Eid ul-Adha 2025 : আজি সমগ্ৰ দেশতে বকৰিদ পালন কৰা হৈছে। আজিৰ দিনটোৰ মহত্ব কি?
By Good Assam
আজি সমগ্ৰ দেশতে বকৰিদ উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। বকৰিদক ঈদ-উল-আজহা, ঈদ উল জুহা, বা ঈদ উল বকৰা বুলিও জনা যায়। এই উৎসৱক ত্যাগ আৰু মানৱতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইছলামত ইয়াক ‘বলিৰ উৎসৱ’ বুলিও কোৱা হয়।
সকলো মুছলিম ধৰ্মাৱলম্বী লোকলৈ গুড অসমৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ইছলামিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে ঈদৰ তাৰিখ চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। ৰমজান শেষ হোৱাৰ ৭০ দিনৰ পিছত জুল হিজ্জা মাহৰ ১০ তাৰিখে ঈদ-উল-আধা পালন কৰা হয়।
কিয় পালন কৰা হয় এই উৎসৱ?
ঈদ-উল-আজ্হাৰ কাহিনী হজৰত ইব্ৰাহিমৰ লগত জড়িত, য’ত তেওঁ আল্লাহৰ আদেশত নিজৰ পুত্ৰ হজৰত ইছমাইলক কুৰবানী কৰিবলৈ সাজু হৈছিল। আচলতে আল্লাহে প্ৰমাণ চাইছিল যে আল্লাহৰ প্ৰতি কিমান ভক্তি। হজৰত ইব্ৰাহিমৰ পুত্ৰক লুকাই ৰাখিছিল আৰু এটা ছাগলীক পুত্ৰৰ ৰূপত সজাই থৈছিল। যেতিয়া কুৰবানী দিয়া হৈছিল তেতিয়া পৰীক্ষাত সফল হৈছিল আৰু আল্লাহে তেওঁৰ পুত্ৰক ঘূৰাই দিছিল। বলি দিয়া শৰীৰটো ছাগলী হৈ পৰিছিল।
এই পুৰণি প্ৰথাক সন্মান জনাই এই উৎসৱ পালন কৰে।
সেয়ে এই দিনটোত ছাগলী, ভেড়া বা আন যিকোনো প্ৰিয় জন্তুৰ বলি দিয়া হয়। বকৰিদৰ দিনা আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানটো হ’ল ‘কুৰবানী’। এই কুৰবানীৰ যোগেদি এই বাৰ্তা দিয়া হয় যে আল্লাহক অতি পৱিত্ৰতাৰে বিশ্বাস আৰু ভক্তি কৰিব লাগে।
হজৰত ইব্ৰাহিমৰ বলিদানৰ স্মৃতিত ঈদ-উল-আজহা পালন কৰা হয়। আজিৰ দিনটোত ইছলাম ধৰ্মৰ লোকে এটা জন্তু বলি দিয়ে। ইছলামত হালাল পদ্ধতি বা কুৰবানীক বৈধ বুলি গণ্য কৰা হয়। বলিদানৰ মাংস কেৱল নিজৰ পৰিয়ালৰ বাবে ৰাখিব নোৱাৰি। ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম খণ্ডটো দুখীয়াৰ বাবে। দ্বিতীয় খণ্ড বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ বাবে আৰু তৃতীয় খণ্ড ঘৰৰ বাবে।
জীৱ হত্যা পাপ নহয় নেকি ?
কিছুমান সমাজ সচেতন আৰু জীৱ সুৰক্ষাবিদ লোকৰ প্ৰশ্ন উত্থাপন হয় যে - জীৱ হত্যা কৰি আল্লাহক সন্তুষ্ট কৰাটো কিমান যুক্তিসংগত?
হিন্দু ধৰ্মতো এনেদৰে বলি দিয়াৰ কথা উল্লেখ আছে। মা কালি, মা গোসানী আদি দেৱীক ভক্তই বিভিন্ন জীৱ-জন্তু বলি দিয়াৰ প্ৰথা প্ৰচলিত হৈ আহিছে।
বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে প্ৰশ্ন হয় যে আজিৰ শিক্ষিত যুগত ই কিমান যুক্তিসংগত?
যিহেতু প্ৰত্যেক ধৰ্মতে নিজা-নিজা নীতি আছে, সেয়েহে সেই ধৰ্মৰ দৃষ্টিৰে চালে ই বৈধ বুলি কোৱা হয়।