Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

পুৰুষৰ যৌন অক্ষমতা আৰু ইয়াৰ প্ৰতিকাৰ

পুৰুষৰ যৌন অক্ষমতা আৰু ইয়াৰ প্ৰতিকাৰ

( অপূৰ্ব দাস )


যৌন সমস্যা - সন্তোষজনক যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰা, লিংগটো অপৰ্যাপ্ত হোৱাৰ বাবে বা দ্ৰুত বীর্যপাতৰ বাবে হ’ব পাৰে। আমেৰিকাৰ এক অধ্যয়নৰ পৰা কৰা এক অধ্যয়নত দেখা গৈছে যে চল্লিশ বছৰীয়া প্ৰায় ৫২ শতাংশ পুৰুষ যৌন অক্ষমতাত ভুগিছে। আমাৰ দেশৰ পৰিস্থিতি আৰু বেয়া। বহু পুৰুষ ত্ৰিশ বছৰ বয়সৰ পিছত এই দুৰ্দশাৰ বলি হয়।

সেয়েহে তিৰোতা সকলে যৌন সুখ বিচাৰি ২০-২৫ বছৰীয়া পুৰুষ বিচৰাত লাগিছে। ইয়াকে কয় পৰকীয়া প্ৰেম, যি আচলতে যৌনতাৰ বাবেহে গঢ়ি উঠে।





30 বছৰৰ পিছত পুৰুষৰ যৌন অক্ষমতাৰ কাৰণ :

(১) Psychosomatic: বিভিন্ন মানসিক বিকাৰৰ বাবে এনে হ’ব পাৰে। যেনে - অত্যাধিক চিন্তা, দুখ ইত্যাদি।

(২) নিউৰ’জেনিক, হৰম’ন, নাৰ্ভৰ দুৰ্বলতা, আৰু কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবে।

( ৩) কৈশোৰ অৱস্থাত অতিপাত হস্তমৈথুন বা একাধিক নাৰী বা পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা।

(৫) হৰম'নৰ ভাৰসাম্যহীনতা (যেনে কম টেষ্টষ্টেৰন বা ইষ্ট্ৰজেন)

(৬) মাদক দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদি।


পুৰুষৰ ক্ষেত্ৰত লক্ষণ সমূহ:

(১) ইৰেক্টিল ডিছফংচন (লিংগ থিয় হোৱাত অসুবিধা)
(২) অকালতে বীর্যপাত হোৱা
(৩) কামনাশক্তি কম (যৌন ইচ্ছাৰ অভাৱ)

মহিলাৰ ক্ষেত্ৰত:

(১) যৌন ইচ্ছাৰ অভাৱ

(২) যৌন সম্পৰ্কৰ সময়ত বিষ হোৱা
(৩) উত্তেজনা বা অৰ্গাজম লাভ কৰাত অসুবিধা


উপচাৰ :

জীৱনশৈলীৰ পৰিৱৰ্তন: শাৰীৰিক কাৰ্যকলাপ আৰু ব্যায়াম কৰা উচিত । ওজন কমাব লাগে , চৰ্বিযুক্ত আৰু উচ্চ কেলৰিযুক্ত খাদ্য কমকৈ খাব, ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা উচিত। মানসিক চাপ নিয়ন্ত্ৰণ কৰা অতি দৰকাৰ।

ঔষধৰ পৰিৱৰ্তন: কিছুমান ৰক্তচাপৰ ঔষধ, এন্টিডিপ্ৰেছন ঔষধৰ মাত্ৰা সলনি বা হ্ৰাস কৰি বা আনকি ঔষধৰ বিৰতি লৈও যৌন অক্ষমতা আৰোগ্য কৰিব পাৰি।


নিজা চিকিৎসা:

ত্ৰিশ বছৰৰ তলৰ লোকৰ বাবে এই পদ্ধতি ফলপ্ৰসূ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল বহু যুৱকে ডাক্তৰৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে দোকানৰ পৰা সহজে পোৱা ঔষধ, আনকি বনৌষধিও সেৱন কৰি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।

হৰম'ন থেৰাপী:

চল্লিশ বছৰীয়া পুৰুষৰ ক্ষেত্ৰত নপুংসকতাৰ লগতে বিষণ্ণতা, স্মৃতিশক্তি কমি যোৱা, স্বাস্থ্যজনিত সমস্যা বা মেদবহুলতা, হাড়ৰ ক্ষয়, শৰীৰৰ চুলিৰ পৰিৱৰ্তন, অনিদ্ৰা ইত্যাদিয়ে ৰৌন শক্তি কমখয় । তেতিয়া প্ৰয়োজন অনুসৰি হৰম’ন প্ৰয়োগ কৰিবলগীয়া হয়। মনত ৰাখিব যে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে হৰম’ন থেৰাপী বিপদজনক হ’ব পাৰে।

যৌন সমস্যাৰ চিকিৎসা:

(১) ভায়াগ্ৰা, চিয়ালিছৰ দৰে ঔষধ (ইৰেক্টিল ডিছফংচনৰ বাবে)। ( সাৱধান: এই ঔষধ সদাই ব্যৱহাৰ নকৰিব, ১৫ দিনৰ মূৰত এবাৰহে ব্যৱহাৰ কৰিব পাৰি। চিকিৎসকৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। )

(২) হৰম’ন থেৰাপী (হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে)

(৩) অন্তৰ্নিহিত স্বাস্থ্যজনিত অৱস্থা (ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি) চিকিৎসা কৰা।


 আয়ুৰ্বেদিক প্ৰতিকাৰ :

(১) Ashwagandha, Shilajit, Ginseng (ব্যৱহাৰৰ পূৰ্বে ডাক্তৰৰ সৈতে পৰামৰ্শ লওক)

(২) জিংক, মেগনেছিয়াম, আৰু ভিটামিন সমৃদ্ধ সুষম খাদ্য

 
• কেতিয়া চিকিৎসকক দেখা কৰিব লাগে:

(১) যদি সমস্যাটো কেইসপ্তাহতকৈ অধিক সময় থাকে
(২) যদি ই আপোনাৰ সম্পৰ্ক বা মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়
(৩) যদি আপুনি বিষ বা শাৰীৰিক অস্বস্তি অনুভৱ কৰে।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection