ইউৰিক এচিড বাঢ়িলে ভৰি আৰু কঁকালৰ বিষ হয়। এনে ৰোগ হʼলে চাহ খাব লাগে নে নাই? বিশেষজ্ঞৰ মতামত জানি লওক
By Good Assam
আঁঠুৰ বিষ, খোজ কঢ়াত সমস্যা, ভৰি ফুলা আৰু জ্বলা-পোৰা হোৱা ইত্যাদি সমস্যা হয় ইউৰিক এচিড দেহত বাঢ়িলে। উচ্চ ইউৰিক এচিডত খাদ্যই ডাঙৰ ভূমিকা পালন কৰে। এই সময়ছোৱাত বহু বস্তু খোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়।
এনে পৰিস্থিতিত যেতিয়া ইউৰিক এচিডৰ সমস্যা হয়, তেতিয়া বহু লোকৰ মনত বহুতো প্ৰশ্ন উত্থাপন হয় যেনে কি খাব লাগে আৰু কি খাব নালাগে? ইয়াৰে এটা প্ৰশ্নও উত্থাপন হয় যে ইউৰিক এচিডৰ ক্ষেত্ৰত চাহ বা কফি খাব পাৰি নেকি? উত্তৰ জানো আহক।
ইউৰিক এচিড বাঢ়িলে চাহ খাব পাৰিবনে?
এন চি বি আইৰ প্ৰতিবেদন অনুসৰি ইউৰিক এচিডৰ সমস্যাত ভুগি থকা ৰোগীয়ে গাখীৰৰ চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ এটা কাৰণ হ’ল গাখীৰত থকা প্ৰ’টিনে আপোনাৰ ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে।
ইয়াৰ পৰিৱৰ্তে ইলাচি দিয়া লাল চাহ আৰু সেউজীয়া চাহ সেৱন কৰিব পাৰে আৰু ই অধিক উপকাৰী। ইলাচি আৰু লং দিয়া চাহে ইউৰিক এচিড কমায় আৰু বাতবিষত উপকাৰী। এনে চাহে ইউৰিক এচিডৰ ফলত শৰীৰত গঠিত বেয়া পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে আঁতৰাই পেলায়, লগতে পিউৰিন গলিবলৈও সহায় কৰে । এনে পৰিস্থিতিত চাহ প্ৰেমীসকলে ইউৰিক এচিডৰ বাবে চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু তাৰ পৰিৱৰ্তে গ্ৰীণ টি বা ইলাচি - লং মিহলি চাহ খাব লাগে।