অপূৰ্ব দাস
এইবিধ লতাৰ বৈজ্ঞানিক নাম হৈছে Mikania micrantha।
ই এবিধ ঔষধি গুণেৰে সমৃদ্ধ লতা। হয়তো বহুতেই নাজানে বাবে ইয়াক উঘালি গৰু-ছাগলীক খাবলৈ দিয়ে। ইয়াৰ সোৱাদ অলপ তিতা। ইয়াৰ ফল পকিলে ৰঙা ৰঙৰ হয়।
এই লতাৰবিধৰ আছে বহু ঔষধি গুণ। ইয়াক বহুতো ৰোগত ব্যৱহাৰ কৰি সুফল পোৱা যায়। বহতেই হয়তো বিষাক্ত বুলি ভাবে। হয়তো আপুনি ইয়াৰ ঔষধি গুণৰ বিষয়ে জানিবও পাৰে। আজি এইবিধ লতাৰেই ঔষধি গুণৰ বিষয়ে আপোনাক জনাম -
(১) জ্বৰ হʼলে এইবিধ লতাৰ পাত পিহি ১০ মিলি ৰস খালে জ্বৰ নাইকীয়া হ'য়।
(২) পেটত কৃমি হʼলে এই লতাৰ পাতৰ ৰস উলিয়াই কিছুদিন খালে কৃমি নাশ হয়।
(৩) এইবিধ লতাৰ পাত জণ্ডিছ ৰোগৰ বাবে অতি উত্তম। ইয়াৰ ৩/৪ খন পাতৰ ৰস উলিয়াই ৬/৮ দিনমান খালে জণ্ডিছ ৰোগ ভাল হয়।
(৪) ইয়াৰ পাতৰ ৰস লগালে আৰু খালে ছালৰ বিভিন্ন ৰোগ, বসন্ত ৰোগ, খৰ-খজুৱতি, শালমইন আদি দূৰ কৰে ।
(৫) হাগনি ৰোগ হ'লেও ইয়াৰ পাতৰ ৰস খালে ভাল হয়।
(৬) অকল মানুহৰেই নহয়, হাঁহ-কুকুৰা, গৰু-ছাগলী আদিৰো হাগনি বা ছালত হোৱা ৰোগ দূৰ কৰে।
(৭) হাঁহ-কুকুৰাৰ জ্বৰ উঠিলেও ইয়াৰ পাতৰ ৰস খুৱালে জ্বৰ নাইকীয়া হʼয়।