আলুৰ বাকলি পেলাই দিয়ে নেকি? লাভৰ কথা জানিলে আচৰিত হ'ব।
( অপূৰ্ব দাস )
প্ৰায় প্ৰতিটো প্ৰকাৰৰ পাচলিতে আলু ব্যৱহাৰ কৰা হয়। কিন্তু যদি আপুনি আলুৰ বাকলিবোৰ পেলাই দিয়ে, তেন্তে এই লিখনিটো পঢ়িব , কাৰণ ইয়াৰ বহুতো উপকাৰ আছে।
অসমীয়াৰ লগতে প্ৰায়বোৰ মানুহেই আলুৰ ব্যৱহাৰ কৰে। কিন্তু আজি কালি আলু খাবলৈ ওলপ এৰি দিছে, ডায়েবেটিচৰ ভয়ত। আচলতে আলু খালেই ডায়েবেটিচ নহয়, ইয়াক খাব পাৰি কিন্তু কম পৰিমাণে। যদিহে আলু খায় তেন্তে ভাতৰ পৰিমাণ কমকৈ খাব লাগে আৰু সদায় ব্যায়াম কৰিব লাগে ।
আলুৰ গ্লাইচেমিক সূচকাংক (GI) প্ৰকাৰ আৰু প্ৰস্তুত কৰা পদ্ধতিৰ ওপৰত ভিত্তি কৰি ভিন্ন হয়, ইয়াৰ মান ৫৩ৰ পৰা ১১১লৈকে। যদিহে গ্লাইচেমিক সূচকাংক ৫৫ তকৈ কম তেন্তে তেনে খাদ্য সকলোৰে বাবে উত্তম। কিন্তু সিজোৱা আলুৰ জি আই প্ৰায় ৮০-৮৫ হ'য় যি পুৰা বা ভাপত দিয়া আলুতকৈ বেছি। সিজোৱা আলুৰ তুলনাত বেক কৰা আলুৰো জি আই (১১১) বেছি। আলু খালে ৭০ শতাংশ সিজাকৈ কম সৰিয়হৰ তেলত ভাজি খাব লাগে।
কিন্তু আলুৰ বাকলি খালে ডায়েবেটিচ নহয়, বৰং ইয়াৰ বহুতো উপকাৰী গুণ আছে।
প্ৰায়ে এনেকুৱা হয় যে মানুহে আলুৰ বাকলি আঁতৰাই পেলাই দিয়ে, কিন্তু আপুনি যিটো বস্তু জাবৰ হিচাপে পেলাইছে সেয়া আলুতকৈ স্বাস্থ্যৰ বাবে অধিক উপকাৰী ।
আলুৰ বাকলি হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল, যিবোৰ আপুনি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে ।
আলুৰ বাকলিত আইৰণ, পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, ভিটামিন চি, ভিটামিন বি ৬ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনে পৰিস্থিতিত যদি আপুনিও আলুৰ বাকলি পেলাই দিয়ে তেন্তে আজিৰ পৰা তেনে কৰা বন্ধ কৰক, কাৰণ আপুনি বাকলিৰ নামত পুষ্টিৰ এক বৃহৎ অংশ পেলাই দিছে।
যদি আপুনি আলুৰ বাকলিৰ লগতে আলু খায়, তেন্তে ই পাচনতন্ত্ৰ শক্তিশালী কৰে কাৰণ ইয়াত আঁহ থাকে। কেৱল এয়াই নহয়, ইয়াক খোৱাৰ ফলত পেটটো বহু সময়লৈকে ভৰি থাকে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাও দেখা নাযায়।
শিশু আৰু প্ৰাপ্তবয়স্কসকলে আলুৰ বাকলি নিশ্চয়কৈ খাব লাগে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে শৰীৰৰ দ্ৰুত বৃদ্ধিত সহায় কৰে আৰু ৰক্ত বৃদ্ধি কৰে । আলুৰ বাকলি বৃদ্ধৰ হাড়ৰ বাবেও অতি উপকাৰী। ইয়াত পটাছিয়াম পোৱা যায়, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।
যদি আলুৰ বাকলিত সেউজীয়া ভেঁকুৰ দেখা যায়, তেন্তে এনে বাকলি ব্যৱহাৰ কৰিব নালাগে। কাৰণ ইয়াত ছ’লানিন নামৰ বিষাক্ত পদাৰ্থ এটা গঢ় লৈ উঠে, যিটো শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আলুৰ বাকলি গৰম পানীত কিছু সময় তিয়াই থব লাগে।
বজাৰৰ পৰা আলু আনিলে প্ৰথমে ভালদৰে ধুই তাৰ পিছতহে আলুৰ বাকলি ব্যৱহাৰ কৰা উচিত। ইয়াৰ বাকলিৰে বিভিন্ন ৰেচিপি বনাব পাৰে। আলুৰ বাকলি সিজাই লৈ মিহিকৈ গুড়ি কৰি বেচনৰ লগত মিহলি কৰি পকোড়া খাব পাৰি নাইবা ইয়াক মচমচীয়াকৈ ভিজি খাব পাৰি।