Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

বাস্তু শাস্ত্ৰৰ মতে ঘড়ী স্থাপনৰ সঠিক দিশ আৰু নিয়ম জানিবলৈ পঢ়িব। নহ'লে উন্নতিত বাধা আহিব

বাস্তু শাস্ত্ৰৰ মতে ঘড়ী স্থাপনৰ সঠিক দিশ আৰু নিয়ম জানিবলৈ পঢ়িব। নহ'লে উন্নতিত বাধা আহিব।



( অপূৰ্ব দাস )


বাস্তু শাস্ত্ৰৰ মতে ঘৰত ৰখা প্ৰতিটো বস্তুৱে আমাৰ জীৱনত প্ৰভাৱ পেলায়। ইয়াৰে এটা গুৰুত্বপূৰ্ণ বস্তু হ’ল ঘড়ী। ই কেৱল সময় দেখুৱাবলৈ আহিলা নহয় বৰঞ্চ জীৱনৰ চলি থকা সময়, শক্তি আৰু সুযোগৰ ইংগিতও দিয়ে। ঘড়ীটো যদি সঠিক দিশত ৰখা হয় তেন্তে ই সৌভাগ্য, প্ৰগতি আৰু সমৃদ্ধি অনাত সহায় কৰে, আনহাতে ভুল দিশত ৰখা ঘড়ী এটাই বাধা আৰু নেতিবাচকতা আনে।






কোন দিশত ঘড়ী ৰখাটো শুভ?

(১) বাস্তুত উত্তৰ দিশক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱতা কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। ঘৰ বা অফিচত যদি ঘড়ীটো উত্তৰ দিশত ৰখা হয় তেন্তে ই অৰ্থনৈতিক প্ৰগতি আৰু ইতিবাচক শক্তি বৃদ্ধি কৰে।


(২) পূব দিশ : এই দিশক সূৰ্য্যৰ দিশ বুলি গণ্য কৰা হয় আৰু ই জ্ঞান, সফলতা আৰু শক্তিৰ উৎস। পূব দিশত ঘড়ী এটা ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ ওপৰত আত্মবিশ্বাস বাঢ়ে, পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ আৰু সফলতা আনে। এই দিশটো ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকৰ বাবে সৰ্বোত্তম।

(৩) পশ্চিম দিশ : বাস্তুৰ মতে এই দিশটো নিৰপেক্ষ বুলি গণ্য কৰা হয়। যদি কিবা কাৰণত ঘড়ীটো উত্তৰ বা পূব দিশত স্থাপন কৰিব নোৱাৰি তেন্তে বিকল্প হিচাপে পশ্চিম দিশটো বাছি ল’ব পাৰি। এই দিশটোৱে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।






(৪) ঘড়ী কোন দিশত ৰখাটো অশুভ?

বাস্তু শাস্ত্ৰৰ মতে দক্ষিণ দিশক যমৰ দিশ বুলি গণ্য কৰা হয়। ঘড়ীটো এই দিশত ৰাখিলে জীৱনত বাধা, মানসিক চাপ, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিভ্ৰান্তি, স্বাস্থ্যজনিত সমস্যা আৰু নেতিবাচক শক্তি বৃদ্ধি পায়। সেয়েহে এই দিশটো এৰাই চলিব লাগে।




(৫) ঘড়ী স্থাপনৰ নিয়ম আৰু সাৱধানতা

সদায় চলি থকা ঘড়ী এটা ৰাখক: ঘৰত বন্ধ বা লেহেমীয়াকৈ চলি থকা ঘড়ী ৰাখিব নালাগে। ই জীৱনৰ স্থবিৰতা, হতাশা আৰু সুযোগ হেৰুৱাৰ প্ৰতীক। ঘড়ীৰ বেটাৰী সময়মতে সলনি কৰি থাকিব আৰু সঠিক সময়ত ছেট কৰক। বহুতেই সময় পিছুৱাই বা আগুৱাই ৰাখে, এনে কৰা একেবাৰে অশুভ। এনে কৰিলে উন্নতি আৰু প্ৰগতিত বাধা আহি পৰে আৰু সমস্যাৰে ঘেৰি ধৰে।


(৬) ঘড়ীটো পৰিষ্কাৰ কৰি ৰাখক : ঘড়ীৰ ওপৰত ধূলি বা মকৰা জাল থাকিলে বা গ্লাছ ভাঙিলে ইয়াক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ধনাত্মক শক্তিৰ প্ৰবাহ বন্ধ হৈ পৰে। ঘড়ীটো নিয়মিতভাৱে পৰিষ্কাৰ কৰিব।





(৭) কেতিয়াও কলা বা ৰঙা বেকগ্ৰাউণ্ড থকা ঘড়ী ব্যৱহাৰ নকৰিব। ঘড়ীৰ বাবে সঠিক ৰং বগা, নীলা , সেউজীয়া বা হালধীয়া।


(৮) ভগৱানৰ চিত্ৰ বা মূৰ্তি থকা ঘড়ী কেতিয়াও ব্যৱহাৰ নকৰিব। ভগৱানৰ স্থান সদায় মন্দিৰত। এনে ঘড়ী ৰাখিলে সু ফলতকৈ বেয়া ফলহে প্ৰদান কৰে।


(৯) ঘড়ী কেতিয়াও মূখ্য দুৱাৰ মুখৰ ফালে মুখ কৰি থকাকৈ বা দূৱাৰ মুখৰ ওপৰত লগোৱা উচিত নহয়। ইয়াৰ ফলত শনি-ৰাহু-কেতুৰ দশা চলি থাকে।


(১০) বহুতেই আধা নম্বৰ থকা ঘড়ী ব্যৱহাৰ কৰে। এনে আধা নম্বৰ থকা ঘড়ী ব্যৱহাৰ নকৰিব, কাৰণ এনে ঘড়ীয়ে উন্নতিত বাধা দিয়ে আৰু পৰিয়ালত মতানৈক্যৰ সৃষ্টি কৰে।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection