহৎ অধ্যয়নত 24 ৰ পৰা 28 বছৰ ধৰি 86 হাজাৰতকৈ অধিক পুৰুষৰ ওপৰত নজৰ ৰখা হৈছিল। ফলাফলত দেখা গৈছে যে যিসকল লোকে অধিক আল্ট্ৰা প্ৰচেছড খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ কলন কেন্সাৰ হোৱাৰ সম্ভাৱনা এই খাদ্যসমূহ কম খোৱা লোকসকলতকৈ 29% বেছি।
◽বৈজ্ঞানিক কাৰণবোৰ কি কি?
• গৱেষকসকলৰ মতে এই খাদ্যসমূহত থকা ইমালচাইফাৰ, কৃত্ৰিম ৰং, এডিটিভ, মিঠাই আদিয়ে শৰীৰত গুৰুতৰ জৈৱিক পৰিৱৰ্তন ঘটায়।
• ইয়ে ইনচুলিনৰ সংকেত প্ৰদানত ব্যাঘাত জন্মায়, যাৰ ফলত চেনিৰ মাত্ৰা ভাৰসাম্যহীন হয়।
• ইয়ে প্ৰদাহ বৃদ্ধি কৰে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধিত উৎসাহিত কৰে।
• ওপৰত উল্লেখিত এইবোৰ খাদ্যই আন্ত্ৰিক মাইক্ৰ’বায়’ম (অন্ত্ৰত উপকাৰী বেক্টেৰিয়া)ৰো ক্ষতি কৰে, পাচন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে।
• আমি যি খাওঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ কোষ, হৰম’ন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত পৰে। যেতিয়া আন্ত্ৰিক অংশত প্ৰদাহ আৰু বেক্টেৰিয়াৰ ভাৰসাম্য বিঘ্নিত হয় তেতিয়া ই কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ বাট মুকলি কৰে।
◽আগতীয়া লক্ষণবোৰক আওকাণ নকৰিব
এই ৰোগ প্ৰায়ে যুৱক-যুৱতীসকলৰ পলমকৈ ধৰা পৰে কাৰণ ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহে সাধাৰণ পেটৰ সমস্যাৰ অনুকৰণ কৰে।
• স্থায়ী পেটৰ বিষ বা সদায় গেছ,
• সৌচত তেজ,
• হঠাতে ওজন কমি যোৱা,
• ভাগৰ
এইবোৰ লক্ষণ যিবোৰক আওকাণ কৰা উচিত নহয়।
প্ৰায়ে যুৱক-যুৱতীসকলে এই লক্ষণসমূহ পাচনতন্ত্ৰৰ সমস্যা বা এচিডিটি বুলি ভাবি আওকাণ কৰে। কিন্তু সময়মতে পৰীক্ষা কৰিলে প্ৰাৰম্ভিক অৱস্থাত কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা যায়।
◽প্ৰতিৰোধমূলক ব্যৱস্থা
কলন কেন্সাৰ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল সুষম জীৱনশৈলী গ্ৰহণ কৰা। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে, কেইটামান সাধাৰণ পৰিৱৰ্তনে এই ভয়াৱহ ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে—
• আঁহযুক্ত খাদ্য গ্ৰহণ কৰক: গোটা শস্য, ওটছ, ফলমূল, আৰু সেউজীয়া পাতৰ শাক-পাচলি বা তাৰ ৰস খাব লাগে।
• প্ৰচেছড খাদ্য পৰিহাৰ কৰক: পেকেটত ভৰোৱা জলপান, মিঠাযুক্ত পানীয়, জ্বলা খাদ্য, তেলাল খাদ্য আৰু ফাষ্ট ফুড সীমিত কৰক।
• নিয়মিতভাৱে ব্যায়াম কৰক: দৈনিক কমেও ৩০ মিনিট খোজ কাঢ়িব বা যোগাসন কৰক।
• ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক: দুয়োটাকে কলন কেন্সাৰৰ প্ৰধান বিপদজনক কাৰক বুলি গণ্য কৰা হয়।
• আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক: মেদবহুলতাই শৰীৰৰ প্ৰদাহ বৃদ্ধি কৰে আৰু কেন্সাৰৰ সম্ভাৱনা দুগুণ কৰে।
• নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা উচিত: বিশেষকৈ যদি পৰিয়ালৰ কোনোবাই কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে বা সদায় পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে।
◽ বিশেষজ্ঞসকলে কি কয়?
অংক’লজিষ্টসকলৰ মতে যুৱক-যুৱতীসকলৰ মাজত কলন কেন্সাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ কাৰণ কেৱল জাংক ফুডৰ বাবেই নহয়, আধুনিক জীৱনশৈলীৰ "বহা বা আৰাম" অভ্যাসৰ বাবেও। কৰ্মস্থলী বা অধ্যয়নত দীৰ্ঘ সময় বহি থকা, মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীণৰ সময় বৃদ্ধি, টোপনিৰ অভাৱ আদিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও মানসিক চাপৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতাও হয়, যাৰ ফলত অন্ত্ৰৰ কাৰ্য্যত প্ৰভাৱ পৰে।
সেয়েহে সঘনাই পেটৰ সমস্যা হ'লে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
◽সচেতনতাই একমাত্ৰ প্ৰতিৰোধ
যুৱক-যুৱতীসকলৰ মাজত কলন কেন্সাৰৰ সম্ভাৱনা অধিক গুৰুতৰ হ'ব ধৰিছে কাৰণ তেওঁলোকে নিজকে "সুস্থ আৰু শক্তিশালী" বুলি গণ্য কৰে আৰু লক্ষণসমূহক সহজভাৱে লোৱাৰ প্ৰৱণতা থাকে। অৱশ্যে আগতীয়াকৈ ধৰা পেলোৱাটোৱেই এই ৰোগ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।
স্বাস্থ্য বিশেষজ্ঞসকলে স্পষ্টভাৱে উল্লেখ কৰিছে যে সঠিক খাদ্যাভ্যাস, সক্ৰিয় জীৱনশৈলী, নিয়মীয়া পৰীক্ষাৰ জৰিয়তে এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিৰোধ কৰিব পৰা যায়।
কলন কেন্সাৰৰ বৰ্ধিত আশংকা অনাগত বছৰবোৰত ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা এই ৰোগৰ বাবে আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীক গুৰুত্বসহকাৰে লোৱাৰ সময় আহি পৰিছে । এইয়া এক সতৰ্কবাণী।
সঠিক তথ্য, নিয়মীয়া পৰীক্ষা, ফল-মূল, শাক-পাচলি আৰু ঘৰুৱা সাধাৰণ খাদ্যলৈ ঘূৰি অহা আদিয়েই এই ক্ৰমাৎ বৃদ্ধি পোৱা মহামাৰী বন্ধ কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায়।