আশা
( গল্প - নিলোৎপল বৰা )
লাখ যান বাহনে কৰা যানজট আৰু কাৰখানাৰ ক’লা ধোঁৱাৰে চানি ধৰা সদাব্যস্ত চহৰ সেউজপুৰ, কৃত্ৰিমতাৰ গ্ৰাসত পৰি যেন চহৰখনে নিজৰ সেউজী অতীতক হেৰুৱাই পেলাব ধৰিছে। তথাপিতো চহৰ খনৰ গাতে লাগি থকা বহ্নিমান ব্ৰহ্মপুত্ৰখন আৰু চহৰখনত ফুলি থকা ৰঙীন কৃষ্ণচূড়া গছবোৰে যেন চহৰখনক আজিও ন কইনাৰ ৰূপ দি ৰাখিছে।
সেই সেউজপুৰ চহৰ খনৰ ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এটা ঘৰত নীলাভ থাকে। নীলাভ পেছাগতভাবে এজন একাউনটেণ্ট হ’লেও লিখা মেলা কৰাত তাৰ বৰ চখ। লিখা মেলা কৰাটো তাৰ পেচা নহলেও নিজকে সুখী কৰিবলৈ সি আজৰি সময়ত লিখা মেলা কৰে আৰু বিভিন্ন প্ৰতিষ্ঠিত আলোচনীলৈ তাৰ লিখাবোৰ পঠিয়াই আৰু সময়ত সেইবোৰ প্ৰকাশ পাই।
গতানুগতিক ভাবে সেইদিনা নীলাভে লিখোঁ বুলি টেবুলৰ সন্মুখত বহিল। শীতকালৰ সেইনিশা অহা বৰষুণজাকে নীলাভৰ মনটো ৰোমাণ্টিক কৰি তুলিলে, সি মনতে ভাবিব ধৰিলে, “মই কি লিখোঁ….। এইবাৰ ৰোমান্টিক কিবা এটা লিখাই ভালহব, মানৱ জীৱনত যিহেতু প্ৰাপ্তি অপ্ৰাপ্তি এইবোৰ থাকেই, সেয়ে মই এনেধৰণৰ কিবা এটা লিখাই ভাল হব।”
সময়ৰ লগে লগে নীলাভৰ কলমটোৱে উকা বহিপাত খনত আচুৰিবলৈ ধৰিলে, কালক্ৰমত কলমেৰে আঁচোৰা নীলা চিনবোৰ একো একোটা শব্দলৈ ৰূপান্তৰ হ’ল।
“অনামিকা, গাত কথা নলগা বয়সতে লোৱা এটা ভুল সিদ্ধান্তৰ বাবে তাইৰ জীৱনলৈ ধুমুহা নামি আহিল। তেনেই কম বয়সতে ল’ৰা এটা ভালপাই ঘৰৰ মানুহৰ বিৰুদ্ধে গৈ তাই লৰাটোৰ লগত বিয়াত বহিছিল ঠিকেই কিন্তু সেই সম্পৰ্ক দীৰ্ঘদিনীয়া নহল। সময়ে তাইৰ জীৱনত আন কিবাই লিখি থৈছিল যাৰ ফলত বিয়াৰ দুমাহ পাৰ হওঁতেই স্বামীৰ লগত কন্দলৰ সৃষ্টি হৈ তাই ঘৰলৈ ঘূৰি আহিবলগীয়া হয়।
সময়ে লৈ অহা পৰিস্থিতিৰ সন্মুখত পৰি ভাগি পৰিল অনামিকা, তাইৰ জীৱনত খুবেই প্ৰয়োজন কাৰোবাৰ অলপমান সঁহাৰিৰ। অবাঞ্চিত ধুমুহাজাকত তাই দিক বিদিক হেৰুৱাই পেলালে কিন্তু মানুহৰ দিন জানো সদায় একে যায় ? ঈশ্বৰে যেনেকৈ কাঢ়ি নিয়ে তেনেকৈ দিয়েও। অৱশেষত তাইৰ জীৱনলৈ বন্ধু হিচাপে কাষ চাপি আহিল ৰূপক। দিন বাগৰাৰ লগে লগে ৰূপকে তাইক ভালপাবলৈ ধৰে আৰু তাৰ সমান্তৰালকৈ অনামিকাৰ মনতো ৰূপকে নিজৰ বাবে এডোখৰ ঠাই লবলৈ সক্ষম হ’ল। কিন্তু প্ৰথম অৱস্থাত অনামিকাই ভয় কৰিছিল, যদি ৰূপকে তাইৰ অতীতৰ বিষয়ে জানে কি হব? সি জানো আঁকোৱালি লব তাইক ? সি যেনিবা আঁকোৱালি ললেই কিন্তু ৰূপকৰ ঘৰখনে যদি তাইক আদৰি নলয় কি হব।
অনামিকা চিন্তাত পৰিল, তাই ইচ্ছা কৰিও ৰূপকৰ হ’ব নোৱাৰে। তথাপিতো অনামিকাই ৰূপকে তাইক তাৰ মনৰ কথা খুলি কোৱা দিনটোলৈ অপেক্ষা কৰি থাকিল।
অৱশেষত অনামিকাৰ জীৱনলৈ সেই দিনটো আহিল, ৰূপকে তাইলৈ ফোন কৰি ক’লে, “শুনিচনে… তোৰ লগত মোৰ কথা এটা আছে। মই নাজানো কথাটো শুনি তই কেনেকুৱা পাৱ মোক, কিন্তু যিটো হব লগীয়া আছিল হৈ গ’ল। মই নিজকে ৰখাই থব নোৱাৰিলোঁ। মই তোক ভালপাই পেলাইছোঁ।”
ৰূপকে যে অনামিকাক ভালপাই পেলাইছে সেই কথা অনামিকাই আগতেই অনুধাৱন কৰিলেও সেই সময়ত অনামিকাই ইচ্ছা কৰিয়েই ৰূপকক ক’লে, “চা, তোৰ মনত মোলৈ যি ভাব আছে তাক মই সন্মান জনাওঁ যদিও তই কথাটো বৰ সহজ ভাবে কৈ দিলি মোক। কিন্তু কথাবোৰ শুনাত যিমান উজু বাস্তৱত তেনে নহয়। তই মোৰ অতীতৰ বিষয়ে একেবাৰে অজ্ঞাত। যদি জানিলি হেতেন মই ভাবো তই এই প্ৰস্তাৱটো মোক কেতিয়াও নিদিলি হেতেন।”
অনামিকাৰ কথা শুনি ৰূপকৰ ধৈৰ্য্য হেৰাল, সি তাইক আচৰিত হৈ সুধিলে, “কিন্তু কি ? তোৰ এনেকুৱা কি অতীত আছে, যিটো কথা জানিলে কি তোক ভাল নাপাম।”
অনামিকাই ৰূপকক কলে, “আচলতে মই বিবাহিত, কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে মই সেই সম্পৰ্ক ত্যাগ কৰি আহিলোঁ। এতিয়া ক, তই জানো মোৰ এইটো অৱস্থা মানি লব পাৰিবি?”
অনামিকাৰ কথা শুনি ৰূপক আচৰিত হোৱাৰ লগতে বিবুদ্ধিত পৰিল। ৰূপকে কিছুপৰ মৌন হৈ চিন্তা কৰি থাকি পৰিস্থিতিক চম্ভালি লৈ অনামিকাক ক’লে, “আচলতে কি জাননে, সেইবোৰ তোৰ অতীত আছিল, এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই। তাত তোৰ ভুল কি? তইতো আগতীয়াকৈ নাজান তোৰ জীৱনত মই ভুমুকি মাৰিম বুলি। সপোন দেখাতো অপৰাধ নহয়। তই সপোন দেখিছিলি সেয়ে এই কথা বাদ দিলোঁ ইয়াতেই। যদি তই আগ্ৰহী হয় তেন্তে অতীত পাহৰি তোক আঁকোৱালি লোৱাৰ দ্বায়িত্ব মোৰ।”
ৰূপকৰ কথাবোৰত অনামিকাই যথেষ্ট মনোবল পালে। অনামিকাই যিহেতু ইমানদিনে মনৰ মাজতে ৰূপকক ভালপাই আছিল সেয়ে তাই অলপো আপত্তি নকৰাকৈ ৰূপকৰ কথাত মান্তি হ’ল আৰু আৰম্ভণি হ’ল এটা মধুৰ সম্পৰ্কৰ।
ৰূপক লৰাটো সাধাৰণতে নীতি নিয়ম মানি চলা লৰা, নিজৰ বিবেকক ধীয়াই চলি ভালপাই সি। সমাজ বিশেষে চলি অহা ৰীতি নীতি বোৰ যেন তাৰ বাবে শিলৰ বাবে শিলৰ ৰেখা স্বৰূপ। ৰূপকৰ বাবে আশা আকাংক্ষাবোৰতকৈ আত্ম সন্মান বহুত ডাঙৰ কিবা এটা। বিপৰীতে অনামিকাৰ ক্ষেত্ৰত অলপমান ওলোটা, তাইৰ বাবে আশা আকাংক্ষাই সকলো তাৰ পিছতহে আহে নীতি নিয়ম আৰু আত্ম সন্মান ইত্যাদি।
সময় বাগৰিল, এদিন হঠাৎ অনামিকাই ৰূপকক ফোন যোগে ক’লে, “চা আমি আমাৰ ৰিলেশ্বনত বহুত দিন পাৰ কৰিলোঁ। তই বুজি পাৱনে, মোৰ কিছুমান আশা আকাংক্ষা আছে, আৰু কিমান দিন মই সেইখিনিৰ পৰা বঞ্চিত হৈ থাকিম ক ?”
ৰূপকে ক’লে, “মই বুজি পাইছোঁ তই কি কব খুজিচ। কিন্তু সমাজ বোলা কিবা এটাও আছে। মই অতি সোনকালে তোক নিজৰ কৰি লৈ আহিমতো। মোক মাথোঁ অলপ সময় দে তই।”
অনামিকাই মাত লগালে, “তই ভালেই ভাবিচ, তোক যিমান সময় লাগে তই ল। কিন্তু তই মোৰ কথাটোও বুজিব লাগিব। তই মুখেৰে ভালপাওঁ কলে জানো হব? সেই ভালপোৱাৰ পূৰ্ণতা ক’ত, যদি মই সেই ভালপোৱাক অনুভৱেই নকৰো। অনুভৱ কৰিবলৈ কিবা এটাটো মাধ্যম লাগিবই ন। সেয়ে মই ভাবিছোঁ দুয়োটা শ্বিলঙৰ ফালে ফুৰিব যাওঁ”
অনামিকাৰ কথা শুনি ৰূপকে ক’লে, “হাঃ হাঃ হাঃ তই আচলতে এতিয়াও ডাঙৰ হোৱাই নাই। কি যে চিন্তা বোৰ কৰি থাক নহয়। আগত বিয়া, তাৰ পিছত শ্বিলং নালাগে মানালি যাম দুয়োটা হ’ব? বৰ্তমান মই সেইক্ষেত্ৰত প্ৰস্তুত নহয়। যিহেতু জীৱনৰ কথা আছে সেয়ে মই ঘপকৈ এটা সিদ্ধান্ত লব নোৱাৰো। এই আশা আকাংক্ষা, শাৰীৰিক ক্ষুধা এইবোৰ ক্ষন্তেকীয়া ভোজ মাত্ৰ। এতিয়া ডাঙৰ হলি, অলপমান কথাটো বুজিবি।”
ৰূপকৰ কথা শুনি অনামিকাৰ মনে অলপমান কষ্ট পালে, তাইৰ আশাবোৰত চেঁচা পানী পৰিল। তাই ক’লে, “ঠিক আছে, তই গুড মেন হৈয়ে থাক সভ্যতা সংস্কৃতিৰ ৰক্ষা কৰি। আচলতে তোৰ পৰা বিশেষ আশা কৰাটোৱে ভুল মোৰ। থাক তই তোৰ আত্ম সন্মানটোৰ লগতে।”
ইমান দিনে ৰূপক আৰু অনামিকাৰ সম্পৰ্কটো সাধাৰণ ভাবে চলি থাকি প্ৰায় ছমাহ পাৰ কৰিলে। সময়ৰ লগে লগে অনামিকা অলপমান সলনি হবলৈ ধৰিলে। ৰূপকে অনামিকা সলনি হোৱা কথাটো আঁৰে আঁৰে মন কৰিলে যদিও তাইক খুলি নকলে যদিও তাৰ জানিব মন গল তাইৰ আচাৰ ব্যৱহাৰবোৰ সলনি হোৱাৰ আঁৰৰ কথাটো কি। লাহে লাহে ৰূপকে আঁৰৰ ৰহস্যটো অনুসন্ধান কৰিবলৈ ধৰিলে আৰু এসময়ত গৈ সি আঁৰৰ কথাটো বিচাৰি উলিয়াবলৈ সক্ষম হ’ল। ৰূপকে জানিব পাৰিলে অনামিকাই তাৰ বাহিৰেও তাইৰ অফিচৰে অন্য এজন লৰা হেমন্তৰ লগত সম্পৰ্ক ৰাখিবলৈ আৰম্ভ কৰিছে। পৰিস্থিতিৰ সন্মুখত পৰি ৰূপক অসহায় হৈ পৰিল। সি অনামিকাৰ নতুন প্ৰেমিকজনক লগ পাই সকলো কথা পতাৰ সিদ্ধান্ত ললে।
বহু চেষ্টাৰ অন্তত ৰূপকে হেমন্তৰ নম্বৰটো সংগ্ৰহ কৰি তালৈ ফোন কৰিলে। সিটো মোৰে হেমন্তই ৰূপকৰ কলটো ৰিচিভ কৰি ক’লে, “হেল্ল’ কোনে ক’লে ?”
ৰূপকে কলে, “তোমাৰ এজন শুভাকাংক্ষী বুলি ধৰা ভাই। তুমি সকলো কথা জানি কৰিছা নে নাজানি কৰিছা নাজানো, কিন্তু যি কৰিছা তোমাৰ বাবেই বেয়া হৈছে কথাটো।”
হেমন্তই কলে, “মানে ? কি কব খুজিছে আপুনি ? অলপ খোলাকৈ কওঁক।”
ৰূপকে ক’লে, “তুমি অনামিকাক চিনি পোৱা নহয়? মই তাইৰ বয়ফ্ৰেইণ্ড। মোৰ নাম ৰূপক, সুধিবা তাইক… কব মোৰ কথা সকলো।”
হেমন্তই ক’লে, “কিন্তু মই জনাত তাইৰ একমাত্ৰ ভালপোৱা মই নিজেই। তেন্তে আপুনি কৰপৰা আহিল হে ? ফটোৱামী কৰিব ঠাই বিচাৰি নাপালে নেকি ?”
ৰূপকে ক’লে, “ফটোৱামী মই কৰা নাই, তাই তোমাৰ লগত ফটোৱামী কৰিছে। ইচ্ছা কৰিলে তোমাৰ ক্ষতি কৰিব মইও পাৰো। কিন্তু তুমিও মোৰ দৰে এখন ঘৰৰ লৰাই। তোমাৰ মা দেউতাৰ সপোন আছে তোমাক লৈ, সেয়ে কৈছোঁ মোক এবাৰ তুমি লগ কৰা। মই সকলো কথা খুলি কম তোমাক।”
ৰূপকৰ কথাত হেমন্ত মান্তি হ’ল আৰু দুয়োটা এঠাইত লগ হোৱাৰ সিদ্ধান্ত ল’লে।
কথা মতে কাম, ৰূপকে হেমন্তক লগ পাই সকলো কথা বিবৰি কোৱাৰ লগতে অনামিকাৰ পৰা অহা প্ৰতিটো মেছেজ হেমন্তক দেখুৱালে। ৰূপকৰ কথাবোৰ শুনি হেমন্তৰ চকু চলচলীয়া হৈ পৰিল। পৰিস্থিতি চম্ভালি হেমন্তই ৰূপকক ক’লে, ” আপুনি অচিনাকী মানুহ হৈও মোক ইমান ডাঙৰ উপকাৰ কৰিলে। প্ৰথমতে আপোনাক শত্ৰু জ্ঞান কৰিছিলোঁ, কিন্তু আপুনি এটা আগন্তুক বিপদৰ পৰা ৰক্ষা কৰিলে, তাৰ বাবে ধন্যবাদ।”
হেমন্ত সেই ঠাইৰ পৰা আঁতৰি গল। লগে লগে ৰূপকে অনামিকাক ফোন কৰিলে আৰু ক’লে,
“হেমন্ত কোন ? এনেকুৱা কি আছে তহঁতৰ মাজত ?”
অনামিকাই ক’লে, “সি মোৰ ভাল বন্ধু মাত্ৰ। তাৰ বাদে বেলেগ একো নহয়। কিন্তু এইবোৰ মিছা কথা তোক লগাইছে কোনে ক ?”
ৰূপকে ক’লে, “অলপ আগলৈকে হেমন্ত মোৰ লগতে বহি আছিল। সি ইতিমধ্যে সকলোবোৰ কথা জানি বুজিয়ে গৈছে। মোৰ কথা হ’ল, মোৰ লগত তই এনেকুৱা কিয় কৰিলি কচোন। তোৰ সকলো কথা জানি বুজিও মই তোক বহুত ভালপাওঁ বুলিয়েই আগুৱাই গৈছিলোঁ। তাৰ পিছতো তই এইটো প্ৰতিদান দিবি বুলি ভবা নাছিলো মই। আচলতে কথাটো মিছা একেবাৰে নহয় যে উপকাৰীক অজগৰে খাই। সাপটো এনেয়ে বদনাম, বিষ থকা খোঁটটো সদায় প্ৰেমেই মাৰে। আজিৰ পৰা তোৰ মোৰ সকলো সম্পৰ্ক শেষ।”
ৰূপকে ফোন কলটো কাটি নিজৰ পথত অগ্ৰসৰ হ’ল।”
ইমান সময়ে কাহিনীটো লিখি থাকোতে নিশা ২ কেনেকৈ বাজিল নীলাভে গমেই নাপালে। কাহিনীটো লিখি শেষ হোৱাত নীলাভ চকীৰ পৰা উঠি শুবলৈ আহিল।
পুৱা ৮ বাজিছে, লৰা লৰিকৈ নীলাভে ব্ৰেকফাষ্ট কৰি অফিচলৈ যাবলৈ সাজু হ’ল। তেনেতে এটা অচিনাকি নম্বৰৰ পৰা তালৈ ফোন এটা আহিল। নীলাভে ক’লে,
“নমস্কাৰ, কওকচোন কোনে ক’লে।”
ফোনৰ সিটো মূৰৰ পৰা এটা মিঠা মহিলা কণ্ঠস্বৰ ভাঁহি আহিল, “মোৰ নাম প্ৰজ্ঞানী শইকীয়া। আপুনি ‘অভিশপ্ত নৈশ বাছ’ নামৰ ভৌতিক গল্পটো লিখা নীলাভ বৰুৱা নহয় জানো ? আপোনাৰ গল্পটো ইন্দ্ৰধনু আলোচনীখনত পঢ়িলোঁ। বৰ ভাল লাগিল, তাতে আপোনাৰ ফোন নম্বৰটো পাই ফোন কৰিলোঁ।”
ৰাতিপুৱাই অহা ফোনটোৱে নীলাভৰ মুখত হাঁহি বিৰিঙাই তুলিলে আৰু সি ক’লে, “হয় সেইজন ময়েই। ভাল লাগিল আপুনি আপোনাৰ অনুভৱটো কলে, ই মোৰ বাবে সঁহাৰি স্বৰূপ। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।”
সিটো মূৰৰ পৰা প্ৰজ্ঞানীয়ে ক’লে, “ধন্যবাদ দিলে কাম নহব, একেখন আলোচনীত মোৰো এটা ৰোমান্টিক গল্প ওলাইছে, পঢ়ি চাই কেনে পাই কবচোন। আপোনালোকৰ দিহা পৰামৰ্শ পালে ভাল লাগিব।”
এটা স্বভাৱ সুলভ হাঁহিৰে নীলাভে উত্তৰ দিলে, “দিহা পৰামৰ্শ দিব পৰাৰ যোগ্য মই নহয়, তথাপিও মই নিশ্চয় পঢ়িম আপোনাৰ গল্পটো। বৰ্তমান মোৰ লগত কিতাপখন নাই, মই হাৰ্ড কপিটো আজি কিনি লৈ পঢ়ি আপোনাক নিশ্চয় জনাম।”
নীলাভ আৰু প্ৰজ্ঞানীয়ে কিছু সময় অন্যান্য কথা পাতি পৰস্পৰৰ পৰা বিদায় লৈ ফোন কলটো কাটিলে আৰু নীলাভ অফিচলৈ বুলি ৰাওনা হল।
অফিচ পাই নীলাভৰ অফিচত মন নবহিল, বাৰে বাৰে তাৰ মনলৈ প্ৰজ্ঞানীৰ আহিব ধৰিলে। অহাটো স্বাভাৱিক, তাৰ ইমানবোৰ গল্প প্ৰকাশ পোৱাৰ পিছতো পাঠকৰ পৰা পোৱা প্ৰথমটো আৰু একমাত্ৰ ফোন কল কেৱল প্ৰজ্ঞানীৰেই। কম সময়ৰ ভিতৰতে হলেও প্ৰজ্ঞানীয়ে নীলাভৰ মনত ঠাই লবলৈ সক্ষম হল। নীলাভৰ ধৈৰ্য্য হেৰাল, সেইদিনা সি সোনকালে অফিচৰ পৰা ঘূৰি আহিল। ঘৰলৈ অহাৰ বাটত সি কিতাপৰ দোকানৰ পৰা ইন্দ্ৰধনু মাহেকীয়া আলোচনীখন কিনি আনিলে। ঘৰ আহি পাই অলপো পলম নকৰি নীলাভে প্ৰজ্ঞানীয়ে লিখা কাহিনীটো পঢ়িব ধৰিলে আৰু খুব কম সময়ৰ ভিতৰতে গোটেই কাহিনীটো পঢ়ি শেষ কৰি লগতে সি প্ৰজ্ঞানীলৈ ফোন কৰিলে।
প্ৰজ্ঞানীয়ে ফোনটো ৰিচিভ কৰি লগতে ক’লে, “ভাল লাগিল, মই জানিছিলোঁ আপুনি ফোন কৰিব বুলি।”
নীলাভে ক’লে, “হাঃ হাঃ হাঃ জানিছিলা ? আচৰিত। পিছে মই তোমাৰ গল্পটো পঢ়িলোঁ। খুবেই ভাল লাগিল পঢ়ি। মোৰ তুলনাত তুমি বহুতেই ভাল গল্প লিখা, তাৰ পিছত আকৌ মোৰ পৰাহে পৰামৰ্শ লাগে তোমাক।”
প্ৰজ্ঞানীয়ে ক’লে, “হাঃ হাঃ হাঃ আপুনি কিন্তু মোক লাজ দিছে দেই, মই অলপমান লিখিব চেষ্টা কৰো আৰু। বাকী তাৰ কোৱালিটি কেনেকুৱা সেইটো আপোনালোকে জানিব।”
নীলাভে কলে, “কোনো সন্দেহ নাই, তুমি বিৰাট ভাল লিখা। আৰু কিবা লিখা মেলা থাকিলে দিবা, পঢ়িব পালে নিজকে ভাগ্যৱান ভাবিম।”
প্ৰজ্ঞানীয়ে ক’লে, “নিশ্চয় দিম, আপোনাৰ এইটো নম্বৰতে whatsapp আছে নহয় ন ? দুই এটা লিখনি আছে। সেয়া মই দি থম আপোনাক, আজৰি সময়ত পঢ়িব।”
লাহে লাহে নীলাভ আৰু প্ৰজ্ঞানীৰ মাজত ভাল বন্ধুত্বৰ সম্পৰ্কৰ আৰম্ভ হল। সঘনাই কথাবতৰা আৰম্ভ হল whatsapp যুগে। লিখনিবোৰ দুয়ো পৰস্পৰৰ মাজত আলোচনা কৰি লিখিব ধৰিলে। আগৰ তুলনাত কাহিনীৰ শব্দবোৰেও যেন উচিত মাত্ৰা বিচাৰি পালে। আৰু এনেকৈয়ে কোনেও নজনাকৈয়ে দুয়ো দুয়োৰে কাষ চাপি গৈ এটা সময়ত বন্ধুত্বৰ সম্পৰ্ক প্ৰথম ভাল লগা হৈ পিছলৈ ভালপোৱা হৈ পৰিল।
সেইদিনা নীলাভৰ প্ৰজ্ঞানীক লগ পাবলৈ বৰকৈ মন গল সেয়ে সি তাইক ফোনযোগে কলে, “তুমি তোমাৰ পি.জি.ৰ পৰা ৰাতিপুৱা ১০ বজাত ওলাই দিবা। মই তোমাক পি.জি.ৰ মুখতে লগ পাম। দুয়োটা বিশেষ পবিত্ৰ স্থান এখনলৈ যাম ভাবিছোঁ।”
নীলাভৰ কথা শুনি প্ৰজ্ঞানীয়ে মনত বৰ ফুৰ্তি পালে আৰু তাই ক’লে, “ৱাহ … ক’ত যাবা কোৱা ? বালাজী যাবা নে কামাখ্যা ?”
নীলাভে ক’লে, “যাম এঠাইত। য’ত মহাদেৱ আৰু মা পাৰ্বতীৰ আৰ্শীবাদ আছে, তালৈকে যাম। উমানন্দ যাম দুয়োটা, ওলাবা।”
নীলাভৰ কথা শুনি প্ৰজ্ঞানী কিছুপৰ মৌন হৈ ৰৈ ক’লে, “কিন্তু মোৰ যে পানীত যাবলৈ বৰ ভয় লাগে আৰু তাতে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে।”
নীলাভে ক’লে, “টাইটানিক চাইছিলা নেকি ? মই জেক নহয় আৰু তুমিও ৰ’জ নহয়। নমৰো কোনো, ওলাবা।”
প্ৰজ্ঞানীয়ে কলে, “নাই মোৰ ভয় লাগে, মই ফেৰীত নুঠু ইমানেই।”
নীলাভে কলে, “ঠিক আছে নালাগে। দুয়োটাই কাইলৈ এনেই এপাক উগ্ৰতাৰাৰ ফালে যাম ওলাবা।”
প্ৰজ্ঞানীয়ে কলে, “কিন্তু খোজ কাঢ়ি যাম আৰু কথা পাতি যাম, যাতে অলপ সময় পাওঁ তোমাৰ পৰা।”
পিছদিনা নীলাভ আৰু প্ৰজ্ঞানীয়ে উগ্ৰতাৰা দিশে কথা পাতি লাহে লাহে খোজ দিলে। খোজ কাঢ়ি যাওঁতে প্ৰজ্ঞানীয়ে ক’লে, “উঃ মই নোৱাৰিছোঁ, ভৰি বিষাইছে মোৰ। আৰু নাযাওঁ নেকি আগুৱাই ?”
নীলাভে ক’লে, “অনলাইন খানা অৰ্ডাৰ কৰি খাই খাই বন বিৰলাটো হোৱাদি হৈছা, তোমাৰ ভৰি নিবিষাই মোৰ বিষাব নে।”
প্ৰজ্ঞানীয়ে অভিমানী সুৰত ক’লে, “ইঃ হব আৰু হা, কত নো মই বেছি খাওঁ।”
নীলাভে হাঁহি এটা মাৰি প্ৰজ্ঞানীক জোকাই ক’লে, “কিয়… মটকা বিৰিয়ানি কোনে খাই ? মাজে সময়ে বিয়েৰো মাৰা যদি কোনে জানে। চেহেৰাডাল বনাইছা মাত্ৰ, ধেপা ঢোলটো। দিয়া দিয়া খোজ দিয়া আৰু অলপ আছে।”
প্ৰজ্ঞানীয়ে কথা পাতি পাতি আগুৱাই গৈ গমকে নাপালে যে তাই ইমানপৰে উগ্ৰতাৰা পাৰ হৈ আহি জাহাজ ঘাটৰ সন্মুখ পালেহি। চকুৰ সন্মুখত জাহাজ ঘাটটো দেখি তাই নীলাভলৈ পেন্দুৱাকৈ চালে।
নীলাভে ক’লে, “ডৰ কে আগে জিত হে, এতিয়া যোৱা ফেৰীৰ টিকট দুটা কাটি অনা। পাৰিবা নহয় মাইনা ?”
প্ৰজ্ঞানীয়ে মিচিকিয়া হাঁহি এটা মাৰি নীলাভক ক’লে, “তোমাৰ মূৰটো, ইমানো ভয়াতুৰ নহয় মই। যোৱা তুমি টিকট কাটি অনা মই ইয়াতে ৰৈ আছোঁ।”
নীলাভে কলে, “ঠিক আছে, তুমি ৰোৱা। মই এই গলো, এই আহিলোঁ।”
নীলাভে টিকটটো কাটি আনিলে, আৰু এটা সময়ত ফেৰীত উঠি দুয়োৰে যাত্ৰা আৰম্ভ হ’ল উমানন্দৰ দিশে।
বাকী মানুহবোৰৰ লগত একেলগে ফেৰীখনত থিয় হৈ নীলাভ আৰু প্ৰজ্ঞানী গৈ থাকিল। নদীৰ মাজ ভাগত বলা বতাহজাকৰ বাবে প্ৰজ্ঞানীৰ চুলিখিনিয়ে নীলাভৰ নাকে মুখে কোবাব ধৰিলে। নীলাভে অকণমান দীঘলীয়াকৈ উশাহটো লৈ ক’লে , “উঃ ক্লিনিক প্লাছ!”
প্ৰজ্ঞানীয়ে গহীন হৈ সন্মুখৰ ফালে চাই ক’লে, “নহয় মামা আৰ্থ।”
এটা সময়ত নীলাভ আৰু প্ৰজ্ঞানী দুয়ো গৈ উমানন্দ পালেগৈ। উমানন্দৰ পবিত্ৰ পৰিবেশটোৱে দুয়োৰে মন মগজু পবিত্ৰ কৰি তুলিলে। দুয়ো সেৱা আগবঢ়োৱাৰ পিছত নদী দ্বীপটোৰ চৌদিশ পৰিক্ৰমা কৰাৰ মনেৰে দুয়ো আগবাঢ়িল। আগুৱাই গৈ থাকি এডোখৰ ধুনীয়া শিল থকা ঠাই পাই দুয়ো বহি পৰিল সন্মুখৰ বিশাল ব্ৰহ্মপুত্ৰখন চায়।
প্ৰজ্ঞানীয়ে ক’লে, “Thanks, মোক ইমান এটা ধুনীয়া দিন উপহাৰ দিয়া বাবে। প্ৰথমে আহিবলৈ ভয় লাগিছিল যদিও একমাত্ৰ তোমাৰ সাহসতে গুচি আহিলোঁ, আৰু ইয়াত আহি ইমান ভাল লাগিল মনটো, সকলো ভয় শংকা আঁতৰি গল।”
নীলাভে ক’লে, “সেয়ে ডাঙৰে কিবা এটা কলে শুনিব লাগে, উপকাৰ নিজৰে হব।”
প্ৰজ্ঞানীয়ে ক’লে, “হব, এনে ডাঙৰটো ওলাইছে। ৰবা মই অলপ আগৰ পৰা নদীখন চাই আহোঁ।”
চকুৰ পচাৰতে প্ৰজ্ঞানী উঠি গৈ নদীৰ পাৰত থকা শিলত বগাবলৈ লাগিল। তাই কৰা উৎপাত দেখি নীলাভৰ অলপমান মৰমো লাগিল যদিও তাইৰ সুৰক্ষাৰ কথা ভাবি সি তাইক ক’লে, “ঐ বান্দৰামি কৰিব এৰা, উভতি অহা। ইয়াত মতা দেখুৱাব নালাগে এতিয়া, অলপ সিফালে গলেই পৰি থাকিবা।”
নীলাভে কোৱা কথাক অলপো গুৰুত্ব নিদি প্ৰজ্ঞানীয়ে কেৱল হাঁহিবলৈ ধৰিলে।
নীলাভে কাষতে পৰি থকা গছৰ ডালি এটা হাতত উঠাই লৈ তাইক দেউতাকৰ দৰেই ক’লে, “তই উভতি আহিবি নে ? নে মই যাম ?”
প্ৰজ্ঞানীয়ে মুখ খন বেঁকা কৰি “এইটো মানে” বুলি নীলাভক উদ্দেশ্যি কৈ শিলকেইটাৰ পৰা নামি আহি নীলাভৰ কাষ পালেহি আৰু তাতে অলপ সময় কটাই দুয়ো ঘূৰি আহিল।
এনেকৈয়ে দিনৰ পিছত মাহ, মাহৰ পিছত বছৰ পাৰ কৰি নীলাভ আৰু প্ৰজ্ঞানীৰ সম্পকটোৱে এবছৰ পাৰ কৰিলে।
এদিন হঠাৎ প্ৰজ্ঞানীয়ে ফোন কৰি নীলাভক কলে, “কথাটো মই কেনেকৈ কওঁ ভাবি পোৱা নাই নীলাভ, তুমি বা কেনেকুৱা ৰিয়েক্ট কৰা! মোৰ হলে বৰ ভয় লাগিছে।”
প্ৰজ্ঞানীৰ কথাত নীলাভৰ আচৰিত লাগিল, সি তাইক সুধিলে “কি হল কোৱাচোন?”
প্ৰজ্ঞানীয়ে ক’লে, “মোৰ বাবে ঘৰত লৰা চোৱা আৰম্ভ কৰি দিছে। মোৰ হাতত সময় যথেষ্ঠ কম, কিন্তু লৰা হিচাপে তোমাৰ হাতত সময় বেছি। মই হলেও ঘৰৰ বিৰুদ্ধে যাব নোৱাৰোঁ, দেউতা ইফালে অসুখীয়া মানুহ। মই কৰো কি! মই মৰি যাম যেন লাগিছে।”
প্ৰজ্ঞানীৰ মুখেৰে ওলোৱা প্ৰতিটো শব্দই নীলাভৰ বুকু ভেদি গ’ল। তথাপিতো সি নিজকে চম্ভালি তাইক ক’লে, “তুমি এবাৰ হলেও মোৰ কথা ঘৰত কব পাৰিলা হেতেন, কিন্তু নকলা কিয়?”
প্ৰজ্ঞানীয়ে ক’লে, “কি বুলিনো কম, ঘৰৰ মানুহ অঁকৰা। নিজৰটোৱে বুজি পাই এনেকুৱাত তোমাৰ কথা কলে যে মানি লব অলপো সন্দেহ নাই। আৰু মই তেওঁলোকৰ বিৰুদ্ধে যাবলৈ গলেও মা দেউতা মৰি যাব।”
নীলাভে গহীন হৈ কলে, “চেষ্টা তুমি আচলতে নিজৰ ফালৰ পৰাই কৰা নাই, বুজিলোঁ। যাহওঁক, মা দেউতাক পোৱা তুমি ২৪ বছৰ হল। মোক লগ পোৱা দুবছৰো সম্পূৰ্ণ হোৱা নাই, তেওঁলোক কত আৰু মই কত। অন্তত তোমাৰ সুখ কণ সদায় লাগে মোক, মই ভাবো আমি ইমানতে সকলো শেষ কৰি পেলোৱাটো ভাল হব। এটা ভাল সপোন আছিলা বুলি পাহৰি যাব চেষ্টা কৰিম।”
প্ৰজ্ঞানীয়ে নীলাভক বহুতো বুজাবলৈ চেষ্টা কৰিলে যদিও নীলাভে বুজিবলৈ চেষ্টা নকৰিলে। নীলাভে বুজি উঠিছিল যে ধনুৰ আগেৰে কাঁড়ডাল কেতিয়াবাই ওলাই গ’ল, এতিয়া এইবোৰ আলোচনা কৰাতো অৰ্থহীন কথা কেৱল। সময় বা পৰিস্থিতিয়ে সকলোকে শিকাইয়ে যেতিয়া ভৱিষ্যতে তাইকো সময়ে নীলাভৰ বিষয়ে অনুধাৱন কৰাব বুলি নীলাভ প্ৰজ্ঞানীৰ জীৱনৰ পৰা ওলাই আহিল।
আজিকালি নীলাভে লিখা মেলা কৰা বাদ দিলে, বৰ্তমান লিখা মেলাত কৰাত তাৰ অলপো চখ নাই তাৰ পৰিৱৰ্তে কেৱল নিজৰ কামক লৈ ব্যস্ত আৰু সুখী। এইটো নহয় যে সি লিখিবলৈ মন নকৰে, সি চেষ্টা কৰিও বাৰে বাৰে বিফল হয়। কিন্তু কিয়…. সেই কথা সি নিজেও নাজানে। প্ৰজ্ঞানী তাৰ জীৱনৰ পৰা আঁতৰি যাওঁতেই যেন তাই নীলাভৰ মন মগজু সকলো লগতে লৈ গ’ল। কালক্ৰমত নীলাভ অতি বাস্তৱিক আৰু কেৱল দায়িত্ব পালন কৰি ফুৰা এটা যন্ত্ৰ হৈ পৰিল। কৰবাত হেৰাই গ’ল সেই তাহানিৰ নীলাভ বৰুৱা।
দিন বাগৰিল, কামৰ পৰা আহি আজৰি সময়ত নীলাভৰ আমনি লাগে বাবে সি আজিকালি ফেচবুকতে ব্যস্ত থাকে। ফেচবুকত দুই এটা খুহুতিয়া কথাৰ পৰা আদি কৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ কেৱল সময় পাৰ কৰিবলৈকে সি অলাগতিয়াল দুই এক কথা শ্যেয়াৰ কৰে। নহলে কৰিব কি! মনে বিচাৰিলেও বহু চেষ্টা কৰিও সি আগৰ দৰে হব পৰা নাই। দহ জনৰ আগত ধেমেলীয়া কথা কৈ থাকিলেও বুকুত একুৰা দুখৰ জুই জ্বলি আছে তাৰ।
পৰিস্থিতিত পৰি নীলাভে ভালকৈ বুজি উঠিল যে প্ৰজ্ঞানীৰ বাদে আন কাৰোবাক তাৰ জীৱনত ভাল নালাগে। সেয়ে জীৱনৰ অকলশৰীয়া মুহুৰ্তবোৰ জিংকু কৌস্তভ আৰু ৰঞ্জন ৰক্তিম হতৰ দৰে বন্ধু বোৰৰ লগতে মিলি পাৰ কৰে। বন্ধুত্বইতো এনেকুৱা এটা সম্পৰ্ক, যি জীৱনত হেৰাই নাযায়।
বেলিৰ গতিৰ লগে লগে সময়ে খোজ দিলে, গতিশীল জীৱনত নতুনত্ব স্বাভাৱিক। এদিন হঠাৎ নীলাভক আচৰিত কৰি তুলি ভগৱানে তাৰ হেৰুৱা হাঁহিকণ ঘূৰাই দিলে। তাৰ হঠাৎ ভাল লাগিব ধৰিলে বিশেষ কাৰোবাক, একেবাৰে নিঃস্বাৰ্থ ভাবে।
তেওঁৰ নাম প্ৰহেলিকা শৰ্মা। মৰম লগা মুখৰ গহীন যেন ছোৱালীজনীক দেখি নীলাভৰ ভাল লাগিল। বেয়া পোৱাৰ হাজাৰ কাৰণ থাকিব পাৰে, কিন্তু কাৰোবাক ভালপোৱাৰ কাৰণ জানো থাকে ? কাৰণ লৈ যদি কাৰোবাক ভালপোৱা হয়, তাৰ আঁৰত স্বাৰ্থ থাকিবই।
নীলাভে ভালকৈ জানে প্ৰহেলিকা যে তাৰ হব এইক্ষেত্ৰত সন্দেহ আছে। মানুহৰ মানুহক ভাল লগাটো স্বাভাৱিক, কিন্তু বিপৰীতে থকা প্ৰহেলিকাই যে নীলাভক ভালপাব তেনেকুৱা কোনো কথা নাই। সেয়ে সি বিবুদ্ধিত পৰি তাৰ বন্ধু ৰঞ্জনৰ লগত কথা পাতিলে, “ঐ কথা এটা, ভাবিছিলোঁ জীৱনটোত অকলেই সুখী থাকিব পাৰিম বুলি, কিন্তু কাৰোবাক দেখাৰ পিছত এনেকুৱা লাগিছে যেন তাইৰ জীৱনত নাথাকিলেহে দুখী মই। এতিয়া মই কৰো কি ? নে তাইক crush হিচাপেই থাকিব দিওঁ ?”
নীলাভৰ কথা শুনি ৰঞ্জনে ক’লে, “চা ভাই, তই কাক ভাল দেখিছ বেয়া দেখিছ কবলৈ নাযাওঁ। তোৰ পছন্দ কেতিয়াও বেয়া হব নোৱাৰে কিন্তু তই সাৱধান হবি। বেয়া মোৰো লাগিব যদি তই সেই আগৰ দৰেই আঘাত পাৱ।”
ৰঞ্জনক উদ্দেশ্যি নীলাভে ক’লে, “হাঃ হাঃ হাঃ মই মহাদেৱৰ ভক্ত ভাই। তেওঁ যেনেকৈ সমুদ্ৰ মন্থনত বিহ গিলিছিল তেনেকৈ মইও মোৰ জীৱনৰ নানান দুখক গিলি থৈছোঁ, এই দুখ দিলে দিব আৰু…. যদি মই সেইকণ ৰিক্স নলও মোৰ ভালপোৱাৰ মূল্যও নাথাকে। ভালপোৱাও ঠিক এখন যুঁজৰ দৰে! ইয়াতো জয় পৰাজয় থাকে, এতিয়া বাকী চাওঁ…. মোৰ কপালত জয় আছেনে পৰাজয়।”