Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

ভোক নলগা সমস্যা আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা



ভোক নলগা সমস্যা আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা



ডা° ইন্দ্ৰভূষণ শৰ্মাৰ সমাধান 



অৰুছি বা ভোক নলগা সমস্যা আৰু প্ৰতিকাৰ ভোক আজিকালি প্ৰায় ৫০ শতাংশ ৰোগীয়ে কৰা এটা অভিযোগ। ছাৰ মোৰ একেবাৰে ভোক নালগে, নাখাই নাখাই ক্ষীণাই গৈছো, শিশুসকলৰ ক্ষেত্ৰতটো অভিভাৱক বা মাক দেউতাকৰ একেই অভিযোগ।

 ভোক লাগিবলৈ কিবা এটা লিখি দিবলৈ সকলোৱে খাতনি কৰে। কোনোৱে আকৌ আৰু অলপ আগুৱাই গৈ কয়েই পেলাই- পাৰিলে লিভাৰৰ ডৰৱ এটা লিখি দিবচোন। এইবোৰ ৰোগীয়ে সচৰাচৰ সন্মুখীন হোৱা সমস্যা।
 
 কিয় হয় এই ভোক নলগা বা অৰুচিৰ সমস্যা ?
 
 এই সমস্যাৰ বাবে লিভাৰটোৱেই জগৰীয়া নেকি?
  ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?
  
এই সকলোবোৰ বিষয় আমি আজি আলোচনা কৰিম। 


প্ৰায়সমূহ ব্যক্তিয়ে ভোক লগা বা নলগাৰ কাৰণে প্ৰধানকৈ যকৃত বা লিভাৰটোয়েই জগৰীয়া বুলি ভাবে। কিন্তু মানুহৰ ভোক লগা বা নলগাটোৰ লগত মস্তিষ্কৰ এক বিশেষ অংশ জড়িত হৈ থাকে, যাক হাইপ’থেলামাছ বোলা হয়৷



 আমাৰ যেতিয়া ভোক অনুভব হয় তেতিয়া এই সংকেত খাদ্যনলীৰ পৰা কিছুমান স্নায়ুৰ জৰিয়তে বা আন কিছুমান হ’ৰমন আৰু ৰাসায়নিক পদাৰ্থই মগজুৰ হাইপ’থেলামাছ নামৰ অংশলৈ কঢ়িয়াই লৈ যায়। হাইপ’থেলামাছ অংশত দুটা বিশেষ কেন্দ্ৰ থাকে। এটা ফিডিং চেন্টাৰ (ভোক লগা কেন্দ্ৰ) আৰু আনটো চেটিইটী চেন্টাৰ (Satiety center) (আমনি লগা কেন্দ্ৰ)৷ দুয়োটা কেন্দ্ৰই দুটা বিপৰীতধৰ্মী কাম কৰে৷ অৰ্থাৎ ফিডিং চেন্টাৰে আমাক ভোক অনুভৱ কৰায় আনহাতে চেটিইটী চেন্টাৰে ফিডিং চেন্টাৰক বাধা দি ভোক নলগা কৰে৷ 
 


খাদ্যবস্তুৰে যেতিয়া আমাৰ পাকস্হলী ভৰ্তি হৈ থাকে তেতিয়াই আমাৰ পাকস্হলীৰ বেৰত থকা সংবেদনা সংগ্ৰাহী ৰিচেপ্তৰ (মেকানৰিচেপ্তৰ)সমূহ ৰ ওপৰত হেঁচা পৰে। ফলত ৰিচেপ্তৰসমূহে ভেগাছ নাৰ্ভৰ জড়িয়তে এই সংকেত হাইপ’থেলামাছৰ চেটিইটী চেন্টাৰৰলৈ প্ৰেৰণ কৰে৷ এনেদৰে পিছত এই চেটিইটী চেন্টাৰে ফিডিং চেন্টাৰক বাধা প্ৰদান কৰে আৰু আমাৰ ভোক নলগা হয়গৈ।


 ইয়াৰ উপৰিও অন্য বিভিন্ন কাৰণতো আমাৰ ভোক নলগা হ’ব পাৰে। উদাহৰণস্বৰূপে যদি আমি অত্যাধিক মানসিক চাপত থাকো বা উদ্বীগ্ন হৈ থাকো তেতিয়াও ভোক নলগা হয়।
 

 গৱেষণাৰ পৰা গম পোৱা গৈছে যে অত্যাধিক চিন্তা বা উদ্বীগ্নতাৰ ফলত এডৰিনেল গ্লেণ্ডৰ পৰা নিঃসৰিত কৰ্টিচ’ল হ’ৰমনে চেটিইটী চেন্টাৰক উত্তেজিত কৰে আৰু ভোক নলগা হয়গৈ। 
 
ইয়াৰ উপৰিও অন্য বিভিন্ন ৰাসায়নিক পদাৰ্থ বা হ’ৰমনে চেটিইটী চেন্টাৰক উত্তেজিত কৰে ৷

 উদাহৰণস্বৰূপে ১) CART,MCH,CRH,AGRP ( হাইপ’থেলামাছৰ আৰ্কুৱেট চেন্টাৰৰ পৰা নিঃসৰিত) 
 
২) ACTH ( পিটুটেৰী গ্ৰন্হিৰ পৰা নিঃসৰিত হ’ৰমন )

 ৩) ফেটছেল বা এডিপ’জ টিছুৰ পৰা নিঃসৰিত লেপ্টিন নামৰ হ’ৰমনবিধেও অভোক সৃষ্টি কৰে ৷ 
 

৪) খাদ্যবস্তু গ্ৰহণ কৰাৰ পিছত পাচনতন্ত্ৰৰ বিভিন্ন অংশৰ পৰা নিঃসৰিত হ’ৰমন যেনে পেপ্টাইদ YY ( PYY), CCK ( Cholecystokinin) আৰু ইনচুলিন আদিয়েও চেটিইটী কেন্দ্ৰক উত্তেজিত কৰি অভোক কৰে ৷



 ভোক নলগাৰ কাৰণঃ 
 

মানৱ শৰীৰৰ বিভিন্ন কাৰ্য্যপ্ৰণালীৰ বিসংগতি বা অন্য কিছুমান ৰোগৰ বাবেও ভোক নলগা লক্ষণ দেখা দিব পাৰে৷


 ১) খাদ্যনলীগত ৰোগঃ গ্ৰেষ্ট্ৰাইটিছ, পেপটিক আলচাৰ, গ্ৰেষ্ট্ৰ’এন্ট্ৰাইটিছ, কলাইটিছ, পেনক্ৰিয়াটাইটিছ, হেপাটাইটিছ (সহজ ভাষাত জণ্ডিছ), লিভাৰ চিৰচিছ বা লিভাৰৰ অন্য ৰোগ, ক’ন’ছ ডিজিজ, কোষ্ঠকাঠিন্য, আইবিএছ, ডায়েৰিয়া, ডিচেন্ট্ৰী, খাদ্যৰ বিষক্ৰিয়া, মুখগহ্বৰৰ ঘা, খাদ্যনলীৰ কৰ্কটৰোগ, পেলু সংক্ৰমণ। 
 


২) শ্বাসপ্ৰণালীগত বিকাৰঃ ব্ৰংকাইটিছ, ব্ৰংকিয়েল এজমা, নিমুনিয়া, পালম’নাৰী টিবি, COPD


 ৩) প্ৰস্ৰাৱতন্ত্ৰৰ ৰোগ যেনে প্ৰস্ৰাৱৰ সংক্ৰমণ ,বৃক্কজনিত ৰোগ
 

 ৪) গ্ৰন্থিগত ৰোগঃ হ’ৰমন নিঃসৰিত গ্ৰন্হিসমূহৰ ভাৰসাম্যহীনতা যেনে হাইপ’থাইৰ’ডিজিম ৷
 


 ৫) মানসিক ৰোগঃ মানসসৃষ্ট অভোকৰ সমস্যা যেনে এন’ৰেক্সিয়া নাৰভ’ছা , এনোৰেক্সিয়া বুলেমিয়া আৰু চিট’ফ’বিয়া ; ষ্ট্ৰেছ ডিছঅৰ্ডাৰ ,এনজাইটী বা উদ্বীগ্নতা আদি ৷ 
 

৬) স্নায়ুগত ৰোগঃ মস্তিষ্কৰ আঘাটজনিত বা অন্য বিকাৰ; সোৱাদ, গোন্ধ, দৃশ্য আদিৰ অনুভূতিসমূহ হেৰাই যোৱা, ডিমেনছিয়া আদি ৷


 ৭) বীজাণু সংক্ৰমণজনিত ৰোগঃ সাধাৰণ পানীলগা জ্বৰ ৰ পৰা আৰম্ভ কৰি এইডছলৈকে হ’বপৰা ভাইৰাছ, বেক্টেৰিয়া আৰু ভেকুৰজনিত সংক্ৰামক ৰোগত আক্ৰান্ত হ’লে ৷
 

 ৮) দৰৱৰ পাৰ্শ্বক্ৰিয়াঃ কিছুসংখ্যক এন্টিবায়’টিক, ক’কেইন, মৰফিন, এলকহ’ল, নিদ্ৰাজনক দৰৱ আদিৰ অত্যাধিক প্ৰয়োগ৷ কেম’থেৰাপী বা ৰেডিয়েশ্যনৰ ব্যৱহাৰ৷
 

 ৯) অন্যান্যঃ গৰ্ভাৱস্হা (বিশেষকৈ প্ৰথম তিনিমাহ), বৃদ্ধাৱস্হা, অত্যাধিক মদ্যপান, খাদ্যৰ বিষক্ৰিয়া আদি ৷
 

 অৰুছি বা ভোক নলগা সমস্যাৰ পৰা মুক্ত হব কেনেকৈ :
 

 ১) মদ্যপান, ধুম্ৰপান আদি বৰ্জন কৰিব। 
 

২) অত্যাধিক তেল, মচলা, ভজা, জ্বলা-পোৰা আদি খাদ্য কমাই খাব। 

৩) মানসিক চাপ পৰিহাৰ কৰি আনন্দ মনে থাকিব লাগে।

 মল, মূত্ৰ আদিৰ বেগধাৰণ, ক্ৰোধ, ভয়, দুৰ্গন্ধ, বিভৎস দৃশ্য আদিৰ পৰা বিৰত থকা, ৰাত্ৰিজাগৰণ, তেল মছলাযুক্ত আৰু গুৰুপাকী আহাৰ, অত্যাধিক চাহ কফী, বিৰুদ্ধ আহাৰ বা বিপৰীতধৰ্মী গুণৰ খাদ্য গ্ৰহণ যেনে সমপৰিমাণৰ মৌ আৰু ঘীঁ গ্ৰহণ, গাখীৰৰ স’তে মাছ খোৱা ইত্যাদি। 
 

ভোক নলগা সমস্যাৰ পথ্য শালি চাউল, ঘেঁহু, সেউজীয়া শাক পাছলি, ঘীঁ, মৌ, গুড়, গাখীৰ, নিমখ, আদা, কল, আঙুৰ, অমিতা, আনাৰস, কিচমিচ, ইলাছী, ডালিম, নহৰু, ত্ৰিফলা, জীৰা, লং, ধনীয়া, নেমুৰস আদি৷ এইবোৰে খাদ্য পাচন প্ৰক্ৰিয়াৰ সহায়ক ৷


 ভোক নলগা সমস্যাৰ হোমিঅপেথিক ঔষধঃ
 
 Ipecac- 
 

অৰুচি বা ভোক নলগা সমস্যাৰ লগতে যদি কেতিয়াবা ৰোগীৰ বমি কৰিম কৰিম লগিথকা লক্ষণ থাকে তেনেহলে Ipecac ঔষধটৌ ৩০ ক্ষমতাৰ ২ টোপাল দিনে ৩ বাৰকৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰি।
 

 Carbo Veg 
 

অৰুচি বা ভোক নলগা সমস্যাৰ লগতে খাদ্য খোৱাৰ পাছত উপৰ পেটত বিষ হয়, খাদ্য খোৱাৰ পাছত পেটত গেছৰ উতপত্তি হয়, পেট ফোলে, পেটত অশান্তি বৃদ্ধি হয় উগাৰ আহে তিতা, কেঁহা, জলা বমি হোৱা আদি লক্ষণ থাকিলে এই ঔষধটো ৩০ ক্ষমতাৰ ২ টোপাতকৈ দিনে ২-৩ বাৰ কৈ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা নিশ্চিত ভাবে হাত সাৰিব পাৰিব।
 


 Antim Cud- 
 
এই ঔযধ সাধাৰণতে শিশু বা সৰু লৰা-ছোৱালীৰ অৰুচি বা ভোক নলগা সমস্যাত অত্যন্ত কাৰ্যকৰী। ৰোগীয়ে গৰম বা ৰদ একেবাৰে সহ্য কৰিব নোৱাৰে, জিহ্বাত বগা প্ৰলেপ পৰে আৰু কোনো কোনো ৰোগীৰ ওঁঠৰ কাষত বা মাজত ঘাঁ হয়, যি খায় সেই খাদ্যৰ উগাৰ আহে, শৌচ হলে কিছু পনীয়া অৰু কিছু গুটা মিশ্ৰিত হৈ থাকে, শৌচৰ লগত কিছুমান ৰোগীৰ তেজ ওলায় বা তেজ লাগি আহে, ৰোগীয়ে টেঙা খাবলৈ আগ্ৰহ প্ৰকাশ কৰা আদি লক্ষণ থাকিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ২-৩ টোপালকৈ দিনে ২-৩ বাৰকৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশিচত ভাবে মুক্ত হবলৈ সক্ষম হব।
 

 Hydrastis Can-
 

 অৰুচি বা ভোক নলগা সমস্যাৰ লগতে সকলো সময়তে পেট গধুৰ গধুৰহৈ থাকে আৰু হৰ্থাৎ অতিসাৰ হয়। শৌচ নহলে কোনো কোনো ৰোগীৰ টেঙা উগাৰ আহে। খাদ্য খোৱাৰ পাছত পেটত গোটা গধুৰ বস্তু এটা সোমাই থকাৰ দৰে অনুভৱ হয়, খোৱাৰ পাছত সমস্যা বৃদ্ধি হোৱাৰ বাবে খাদ্য খাবলৈ ভয় কৰে আদি সমস্যা থাকিলে এই ঔষধ ৩০ ক্ষমতাৰ ২-৩ টোপালকৈ দিনে ২-৩ বাৰকৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ কৰা নিশ্চিত ভাবে উপক্ষম পাবলৈ সক্ষম হব।
 

 Nux- 
 
অতিৰিক্ত তেল, মচলা, ভজা-পোৰা খোৱা লোক, অতিৰিক্ত মদ, মাংস খোৱা লোক, নিদ্ৰা হীনতাত ভুগা লোকৰ অৰুচি বা ভোক নলগা সমস্যা হয়, কেতিয়াবা জ্বলা, তিতা বা কেঁহা বমি হয়, বুকু জ্বলে, ঘনাই শৌচ বা প্ৰস্ৰাৱ কৰিব লাগে, কিছুমান ৰোগীৰ গোটেই পেটটোত বা ওপৰ পেটত বিষ হয়, ফুলে, বমি কৰিলে আৰাম পায়, কিছুমান ৰোগীৰ ঘনাই শৌচ হয় কিন্তু সামান্য পৰিমানে হয় আৰু শৌচ কৰাৰ ইচ্ছা অনবৰত থাকে আদি লক্ষণ থাকিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ২-৩ টোপালকৈ ২-৩ বাৰ এই ঔষধ ব্যৱহাৰ কৰিলে নিশ্চিত ভাবে এই সমস্যাৰ ৰপা পৰিত্ৰান পাবলৈ সক্ষণ হব।


 Lycopodium- অৰুচি বা ভোক নলগা সমস্যাৰ লগতে টেঙা বমি, টেঙা উগাৰ, দাঁত-মুখ টেঙা লগা, সামান্য আহাৰ খালেই পেট গধুৰ লগা আদি সমস্যা থাকিলে এই ঔষধৰ ৩x ক্ষমতাৰ ২-৩ টোপালকৈ দিনে ২-৩ বাৰকৈ ব্যৱহাৰ কৰি নিশ্চিত ভাবে এই সমস্যাৰ পৰা মুক্ত হবলৈ সক্ষম হব। ইয়াৰ ওপৰিও হোমিঅ পেথিক পেটেন্ট - Appataline 
 খুব সুন্দৰ মেডিচিন, এই মেডিচিন ৩ চামুচকৈ দিনে ২ বাৰ কৈ ব্যৱহাক কৰিব যথেস্থ সুফল পাবলৈ সক্ষম হব। হোমিঅ পেথিক লিভাৰ টনিক Liv-T ঔষধটো ২ চামুচ কৈ দিনে ২-৩ বাৰ খাব পাৰে।


( সকলো ঔষধৰ ব্যৱহাৰ কেৱল চিকিৎসকৰ পৰামৰ্শমতেহে লʼব । আন্যথা পাৰ্চক্ৰিয়া হʼব পাৰে)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection