গ্ৰীষ্মকালত কঁঠাল আৰু ৰঙালাউ কিয় খাব নালাগে? জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
ঋতু অনুযায়ী খাদ্য খোৱাৰ ভাৰতত বিশেষ গুৰুত্ব আছে। আয়ুৰ্বেদেও বিশ্বাস কৰে যে ঋতু অনুসৰি খাদ্য সলনি কৰাটো প্ৰয়োজনীয়, যাতে শৰীৰটো সুষম হৈ থাকে আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। গ্ৰীষ্মকালত ইতিমধ্যে শৰীৰ গৰম হৈ থাকে, এনে পৰিস্থিতিত কিছুমান খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কঁঠাল আৰু ৰঙালাউ এনে দুবিধ খাদ্য, যিবোৰ গ্ৰীষ্মকালত বেছিকৈ খাব নালাগে। কিয় জানো আহক।
• কঁঠাল আৰু গৰমৰ সম্পৰ্ক
কঁঠাল এবিধ সুস্বাদু আৰু পুষ্টিকৰ ফল, কিন্তু ইয়াৰ স্বভাৱ "উষ্ম" অৰ্থাৎ গৰম। গ্ৰীষ্মকালত যেতিয়া শৰীৰ ইতিমধ্যে গৰম হৈ থাকে, তেতিয়া এনে গৰম খাদ্য খোৱাৰ ফলত শৰীৰত অধিক তাপ উৎপন্ন হয়। ইয়াৰ ফলত পাচনতন্ত্ৰতো প্ৰভাৱ পৰিব পাৰে আৰু বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
গ্ৰীষ্মকালত কঁঠাল খোৱাৰ সম্ভাৱ্য অসুবিধাসমূহ:
(১) পাচনতন্ত্ৰৰ সমস্যা:
জেকফ্ৰুটত অৰ্থাৎ কঁঠালত আঁহৰ পৰিমাণ বেছি, যিটো সাধাৰণতে উপকাৰী। কিন্তু গ্ৰীষ্মকালত কঁঠাল অতিমাত্ৰা খালে গেছ, বদহজম, পেট ফুলা, বা এচিডিটি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
(২) ছালৰ ওপৰত পাৰ্শ্বক্ৰিয়া:
কঁঠাল গৰম প্ৰভাৱ থকা ফল। ইয়াৰ অত্যধিক সেৱনে ছালত ফোঁহা বা খজুৱতি আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।
(৩) ঘাম আৰু গৰম বৃদ্ধি কৰে:
গ্ৰীষ্মকালত ইতিমধ্যে শৰীৰে ঘামৰ দ্বাৰা ঠাণ্ডা হ’বলৈ চেষ্টা কৰে। কঁঠাল সেৱনে শৰীৰৰ তাপ আৰু অধিক বৃদ্ধি কৰে, যাৰ ফলত অত্যধিক ঘাম ওলোৱা, মূৰ ঘূৰোৱা বা ভাগৰুৱা হ’ব পাৰে।
(৪) এলাৰ্জীৰ সম্ভাৱনা:
কিছুমান মানুহৰ কঁঠাল খালে এলাৰ্জী হয়, যিটো গ্ৰীষ্মকালত বেছিকৈ হ'ব পাৰে কাৰণ ছাল আৰু শৰীৰ ইতিমধ্যে সংবেদনশীল অৱস্থাত থাকে।
• ৰঙালাউ আৰু গৰমৰ সম্পৰ্ক -
সাধাৰণতে ৰঙালাউ ঠাণ্ডা দিনত খোৱা উত্তম । ৰঙালাউ গৰম প্ৰকৃতিৰ। সেয়েহে গৰমৰ বতৰত ৰঙালাউ খালে বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে।
সমস্যাসমূহ তলত উল্লেখ কৰা হ'ল:
(১) গেছ আৰু বদহজম:
ৰঙালাউত থকা ষ্টাৰচ আৰু আঁহ কিছুমান মানুহৰ বাবে হজম কৰিবলৈ গধুৰ হ’ব পাৰে, বিশেষকৈ প্ৰচুৰ পৰিমাণে মছলা বা তেল দি ৰান্ধিলে। লগতে গৰমত হজম কৰিবলৈ অসুবিধা হ'ব পাৰে।
(২) তেজৰ চেনিৰ মাত্ৰাত প্ৰভাৱ:
ৰঙালাউত গ্লাইচেমিক ইনডেক্স বেছি, যাৰ ফলত শৰীৰত চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গ্ৰীষ্মকালত যেতিয়া মানুহে পানী কমকৈ খায় আৰু অধিক ভাগৰুৱা অনুভৱ কৰে তেতিয়া তেজৰ চেনিৰ উঠা-নমা বিপদজনক হ’ব পাৰে।
(৩) টোপনিৰ সমস্যা:
কিছু গৱেষণাৰ মতে গ্ৰীষ্মকালত অধিক ষ্টাৰচযুক্ত শাক-পাচলি সেৱন কৰিলে টোপনিৰ মানদণ্ডত প্ৰভাৱ পৰিব পাৰে।
(৪) অত্যধিক সেৱনৰ ফলত শৰীৰত প্ৰদাহ:
প্ৰচুৰ পৰিমাণে ৰঙালাউ খালে শৰীৰত প্ৰদাহ বা বিৰক্তিৰ সৃষ্টি হয়, বিশেষকৈ যিসকলৰ পাচনতন্ত্ৰৰ জুই দুৰ্বল হয় বা গেছ -গেষ্ট্ৰিকৰ সমস্যা আছে।
আয়ুৰ্বেদ অনুযায়ী দৃষ্টিভংগী
আয়ুৰ্বেদৰ মতে গৰমৰ দিনত পিত্ত দোষ সক্ৰিয় হৈ থাকে। পিত্ত দোষৰ ফলত শৰীৰত তাপ, পলমকৈ হজম, ঘাম, খিংখিঙীয়া আৰু ছালৰ ৰোগ হয়। কঁঠাল আৰু ৰঙালাউ দুয়োটাই গৰম, সেয়েহে পেট আৰু শৰীৰৰ অৱস্থা বেছি বেয়া কৰি তুলিব পাৰে। সেয়েহে সীমিত পৰিমাণত আৰু সঠিক সময়ত সেৱন কৰিব লাগে।
আয়ুৰ্বেদিক টিপচ্:
(১) কঁঠাল আৰু ৰঙালাউ গৰমৰ দিনত কমকৈ খাব লাগে।
(২) ৰাতি নহয়, ৰাতিপুৱা বা দুপৰীয়া খাব।
(৩) প্ৰচুৰ পৰিমাণে বা দৈনিক নাখাব।
(৪) খাদ্য খোৱাৰ পিছত ঠাণ্ডা পানী বা শীতল পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে।
কোনে বিশেষভাৱে এৰাই চলিব লাগে?
(১) গৰ্ভৱতী মহিলা: গ্ৰীষ্মকালত কঁঠালৰ দৰে গধুৰ খাদ্য খালে জৰায়ুৰ তাপ বৃদ্ধি পায়, যাৰ ফলত অস্বস্তি বা জটিলতাৰ সৃষ্টি হয়।
(২) ডায়েবেটিছ ৰোগীঃ কঁঠাল আৰু ৰঙালাউ দুয়োবিধেই তেজৰ চেনিৰ ওপৰত প্ৰভাৱ পেলায়, গতিকে সাৱধানতা অতি প্ৰয়োজনীয়।
(৩) পেটৰ লগত জড়িত সমস্যা থকা লোক: গেছ, আই বি এছ বা এচিডিটি ৰোগত আক্ৰান্ত লোকে সেৱন সীমিত কৰিব লাগে।
গ্ৰীষ্মকালত কঁঠাল, ৰঙালাউ আদি খাদ্য সেৱন কৰাটো সম্পূৰ্ণ নিষিদ্ধ নহয় যদিও ইয়াৰ পৰিমাণ আৰু সময়ৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। যদি সেইবোৰ সীমিত পৰিমাণত সেৱন কৰা হয়, তেন্তে ইয়াৰ কোনো ক্ষতি নহ’ব। কিন্তু যদি আপুনি সঘনাই, বেছি পৰিমাণে সেৱন কৰে, তেন্তে ই শৰীৰৰ তাপ আৰু পাচনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
টিপচঃ গ্ৰীষ্মকালত তৰমুজ, তিঁয়হ , নেমু, পানী লাউ , অমিতা, দৈ , কুঁহিয়াৰৰ ৰস আৰু নাৰিকল পানীৰ দৰে শীতল আৰু লঘু খাদ্য গ্ৰহণ কৰিব লাগে, যিয়ে শৰীৰ ঠাণ্ডা কৰে আৰু হজম শক্তি সঠিকভাৱে ৰাখে।