By Good Assam
তামৰ বাচনত ৰন্ধা খাদ্যই হওক বা এই বাচনত ৰখা পানীয়েই হওক, এই সকলোবোৰৰ অসংখ্য উপকাৰ আছে। যুগ যুগ ধৰি মানুহে ইয়াক ব্যৱহাৰ কৰি আহিছে। তামৰ পাত্ৰত ৰখা পানী উপকাৰী বুলিও কিয় বিশেষজ্ঞসকলে কয় জানো আহক-
তামৰ বাচনত ৰন্ধা খাদ্যই হওক বা এই বাচনত ৰখা পানীয়েই হওক, এই সকলোবোৰৰ বহু উপকাৰ আছে। যুগ যুগ ধৰি মানুহে ইয়াক ব্যৱহাৰ কৰি আহিছে। তামৰ পাত্ৰত ৰখা পানী উপকাৰী বুলি বিশেষজ্ঞসকলে কয়। এই পানীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাচনতন্ত্ৰও শক্তিশালী কৰে। তামৰ পাত্ৰত ৰখা পানী হৃদযন্ত্ৰ, বৃক্ক আৰু চকুৰ বাবে উপকাৰী। ইয়াৰ এন্টি এজিং ইফেক্টও আছে যিয়ে আপোনাক কম বয়সীয়া কৰি ৰাখে।
তামৰ পাত্ৰত পানী খোৱাৰ উপকাৰীতা:
(১) হজম শক্তি উন্নত কৰেঃ
তামৰ পাত্ৰত জমা কৰি ৰখা পানী খোৱাৰ ফলত হজম শক্তি উন্নত হয় আৰু পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। আচলতে তামে পাচন এনজাইম উৎপাদনত উদ্দীপিত কৰাত সহায় কৰে আৰু পেট ফুলা আৰু গেছৰ দৰে সমস্যা ৰোধ কৰে।
লগতে পঢ়িব : স্বাস্থ্যৰ বাবে এলুমিনিয়ামৰ ফয়েল আৰু বৰ্তন বহু বিপজ্জনক ! এইবোৰ ৰোগ হোৱাৰ আশংকা থাকে।
(২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়ঃ
তাম এবিধ খনিজ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। তামৰ এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ভাইৰেল গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে।
(৩) ছালৰ বাবে উপকাৰীঃ
তামৰ পাত্ৰত জমা কৰি ৰখা পানী খোৱাটোৱে ছালৰ ৰং উন্নত কৰাত সহায় কৰে আৰু বলিৰেখা কমায়। ই ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু সুস্থ-উজ্বল ছাল গঠন কৰিব পাৰে।
(৪) সংক্ৰমণৰ পৰা সুৰক্ষাঃ
তামৰ বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে যিয়ে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে। লগতে তামৰ পাত্ৰত পানী খালে গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা যায়।
আমি দিনত কিমান তামৰ পানী খাব পাৰো ?
তামৰ বটলত বা পাত্ৰত ৰখা পানী খোৱাটো উপকাৰী, কিন্তু সকলো সময়তে নহয়। কাৰণ ইয়াৰ ফলত শৰীৰত অতিৰিক্ত তাম হ’ব পাৰে, যাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে।
তামৰ পাত্ৰত পানী খোৱাৰ সঠিক উপায়ঃ
তামৰ পাত্ৰটো পৰিষ্কাৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। তামৰ পাত্ৰত পানী এক বা দুই দিনতকৈ বেছি সময় ৰাখিব নালাগে। তামৰ পাত্ৰত থকা পানী ৰাতিপুৱা খালী পেটত খাব লাগে। ১৫-২০ দিন অবিৰতভাৱে তামৰ পাত্ৰত পানী খোৱাৰ পিছত দুই-তিনি দিনৰ বিৰতি ল'ব লাগে।