Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

কৰ'নাৰ বিৰুদ্ধে Remdesivir Injection কিমান ফলপ্ৰসূ? এই ঔষধৰ দাম কিমান জানি লওক

কৰ'নাৰ বিৰুদ্ধে Remdesivir Injection কিমান ফলপ্ৰসূ? এই ঔষধৰ দাম কিমান জানি লওক



By Good Assam

 Remdesivir Injection: Corona ৰ বিৰুদ্ধে Remdesivir injection ৰ বিষয়ে বহু চৰ্চা চলি আছে। এনে পৰিস্থিতিত বজাৰত এই ঔষধৰ দাম কিমান সেয়া জনাটো অতি প্ৰয়োজনীয়।
 
বৰ্তমান ভাৰতত Corona ভাইৰাছৰ দ্বিতীয় ঢৌ (Covid 19 Second Wave) চলি আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰতিদিনে দুই লাখৰো অধিক ৰোগী কৰ’না ভাইৰাছত আক্ৰান্ত হৈ আছে। এনে পৰিস্থিতিত দেশৰ বিভিন্ন ৰাজ্যৰ পৰাও অক্সিজেন আৰু আই চি ইউ বিচনাৰ অভাৱৰ খবৰ শুনা গৈছে। ইয়াৰ উপৰিও কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে এন্টিভাইৰেল ঔষধ Remdesivir Injection ৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। আনকি এই বেজীৰ ক’লা বিপণনও নিৰ্বিচাৰে কৰা হৈছে আৰু ভুৱা বেজী বনোৱাৰ খবৰও বহু ঠাইৰ পৰা পোহৰলৈ আহিছে।


  Remdesivir Injection কি, ই কৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম নেকি আৰু বৰ্তমান Remdesivir Injection ৰ দাম কিমান, এই সকলোবোৰৰ বিষয়ে আমি এই লেখাটোত বিতংভাৱে ক'বলৈ ওলাইছো।

ৰেমডেচিভিৰ বেজী কি ?



ৰেমডেচিভিৰ বেজী হৈছে এন্টিভাইৰেল বেজী, যিটো হেপাটাইটিছ চি আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ চিকিৎসাৰ বাবে আমেৰিকাৰ এটা কোম্পানীয়ে তৈয়াৰ কৰিছিল। অৱশ্যে এই বেজী ইবোলা ভাইৰাছৰ বিৰুদ্ধেও ব্যৱহাৰ কৰা হৈছিল। কিন্তু Corona ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত একাংশ চিকিৎসকে Coronaৰ বিৰুদ্ধে এইটো বেজীও ব্যৱহাৰ কৰিছ , যাৰ ফলত কিছু ইতিবাচক ফলাফলও পোৱা গৈছে । যদিও Corona ৰ বিৰুদ্ধে ই সম্পূৰ্ণ কাৰ্যকৰী, তথাপিও নিশ্চিত হোৱা নাই। মন কৰিবলগীয়া যে বেজীটো প্ৰস্তুত কৰাৰ পিছত ইয়াক বজাৰত মুকলি কৰিবলৈ দিয়া হোৱা নাছিল যদিও ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত ইয়াক বজাৰলৈ অনা হ’ল। আনকি ভাৰততো ৰেমডেচিভিৰ বেজী বিভিন্ন বৃহৎ ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰি আছে যাৰ হাৰো বেলেগ বেলেগ।


Corona ভাইৰাছৰ বিৰুদ্ধে Remdesivir বেজী কিমান ফলপ্ৰসূ?



যোৱা বছৰৰ নৱেম্বৰ মাহত বিশ্ব স্বাস্থ্য সংস্থাই ৰেমডেচিভিৰ বেজী ব্যৱহাৰৰ সন্দৰ্ভত কৈছিল যে কৰ’নাৰ বিৰুদ্ধে এই বেজী পৰিহাৰ কৰিব লাগে। আনহাতে ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহে দাবী কৰিছিল যে ৰেমডেচিভিৰ ইনজেকচনৰ ব্যৱহাৰ কৰ’নাৰ চিকিৎসাত ফলপ্ৰসূ। দৰাচলতে এটা অধ্যয়নত ৰেমডেচিভিৰ বেজী দিলে ক’ৰোনা ৰোগীৰ যথেষ্ট উন্নতি হোৱা বুলিও দাবী কৰা হৈছে। ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে কৰা এই অধ্যয়নত দেখা গৈছে যে ৰেমডেচিভিৰ বেজী কৰ’নাৰ বিৰুদ্ধে ফলপ্ৰসূ। অৱশ্যে ক’ৰনা সংক্ৰমণ প্ৰাৰম্ভিক পৰ্যায়ত থাকিলেহে এই ঔষধ ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে বুলিও কোৱা হৈছিল।



ভাৰতত Remdesivir ইনজেকচন প্ৰস্তুত কৰা ফাৰ্মাচিউটিকেল কোম্পানী সমূহ -




ভাৰতত বিভিন্ন কোম্পানীয়ে ৰেমডেচিভিৰ বেজী প্ৰস্তুত কৰি আছে, ইয়াৰে কিছুমানৰ ভিতৰত আছে কেডিলা হেল্থ কেয়াৰ লিমিটেড, চিনজিন ইণ্টাৰনেশ্যনেল লিমিটেড, ডাঃ ৰেড্ডীজ লেবৰেটৰীজ লিমিটেড, চিপলা, মাইলান ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড, জুবিলেণ্ট জেনেৰিকছ লিমিটেড আৰু হেল্থ কেয়াৰ লিমিটেড। দেশত ৰেমডেচিভিৰ বেজীৰ ক’লা বিপণন আৰু ভুৱা ঔষধ নিৰ্মাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই বেজীৰ মূল্য নিৰ্ধাৰণ কৰিছে। যাৰ অধীনত এতিয়া সকলো কোম্পানীৰে বেজী কম দামত উপলব্ধ।


ভাৰতত Remdesivir injection ৰ দাম কিমান?


ৰেমডেচিভিৰ বেজীৰ ক্ৰমবৰ্ধমান চাহিদা আৰু উপলব্ধতা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে ঔষধৰ মূল্য হ্ৰাস কৰি মূল্য নিৰ্ধাৰণ কৰিছে। ঔষধ প্ৰস্তুতকাৰী কোম্পানী কেডিলা, চিনজেন ইণ্টাৰনেশ্যনেল লিমিটেড, ডাঃ ৰেড্ডীজ লেবৰেটৰীজ, চিপ্লা, মাইলান ফাৰ্মাচিউটিকেলছ, জুবিলেণ্ট জেনেৰিকছ আৰু হেল্থ কেয়াৰ লিমিটেডৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। ছবিখনত ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ নাম আৰু দাম চাব পাৰিব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection