কি কাৰণত পিত্তথলীত পাথৰ হয়? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানিবলৈ পঢ়িব।
(অপূৰ্ব দাস)
আমাৰ শৰীৰে অতি জটিল অথচ সুসংগঠিত যন্ত্ৰৰ দৰে কাম কৰে। প্ৰতিটো অংগৰ নিজস্ব সুকীয়া আৰু গুৰুত্বপূৰ্ণ কাৰ্য্য আছে। ইয়াৰে এটা হ’ল পিত্তথলী, যিটো আমাৰ পাচনতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। পিত্তথলীত পাথৰ সৃষ্টি হ’লে ই এক গুৰুতৰ সমস্যাত পৰিণত হ’ব পাৰে। আহক আমি এই পাথৰবোৰৰ কাৰণ, ইয়াৰ লক্ষণ, আৰু ইয়াক প্ৰতিৰোধৰ প্ৰাকৃতিক উপায় জানি লও -
◽পিত্তথলীৰ পাথৰ কি?
পিত্তথলী হৈছে যকৃতৰ তলত অৱস্থিত এটা সৰু মোনাৰ দৰে অংগ। ইয়াৰ প্ৰধান কাম হ’ল যকৃতৰ দ্বাৰা উৎপাদিত পিত্তৰ ৰস সংৰক্ষণ কৰি খাদ্য হজমৰ সময়ত ক্ষুদ্ৰান্ত্ৰলৈ প্ৰেৰণ কৰা। এই পিত্তত যেতিয়া কলেষ্টেৰল, কেলচিয়াম, বিলিৰুবিন আদি মৌল অসন্তুলিত পৰিমাণে জমা হয় তেতিয়া লাহে লাহে কঠিন হৈ পাথৰ সৃষ্টি হয়।
◽পিত্তথলীত পাথৰ হোৱাৰ প্ৰধান কাৰণ
(১) অত্যধিক তেলত ভাজি, মাছ-মাংস আৰু তেলাল খাদ্য খোৱা
আজিৰ দ্ৰুত গতিৰ জীৱনত মানুহে জাংক ফুড, ফাষ্ট ফুড, ডিপ ফ্ৰাইড ফুড বেছিকৈ খায় আৰু চৰ্বি যুক্ত মাছ বা মাংস প্ৰতিদিনে খায় । এই খাদ্যসমূহত অধিক পৰিমাণৰ কলেষ্টেৰল আৰু চৰ্বি থাকে, যাৰ ফলত পিত্তৰ ভাৰসাম্য বিঘ্নিত হয়। এই অৱস্থাই পিত্তথলীত পাথৰ গঠনৰ এটা প্ৰধান কাৰণ হৈ পৰে।
(২) ওজন বৃদ্ধি আৰু মেদবহুলতা
শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’লে লিভাৰে অধিক কলেষ্টেৰল উৎপাদন কৰিবলৈ আৰম্ভ কৰে। এই অতিৰিক্ত কলেষ্টেৰল পিত্তত দ্ৰৱীভূত হ’ব নোৱাৰে আৰু ক্ৰমান্বয়ে পাথৰ সৃষ্টি কৰে। মেদবহুলতাই পিত্তথলীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
(৩) শৰীৰত পানী আৰু আঁহৰ অভাৱ
পানী কমকৈ খোৱা আৰু আঁহবিহীন খাদ্য খোৱাৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়। ইয়াৰ ফলত পিত্ত ঘন হয় আৰু পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। দিনটোৰ ভিতৰত কমেও ৮–১০ গিলাচ পানী খাই পৰ্যাপ্ত পৰিমাণে ফল-মূল , শাক-পাচলি খোৱাটো জৰুৰী।
(৪) হৰম’নৰ ভাৰসাম্যহীনতা
মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থা, জন্ম নিয়ন্ত্ৰণৰ বড়ি বা হৰম’নৰ পৰিৱৰ্তনে ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত পিত্তত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায় আৰু পিত্তথলীত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
(৫) অত্যধিক উপবাস বা খাদ্য এৰি দিয়া
দীৰ্ঘ সময় ভোকত থাকিলে বা বেছিকৈ খালেও পিত্তথলী সঠিকভাৱে সংকোচিত নহ’ব পাৰে। ইয়াৰ ফলত পিত্ত জমা হয় আৰু পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
◽ পিত্তথলীৰ পাথৰ কেনেকৈ আঁতৰ কৰিব পাৰি?
পিত্তৰ পাথৰৰ চিকিৎসা বিষৰ আকাৰ, সংখ্যা আৰু তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। চিকিৎসাৰ মূল পদ্ধতিসমূহ হ’ল-
(১) ঔষধৰ দ্বাৰা চিকিৎসা
পাথৰ সৰু হ’লে চিকিৎসকে এনে ঔষধ প্ৰেছক্ৰিপচন কৰে যিয়ে পাথৰটো লাহে লাহে ক্ষয় কৰাত সহায় কৰে। কিন্তু এই প্ৰক্ৰিয়াটো সময়সাপেক্ষ আৰু সদায় ফলপ্ৰসূ নহয়।
(২) অস্ত্ৰোপচাৰ (Colecystectomy)
যদি পাথৰটো ডাঙৰ হয় বা সঘনাই বিষ আৰু বমি হয় তেন্তে চিকিৎসকে পিত্তথলী আঁতৰাই দিয়াৰ পৰামৰ্শ দিব পাৰে। লেপাৰ’স্কপিক অস্ত্ৰোপচাৰৰ জৰিয়তে এই কাম কৰা হয়, যিটো নিৰাপদ পদ্ধতি হ'য়।
(৩) প্ৰাকৃতিক আৰু আয়ুৰ্বেদিক ঔষধ
• আমলখি আৰু এলোভেৰাৰ ৰসঃ এইবোৰে পিত্ত বিশুদ্ধ কৰে আৰু পিত্তথলীৰ প্ৰদাহ কমায়।
• গিলয় আৰু তুলসী পাত সেৱন : এইবোৰে শৰীৰৰ বিষমুক্ত কৰি পাথৰ গঠন ৰোধ কৰে।
• গোটা শস্য আৰু আঁহযুক্ত খাদ্যঃ হজম শক্তি উন্নত কৰে আৰু পিত্তৰ ভাৰসাম্যহীনতা হ্ৰাস কৰে।
• নেমুৰ পানী আৰু অলিভ অইলঃ ৰাতিপুৱা খালী পেটত এচামুচ অলিভ অইল নেমুৰ ৰসৰ পানীৰ সৈতে মিহলাই খালে পিত্তথলী পৰিষ্কাৰ হয়।
সাৱধান: যিকোনো ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে সদায় চিকিৎসক বা আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
পিত্তৰ পাথৰ কোনো সৰু সমস্যা নহয়। বিষ, বমি, বদহজম, আনকি কেতিয়াবা গুৰুতৰ অৱস্থাৰ সৃষ্টিও কৰিব পাৰে। কিন্তু সঠিক খাদ্য খোৱা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা, আঁহযুক্ত খাদ্য খোৱা, নিয়মিত যোগাসন কৰা, নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা আদিৰ দ্বাৰা সহজে প্ৰতিৰোধ কৰিব পাৰি।
এটা সুস্থ পিত্তথলীয়ে আপোনাৰ পাচনতন্ত্ৰক শক্তিশালী কৰি ৰাখে আৰু আপোনাৰ শৰীৰত শক্তি আৰু ভাৰসাম্য ৰক্ষা কৰে। গতিকে, আজিয়েই আপোনাৰ খাদ্য আৰু জীৱনশৈলীত সৰু সৰু পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰক।