মেষ ৰাশি : June, 2025
জুন মাহৰ ৰাশিফল অনুসৰি, এই মাহটো মেষ ৰাশিৰ জাতকসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দিশৰপৰা এই মাহটো মধ্যমীয়াতকৈ কিছু উন্নত হ’ব। আপোনাৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত উন্নতিৰ যোগ আছে আৰু ব্যৱসায়ত ভাল স্থিতি দেখা যাব। শিক্ষাৰ ক্ষেত্ৰত ক’ব পাৰি যে আপোনাৰ বাবে এই মাহটোৱে প্ৰত্যাহ্বান লৈ অহাৰ সম্ভাৱনা আছে। আপোনাক স্বাস্থ্যজনিত সমস্যাইও আমনি দিব পাৰে যাৰ বাবে আপুনি বাৰে বাৰে শিক্ষাৰপৰা আতৰি আহিবলগীয়া হ’ব পাৰে সেয়েহে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। মেনেজমেণ্ট আৰু কম্পিউটাৰৰ ক্ষেত্ৰৰ সৈতে জড়িত শিক্ষাৰ্থীসকল লাভাম্বিত হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো অনুকূল হ’ব। মিতিৰ-কুটুম্বৰ সৈতে আপুনি অনুকূল ফল লাভ কৰিব আৰু ঘৰ-পৰিয়ালত ভাল সামঞ্জস্য দেখা পোৱা যাব। প্ৰেম জীৱনৰ ক্ষেত্ৰ দেখা যায় যে এই মাহটো আপোনাৰ বাবে স্পৰ্শকাতৰ হ’ব। আপোনাৰ সম্পৰ্কত বাৰে বাৰে বিবাদ আৰু কাজিয়া হ’ব পাৰে। কোনো কোনো লোক প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। বিবাহিত জাতকসকলৰ সম্পৰ্কত প্ৰেম আৰু আপোন ভাৱ বৃদ্ধি পাব, ৰোমাণ্টিকতাপূৰ্ণ সময় আহিব আৰু সম্পৰ্কত মধুৰতা থাকিব। আৰ্থিক জীৱৰ বাবে এই মাহটোৱে মজলীয়া পৰিণাম লৈ আহিব। ব্যৱসায়ৰপৰাও ধন লাভ হোৱৰা যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটোত উত্থান-পতন আহিব পাৰে। আপোনাৰ বুকু খোচ মাৰি ধৰা বাে জ্বলা-পোৰাৰ সমস্যা হ’ব পাৰে। এই সময়খিনিত পেটৰ যিকোনো ধৰণৰ আলচাৰ হোৱাৰ বা কোনো ধৰণৰ শৈল্য চিকিৎসা হোৱাৰ সম্ভাৱনা আছে সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰা উচিত। আপুনি স্বাস্থ্য সেৱাৰ বাবে ধন ব্যয় কৰিব লাগিব। নতুন দিনচৰ্য্যা আঁকোৱালি লওক আৰু পৌষ্টিক ভোজন কৰক। এবাৰতে পেট ভৰাই খোৱাতকৈ কম কমকৈ ভোজন কৰক, ইয়াৰদ্বাৰা পাচন তন্ত্ৰ ভাল হ’ব আৰু পেটৰ সৈতে জড়িত সমস্যা কম হ’ব।
উপায় : আপুনি শ্ৰী গণেশ প্ৰভুক প্ৰতি বুধবাৰে দুৱৰি বন অৰ্পণ কৰা উচিত।
বৃষ ৰাশি : June, 2025
জুন মাহেকীয়া ৰাশিফল 2025 অনুসৰি, এই মাহটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক প্ৰমাণিত হ’ব। কেৰিয়াৰৰ দিশৰপৰা এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। আপুনি নিজৰ কৰ্মক্ষেত্ৰত শক্তিশালী হৈ থাকিব আৰু জেষ্ঠ্য বিষয়াসকলৰ সহযোগ প্ৰাপ্ত কৰিব। তেওঁলোকৰ সৈতে সামঞ্জস্য গঢ়ি তুলিবলৈ আপুনি একেৰাহে প্ৰয়াসৰত হৈ থাকিব আৰু ইয়াৰ বাবে আপুনি লাভাম্বিতও হ’ব। ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে এই মাহটো ভাল হ’ব। বুধ আৰু বুধাদিত্য যোগ গঠন হ’ব যি আপোনাৰ ৰাশিত থাকিব আৰু তাৰপৰা সপ্তম গৃহত দৃষ্টি পেলাব আৰু ইয়াৰ ফত ব্যৱসায়ত উন্নতি হ’ব। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটোত মিশ্ৰিত ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতমূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সময়খিনি কিবা এটা কৰি দেখুৱাবলগীয়া হ’ব সেয়েহে আপুনি নিজৰ ফালৰপৰা সম্পূৰ্ণ প্ৰচেষ্টা কৰা উচিত। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে লাহে লাহে সফলতাৰ যোগ গঠন হ’ব। যদিহে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰিব বিচাৰে তেনেহ’লে এই মাহৰ প্ৰথম সপ্তাহ তাৰ বাবে অনুকূল হ’ব। পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। পৰিয়ালৰ উত্তৰোত্তৰ বৃদ্ধি হ’ব। ভাতৃ-ভগ্নীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব আৰু আপুনি সময়ে সময়ে তেওঁলোকৰ সান্নিধ্য তথা সমৰ্থন পাব যাৰ ফলত আপুনি সকলোবোৰ প্ৰত্যাহ্বানৰপৰা ওলাই আহিব পাৰিব। প্ৰেম আৰু বৈবাহ্ক জীৱনৰ বাবে এই মাহটো মোটামোটি ঠিকেই হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি সৎ তেনেহ’লে আপুনি সফলতা লাভ কৰিব। পৰস্পৰক সময় দিব পাৰিব আৰু আপুনি নিজৰ প্ৰেমাস্পদৰ বন্ধু-বৰ্গৰ সৈতে চিনাকী কৰাই দিব পাৰে। বিবাহিত জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো মধ্যময়ীয়াভাৱে ফলদায়ক হ’ব। আপোনাৰ ওচৰত নিজৰ সুখ-সুবিধা আৰু সংসাধনৰ বাবে ব্যয় কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন উপলব্ধ থাকিব। কিন্তু আগন্তুক সময়ে আপোনালৈ প্ৰত্যাহ্বানো আনিব পাৰে সেয়েহে খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰা উচিত। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। বুকুৰ দ্বলা-পোৰা, খোচ মাৰি ধৰা আৰু ৰক্তচাপজনিত সমস্যা হ’ব পাৰে।
উপায় : প্ৰতি শুক্ৰবাৰে মন্দিৰলৈ গৈ মাতা শ্ৰী মহালক্ষ্মীৰ যিকোনো মন্ত্ৰ জপ কৰা উচিত।
মিথুন ৰাশি : June, 2025
জুন মাহটো মিথুন ৰাশিৰ জাতকসকলৰ বাবে অনুকূল ফলদায়ক হ’ব। এই গোটেই মাহটোত আপোনাৰ ৰাশি স্বামী দেৱগুৰু বৃহস্পতিয়ে আপোনাক কৰ্মঠ কৰি তুলিব আৰু আপুনি নিজৰ কৰ্মক্ষেত্ৰত শক্তিশালী স্থিতিত থাকিব। চাকৰি আৰু ব্যৱসায় কৰা জাতকসকলে সফলতা লাভ কৰিব আৰু আপুনি দুয়ো ক্ষেত্ৰতে নিজৰ দক্ষতা দেখুৱাব পাৰিব। যদি আপুনি শিক্ষাৰ্থীসকলৰ বিষয়ে কয়, তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব। আপুনি অধিক পৰিশ্ৰম কৰিব, যাৰ বাবে আপুনি শিক্ষাত ভাল ফলাফল প্ৰাপ্ত কৰা আৰম্ভ কৰিব আৰু আপুনি ভাল শিক্ষাৰ্থীত আপোনাৰ স্থান প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো বহুত ভাল। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে সোণত সুৱগা হ'ব। আপোনাৰ বিবাহ নিশ্চিত কৰিব পাৰিব আৰু আপুনি এই বছৰ প্ৰেম বিবাহৰ উপহাৰ পাব পাৰে। যিসকল এতিয়াও অবিবাহিত, কোনোবাই তেওঁলোকৰ জীৱনত আহিব পাৰে আৰু আপোনাৰ বিবাহৰ বিষয়ে কথা পাতিব পাৰে। বিবাহিত লোকসকলৰ ক্ষেত্ৰত, বৃহস্পতি মহাৰাজ সপ্তম ঘৰৰ প্ৰভু হিচাপে গোটেই মাহ জুৰি সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু শনি মহাৰাজৰ দৃষ্টিও সপ্তম গৃহত থাকিব, যি আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উন্নত কৰিব আৰু আপোনালোকৰ সম্পৰ্ক পৰিপক্ক হ'ব। যদি আপুনি আপোনাৰ বিত্তীয় স্থিতি লক্ষ্য কৰে, তেনেহ'লে এই মাহটো আপোনাৰ বিত্তীয় পৰিস্থিতিৰ ক্ষেত্ৰত উত্থান-পতনেৰে পৰিপূৰ্ণ হ'ব। এই মাহটোৱে আপোনাক আৰ্থিক লাভালাভ প্ৰদান কৰিব, কিন্তু মাহটোৰ আৰম্ভণিতে আপুনি অলপ মনোযোগ দিব লাগিব। এই মাহটো সাধাৰণতে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ফলদায়ক হ'ব। ভাল কথাটো হ'ল বৃহস্পতি মহাৰাজ গোটেই মাহটোত আপোনাৰ ৰাশিচিহ্নত স্থিত হ'ব, যি আপোনাৰ স্বাস্থ্য শক্তিশালী কৰিব আৰু আপোনাক ৰোগৰ প্ৰতি আক্ৰান্ত হোৱাৰ পৰা সুৰক্ষিত কৰিব। এই সময়ছোৱাত, আপুনি আপোনাৰ কান্ধ বা কাণৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। কোনো ধৰণৰ আঘাতৰ সম্ভাৱনাও থাকিব পাৰে। অত্যাধিক আৱেগিক হৈ কাৰো কাজিয়াত লিপ্ত নহ'ব, অন্যথা আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। এই সময়খিনি সাৱধানে থাকিব যাতে শাৰীৰিক ক্ষতি নহয় আৰু আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে। এই সময়ছোৱাত, ভাল কথাটো হ'ব যে আপুনি শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ ব্যায়ামৰ ওপৰত গুৰুত্ব দিব পাৰে, যি আপোনাক উপকৃত কৰিব।
উপায় : প্ৰতিদিনে আপোনাৰ ৰাশি স্বামী বুধ গ্ৰহৰ বীজ মন্ত্ৰ জপ কৰাটো অত্যন্ত লাভদায়ক হ’ব।
কৰ্কট ৰাশি :June, 2025
জুন মাহটো কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়াতকৈ কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা মাহটো অনুকূল হ’ব। আপুনি কৰ্মক্ষেত্ৰত কাম কৰি যথেষ্ট সন্তুষ্ট হ’ব। আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে নিজৰ কাম কৰিব আৰু নিজৰ কামত দক্ষ হ’ব। ব্যৱসায়ৰ সন্দৰ্ভত আপুনি যাত্ৰা কৰিবলগীয়া হ’ব পাৰে যি আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব আৰু ইয়াৰ বাবে ব্যৱসায়ৰ স্থিতি শক্তিশালী হ’ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মধ্যমীয়া ৰূপত ফলদায়ক হ’ব। এই সময়খিনিত স্বাস্থ্যজনিত সমস্যাই শিক্ষাত বাধা উৎপন্ন কৰিব পাৰে সেয়েহে আপুনি স্বাস্থ্যৰ প্ৰতি কিছু মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। যদিহে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেনেহ’লে যথেষ্ট মনোযোগ দিয়াৰ আৱশ্যকতা আছে। বিদেশলৈ গৈ অধ্যয়ন কৰা ইচ্ছা আছে যদি আপোনাৰ এই সপোন এই মাহত পূৰণ হ’ব পাৰে। পাৰিবাৰিক জীৱনৰ বাবে মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লোকসকলৰ মাজত ভালপোৱা আৰু আপোনত্ব বৃদ্ধি হ’ব আৰু আপোনালোকে নতুন নতুন বস্তু ক্ৰয় কৰিব। প্ৰেমৰ সম্পৰ্কৰ বাবে মাহটো ভাল হ’ব আৰু আপোনালোক দুয়োৱে পৰস্পৰক যথেষ্ট ভালদৰে বুজিব পাৰিব। আপোনাৰ ভিতৰত পৰিপক্কতা বৃদ্ধি পাব। বিবাহিত জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব পাৰে। এনে পৰিস্থিতিত কাজিয়া-পেচাল দূৰ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক জীৱনত এই মাহটোত উত্থান-পতন অহাৰ সম্ভাৱনা আছে। আপোনাৰ নিৰন্তৰ ব্য়য় হৈ থাকিব যি আপোনাক চিন্তিত কৰিব কিন্তু মাহটোৰ আৰম্ভণিত আপোনাৰ আমদানী বৃদ্ধি হ’ব। স্বাস্থ্য মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো স্বাস্থ্যৰ পিনৰপৰাও উত্থান-পতনযুক্ত হ’ব। অষ্টম গৃহত ৰাহু, নৱম গৃহত শনি, দ্বাদশ গৃহত বৃহস্পতি আৰু দ্বিতীয় গৃহত কেতুৰ উপস্থিতিয়ে স্বাস্থ্য সমস্যা বৃদ্ধি কৰিব পাৰে সেয়েহে সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ জীৱনশৈলীৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত আৰু তৰল তথা পৌষ্টিক পদাৰ্থ সেৱন অধিক কৰা উচিত।
উপায় : প্ৰতি মঙ্গলবাৰে শ্ৰী হনুমান চালিশা পাঠ নিশ্চয় কৰক।
সিংহ ৰাশি : June, 2025
জুন মাহটো আপোনাৰ বাবে বিভিন্ন ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। মানুহে আপোনাৰ কথা ভুলকৈ বুজিব পাৰে কিন্তু আপুনি কাৰো বেয়া চিন্তা নকৰে। স্বভাৱত আপোনাৰ ক্ৰোধ প্ৰকট হ’ব কাৰণ মঙ্গল মাহটোৰ আৰম্ভণইতে দ্বাদশ গৃহত আৰু প্ৰথম সপ্তাহত আপোনাৰেই ৰাশিত প্ৰৱেশ কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো ভাল হ’ব। আপুনি নিজৰ বুদ্ধিমত্তা আৰু দক্ষতাৰ পৰিয় সময়ে সময়ে দি থাকিব যাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ’ব। ব্যৱসায়ৰ লগত জড়িত জাতকসকলে নিজৰ নীতিত চলি ব্যৱসায় আগবঢ়ালে বৃহস্পতিৰ আশীৰ্বাদৰদ্বাৰা ব্যৱসায়ৰ উন্নতি কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় শিক্ষাৰ্থীসকলে ভাল খবৰ লাভ কৰিব পাৰে। আপুনি নিৰন্তৰ প্ৰচেষ্টা কৰি যাব লাগিব আৰু নিজৰ ওপৰত আস্থা ৰাখি কাম কৰিব লাগিব, তেতিয়া আপোনাৰ পথলৈ অহা সমস্যাবোৰো দূৰ হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে তেওঁলোকৰ কষ্টৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে এনে পৰীক্ষাত ভাল পদ লাভ কৰাৰ প্ৰৱল যোগ আছে। উচ্চ শিক্ষা গ্ৰহণ কৰি থকাসকলৰ বাবে এই মাহটো যথেষ্ট ভাল হ’ব। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ’ব। মাহটোৰ প্ৰথম ভাগত ভাতৃ-ভগ্নীৰ স্বাস্থ্য ভাল হ’ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব। আপুনি সময়ে সময়ে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ খবৰ ৰখা উচিত। প্ৰেম জীৱনৰ বাবে এই মাহটো যথেষ্ট ভাল হ’ব। প্ৰেমত প্ৰগাঢ়তা বৃদ্ধি পাব আৰু আপোনালোকে পৰস্পৰক পৰিপক্ক প্ৰেমিক-প্ৰেমিকাৰ ৰূপত পাব। অবিবাহিত জাতকসকলৰ বিবাহৰ যোগ আছে। বিবাহিত জাতকসকলৰ মাজত মতভেদ, কাজিয়া-পেচাল হব পাৰে। কিন্তু বৃহস্পতিৰ কৃপাদৃষ্টিৰ ফলত আপোনালোকৰ সম্পৰ্ক আগবাঢ়ি যাব আৰু লাহে লাহে সমস্যাবোৰ দূৰ হ’ব। আৰ্থিক জীৱনৰ বাবে এই মাহটো মধ্যমীয়া হ’ব। আপুনি একাধিক মাধ্যমৰপৰা ধন প্ৰাপ্ত কৰিব যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি দিনে দিনে ভাল হ’ব। স্বাস্থ্যৰ দিশৰপৰা এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। গোটেই মাহ জুৰি কেতু মহাৰাজ আপোনাৰ ৰাশিত বিৰাজমান হ’ব যি স্বাস্থ্য দুৰ্বল কৰিব। বিশেষকৈ মাহটোৰ দ্বিতীয় সপ্তাহত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
উপায় : প্ৰতি বুধবাৰে শ্ৰী গণেশ প্ৰভুক দুবৰি বন অৰ্পণ কৰক নাইবা প্ৰতি ৰবিবাৰে সূৰ্য দেৱতাক জল অৰ্পণ কৰি সূৰ্য দেৱতাৰ মন্ত্ৰ জপ কৰক।
কন্যা ৰাশি : June, 2025
জুন মাহটো কন্যা ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়াভাৱে অনুকূল হ’ব। আপোনাৰ ৰাশি স্বামী বুধ মহাৰাজ মাহটোৰ আৰম্ভণিতে ভাগ্য স্থানত স্থিত হৈ আপোনাৰ ভাগ্য বৃদ্ধি কৰিব আৰু আপোনাৰ কাৰ্য্যত সফলতা প্ৰদান কৰিব। কেৰিয়াৰৰ দিশৰপৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ কৰ্তব্য উপলব্ধি কৰি চাকৰিত নিজৰ সৰ্বস্ব লগোৱাৰ প্ৰয়াস কৰিব। দীৰ্ঘকালীন ব্যৱসায়িক পৰিকল্পনাবোৰ সফল হ’ব আৰু আপুনি ব্যৱসায়ত উন্নতি লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো উত্থান-পতনেৰে ভৰা হ’ব। বহুতো সমস্যাই আপোনাক দুখী কৰিব পাৰে যাৰ বাবে আপুনি নিজৰ অধ্যয়নত মনোনিৱেশ কৰিব নোৱাৰিব আৰু আপোনাৰ পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই মাহটো যথেষ্ট ভাল হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পাৰিবাৰিক সম্পৰ্ক প্ৰগাঢ় হ’ব আৰু আপুনি নিজৰ পৰিয়ালৰ লোকসকলৰ সহযোগ তথা সান্নিধ্য লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো কিছু সমস্যাজনক হ’ব পাৰে। আপোনালোকে পৰস্পৰক সময় দিব পাৰিব কিন্তু এই সময়ছোৱাত আপোনাৰ প্ৰিয়জনক স্বাস্থ্যজনিত সমস্যাই আমনি দিব পাৰে সেয়েহে তেওঁৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া উচিত। বৈবাহিক সম্পৰ্কত কিছু চাপ আহিব পাৰে পাৰে সেয়েহে অলপমান সাৱধানতা অৱলম্বন কৰাটো উচিত হ’ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহত আপোনাৰ আমদানী বৃদ্ধি হ’ব কিন্তু ব্যয়ো একেৰাহে চলি থাকিব। আপোনাৰ ওপৰত আৰ্থিক চাপ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি এই মাহটোত সম্পূৰ্ণ যত্ন ল’ব লাগিব। আপোনাৰ যিকোনো ধৰণৰ আঘাত, সংক্ৰমণ, চকুৰ সমস্যা বা জ্বৰ, মূৰৰ বিষ বা পেটৰ বিষ আদি হ’ব পাৰে।
উপায় : আপুনি উন্নত মানদণ্ডৰ পান্না ৰত্ন শুক্ল পক্ষৰ বুধবাৰে নিজৰ কনিষ্ঠ আঙুলিত ধাৰণ কৰা উচিত।
তুলা ৰাশি : June, 2025
তুলা ৰাশিৰ জাতকসকলৰ বাবে জুন মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। আপোনাৰ ৰাশি স্বামী গোটেই মাহ জুৰি সপ্তম গৃহত বিৰাজমান হ’ব, কিন্তু মাহটোৰ শেষৰফালে অষ্টম গৃহত প্ৰৱেশ কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো আপোনাৰ বাবে উত্থান-পতনকেন্দ্ৰিক হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰোবাৰ সৈতে যুক্তি-তৰ্ক বা বিবাদ হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ চাকৰিত দেখা যাব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা গৈছে যে গোটেই মাহ জুৰি ৰাহু মহাৰাজ পঞ্চম গৃহত বিৰাজমান হ’ব যাৰ বাবে আপুনি একাগ্ৰতাৰ সমস্যাৰ সৈতে জড়িত হ’ব পাৰে। অৱশ্যে আপোনাৰ বুদ্ধিমত্তা তীক্ষ্ণ আৰু বিকশিত হ’ব। পাৰিবাৰিক জীৱনত এই মাহত মিশ্ৰিত ফল লাভ কৰিব। পৰিয়ালত পিতৃ-মাতৃৰ স্বাস্থঅযজনিত সমস্যা হ’ব পাৰে। পিতৃৰ ব্যৱহাৰ কিছু খিংখিঙীয়া হৈ পৰিব পাৰে, তেওঁৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটোৰ সময়খিনি কিছু উত্থান-পতনেৰে ভৰা হ’ব। আপুনি নিজৰ প্ৰেমাস্পদৰ মনৰ কথা কোৱাৰ আগতে কেইবাবাৰো ভাবিব, তেওঁৰ ব্যৱহাৰ কিছু ৰূক্ষ হ’ব পাৰে। বৈবাহিক সম্পৰ্কত প্ৰেম আৰু আপোন ভাৱ বৃদ্ধি হ’ব, পৰস্পৰৰ মাজত ৰোমাঞ্চৰ যোগ থাকিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি মিশ্ৰিত ফল লাভ কৰিব। এইখিনি সময়ত আপুনি কিছু পৰিমাণে লাভ প্ৰাপ্ত কৰিব। চাকৰিয়াল জাতকসকলৰ দৰমহা বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে প্ৰথম সপ্তাহত ব্যৱসায়ত উত্তম লাভৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো উত্থান-পতন অহাৰ সম্ভাৱনা আছে। এই সময়খিনিত শাৰীৰিক সমস্যা বৃদ্ধি হ’ব পাৰে সেয়েহে আপুনি এই গোটেই মাহ জুৰি স্বাস্থ্যৰ যত্ন ল’ব লাগিব। মাহটোৰ উত্তৰাৰ্ধত বুধ আৰু সূৰ্য্য অষ্টম গৃহৰপৰা ওলাই নৱম গৃহত স্থিত হ’ব আৰু তেতিয়া স্বাস্থ্যজনিত সমস্যা হ্ৰাস পাব।
উপায় : শ্ৰী দুৰ্গা চালিশা পাঠ কৰাটো অথবা শ্ৰী দুৰ্গা স্তুতি কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব।
বৃশ্চিক ৰাশি : June, 2025
এই মাহটো বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে মনোযোগ দিব লাগিব। কেৰিয়াৰৰ দিশৰপৰা এই মাহটোত আপুনি যথেষ্ট মনোযোগ দি কাম কৰিব লাগিব। আপুনি চাকৰি এৰি বেলেগ কাম বিচাৰিবলৈ মন কৰিব কিন্তু নভবা-নিচিন্তাকৈ চাকৰি এৰি দিয়াটো আপোনাৰ বাবে লোকচানদায়ক হ’ব। ব্যৱসায় কৰা জাতকসকলৰ বাবে এই মাহটো ভাল হ’ব। বিশেষকৈ মাহটোৰ পূৰ্বাৰ্ধ কিছু ভাল উন্নত হ’ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো প্ৰত্যাহ্বানজনক হ’ব। আপোনাৰ একাগ্ৰতা বৃদ্ধি কৰিবৰ বাবে নিৰন্তৰ প্ৰয়াসৰত হৈ থাকিব লাগিব। এই মাহত পাৰিবাৰিক জীৱন উত্থান-পতন থাকিব। এই সময়খিনিত পিতৃৰ ক্ৰোধ বৃদ্ধি হ’ব পাৰে, তেওঁৰ স্বাস্থ্য পীড়িত হ’ব পাৰে আৰু পৰিয়ালত কাজিয়া-পেচালৰ স্থিত আহিব পাৰে। আপোনাৰ ভাই-ভনীৰ সৈতে সম্পৰ্ক অনুকূল হ’ব আৰু আপুনি তেওঁলোকৰ সহযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটোত আপোনাৰ বাবে পৰীক্ষা আহিব। আপুনি নিজৰ প্ৰেম সম্পৰ্কে লুকুৱাৰ প্ৰয়োজন নাই বৰঞ্চ নিজৰ পৰিয়ালক তেওঁৰ বিষয়ে জনাব পাৰে। আপুনি নিজৰ প্ৰেমাস্পদৰ পৰিয়াল আৰু আপোনাৰ পৰিয়ালৰ মাজত সামঞ্জস্য গঢ়ি তুলিবৰ বাবে চেষ্টা কৰিব তেতিয়া লাহে লাহে পৰিস্থিতি ভাললৈ আহিব আৰু আপোনাৰ প্ৰেম বিবাহৰ পথ খোল খাব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া হ’ব। আপোনাৰ দৈনিক আমদানী ঠিক-ঠাক হ’ব। পৈতৃক সম্পত্তি লাভ কৰাৰ যোগ আছে। দীৰ্ঘকালীন বিনিয়োগৰদ্বাৰা আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মাহটো কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপুনি স্বাস্থ্যজনিত সমস্যাবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। আপোনাৰ ৰক্তচাপ, ৰক্তৰ অশুদ্ধি বা মানসিক চাপ আদি হ’ব পাৰে। তাৰ উপৰিও পেটৰ সৈতে জড়িত সমস্যা, মহিলাসকলৰ সমস্যা আদিও হোৱাৰ আশংকা কৰা হৈছে। এনে হ’লে ততালিকে চিকিৎসা কৰাওক।
উপায় : আপুনি নিজৰ ৰাশি স্বামী মঙ্গল মহাৰাজক শক্তিশালী কৰিবৰ বাবে তেওঁৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
ধনু ৰাশি : June, 2025
এই মাহটো ধনু ৰাশিৰ জাতকসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশি স্বামী বৃহস্পতি মহাৰাজ গোটেই মাহ জুৰি সপ্তম গৃহত বিৰাজমান হ’ব, কিন্তু 9 জুনৰপৰা অস্ত অৱস্থালৈ আহিব। বৃহস্পতিৰ শুভ প্ৰভাৱ কিছু হ্ৰাস পাব পাৰে যাৰ বাবে বেপাৰ আৰু বৈবাহিক জীৱনত উত্থান-পতনৰ স্থিতি আহিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো মধ্যমীয়াতকৈ কিছু উন্নত হ’ব। এইখিনি সময়ত আপোনাৰ পদোন্নতিৰ যোগ আছে। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটোত উত্থান-পতন থাকিব। মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব, কিন্তু আপোনাৰ একাগ্ৰতা বাৰে বাৰে ভংগ হ’ব পাৰে। যিসকল শিক্ষাৰ্থীয়ে মেডিকেল বা শল্য চিকিৎসা অধ্যয়ন কৰি আছে তেওঁলোকে অধিক সফলতা লাভ কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱনতো এই মাহত উত্থান-পতন থাকিব। পাৰিবাৰিক জীৱনত কিছু অসন্তুলন থাকিব পাৰে। আপোনাৰ সামঞ্জস্যতাৰ অভাৱৰ বাবে পাৰিবাৰিক পৰিৱেশ বিনষ্ট হ’ব পাৰে। পাৰিবাৰিক সম্পত্তিৰদ্বাৰা আপুনি লাভাম্বিত হ’ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু পৰিমাণে অনুকূল হ’ব। এইখিনি সময়ত প্ৰেমাস্পদৰ সৈতে কিছু যুক্তি-তৰ্ক হ’ব পাৰে বা তেওঁক স্বাস্থ্যজনিত সমস্যাই আক্ৰমণ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত চাপ আৰু কাজিয়া-পেচাল বৃদ্ধি হ’ব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটোৱে মিশ্ৰিত পৰিণাম প্ৰদান কৰিব। পৰিয়ালৰ সদস্যসকলৰ আমদানীৰপৰাও সম্পত্তি বৃদ্ধি হোৱা দেখা যাব। এইখিনি সময়ত কেইবাটাও চাকৰি প্ৰাপ্ত কৰাৰ যোগ আছে। ব্যয় বৃদ্ধি হ’ব কিন্তু আমদানী ভালে থকাৰ বাবে আপোনাৰ কোনো ডাঙৰ সমস্যা নহয় আৰু আপুনি আৰ্থিক দিশত শক্তিশালী হৈ থাকিব। জুন মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো স্বাস্থ্যৰ দিশৰপৰা কিছু দুৰ্বল হ’ব। মাহটোৰ প্ৰথম সপ্তাহত আপুনি স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব লাগিব। এইখিনি সময়ত কোনো ধৰণৰ সংক্ৰামক ৰোগৰপৰা বিশেষভাৱে সৱাধানতা অৱলম্বন কৰক আৰু অনি.মিত ৰক্তচাপে আপোনাক আমনি দিব পাৰে সেয়েহে স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক।
উপায় : আপোনাৰ ৰাশি স্বামী বৃহস্পতি প্ৰভুৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
মকৰ ৰাশি: June, 2025
এই মাহটো মকৰ ৰাশিত জন্ম গ্ৰহণ কৰা জাতকসকলৰ বাবে মধ্য়মীয়া ৰূপত ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশি স্বামী শনি মহাৰাজ গোটেই মাহ জুৰি তৃতীয় গৃহত বিৰাজমান হ’ব। আপোনাৰ মাজত আলস্য বিৰাজমান হ’ব, কিন্তু আপুনি সেয়া দূৰ কৰিব পাৰিলে আপোনাৰ সকলো কাম সফল হ’ব। কেৰিয়াৰৰ দিশৰপৰা এই মাহটোত উত্থান-পতনেৰে ভৰা পৰিণাম আহিব। আপুনি নিজৰ কামত নিপুণ হ’ব। এই সময়খিনিত চাকৰিত আপুনি উত্তম সফলতা লাভ কৰাৰ যোগ আছে। বব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটোৰ আৰম্ভণি অনুকূল হ’ব। আপোনাৰ চিন্তা শক্তি, স্মৃতি আৰু মেধা বৃদ্ধি পাব যাৰ ফলত আপুনি পঢ়া-শুনাত অধিক মনোযোগ দিব পাৰিব আৰু এনে কৰাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আকাংক্ষিত ফলাফল লাভ কৰিব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত কোনো কাৰ্য্যক্ৰম সম্পন্ন হ’ব পাৰে য’ত মানুহৰ অহা-যোৱা চলিব আৰু পৰিয়ালত হৈ চৈ হৈ থাকিব। মাজে সময়ে ভাতৃ-ভগ্নীৰ সৈতে যুক্তি-তৰ্ক হ’ব পাৰে তথাপিও আপুনি নিজৰ পৰিয়ালক চম্ভালি লোৱতা সফল হ’ব যাৰদ্বাৰা ঘৰখনত সুখ-শান্তি বিৰাজমান হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব। বৈবাহিক সম্পৰ্কলৈ কিছু চাপ আহিব পাৰে। জীৱনসঙ্গী আৰু আপোনাৰ মাজত কাজিয়া-পেচাল হ’ব পাৰে। আপোনাৰ জীৱনসঙ্গীৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰো আশংকা কৰা হৈছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটোত উত্থান-পতন আহিব। আপোনাৰ আয় বৃদ্ধি হ’ব কিন্তু লগতে ব্য়য়ো বৃদ্ধি হ’ব। এইখনি সময়ত চৰকাৰী ক্ষেত্ৰত কোনো লাভ প্ৰাপ্ত কৰাৰ যোগ আছে আৰু চাকৰিত স্থিতি শক্তিশালী হোৱাৰ বাবে আপুনি আৰ্থিক লাভ প্ৰাপ্ত কৰিব পাৰিব। জুন মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো স্বাস্থ্যৰ দিশৰপৰা আপোনাৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আলস্যতকা নিয়ন্ত্ৰণত ৰখাটো উচিত হ’ব। খাদ্যাভ্যাসৰ শুধৰণি কৰক যাতে স্থিতি লাহে লাহে ভাললৈ আহে আৰু আপুনি সুস্বাস্থ্য প্ৰাপ্ত কৰিব পাৰে। ৰাতিপুৱা শুই উঠি ধ্যান আৰু ব্যায়াম কৰক তেতিয়া মানসিক চাপ হ্ৰাস হ’ব।
উপায়: আপুনি এই ৰাশিৰ স্বামী শ্ৰী শনি দেৱতাৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
কুম্ভ ৰাশি : June, 2025
কুম্ভ ৰাশিৰ জাতকসকলৰ বােব মাহটোত উত্থান-পতন থাকিব। আপোনাৰ ৰাশিত গোটেই মাহ জুৰি ৰাহু মৰাহাজ আৰু সপ্তম গৃহত কেতু মহাৰাজ বিৰাজমান হ’ব যাৰ বাবে আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা প্ৰভাৱিত হ’ব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা মাহটো অনুকূল হ’ব। এইখিনি সময়ত আপুনি যথেষ্ট কষ্টও কৰিব আৰু নিজৰ প্ৰচেষ্টা সঠিক দিশত আগবঢ়াব। কেতিয়াবা কেতিয়াবা কৰ্মক্ষেত্ৰত কোনো বাদ-বিবাদ অৱশ্যে হ’ব পাৰে সেয়েহে আপোনাক এইবোৰৰপৰা আতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়ে নতুন গতি লাভ কৰিব পাৰে আৰু ইয়াৰদ্বাৰা ব্যৱসায়ত উন্নতি লাভৰ অৱকাশ আছে। শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। যিমানেই আপুনি চেষ্টা কৰিব সিমানেই আপুনি সফলতাৰ পথত আগুৱাব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চৱাই থকা শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণিৰপৰা তৃতীয় সপ্তাহলৈকে সময়খিনি ভাল হ’ব। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে মধ্যমীয়া হ’ব। আপোনাৰ পিতৃ-মাতৃৰ সান্নিধ্য আৰু তেওঁলোকৰ পথ প্ৰদৰ্শনত পৰিয়ালৰ উন্নতি হ’ব। কোনো ভাল খবৰৰ বাবে ঘৰৰ পৰিৱেশ আনন্দময় হৈ উঠিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপুনি কোনো মিত্ৰৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে আৰু ইয়াৰ ফলত তেওঁৰ প্ৰতি মনত প্ৰেমৰ ভাৱ অংকুৰিত হ’ব পাৰে। বিবাহিত জাতকসকলৰ বাবে মাহটোত উত্থান-পতন থাকিব আৰু আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক দিশত মাহটো মোটামোটি ঠিকেই হোৱাৰ সম্ভাৱনা আছে। একাধিক মাধ্যমৰদ্বাৰা আপুনি ধন প্ৰাপ্তিৰ সুযোগ লাব কৰিব। মাহটোৰ উত্তৰাৰ্ধত বেপাৰৰপৰা উত্তম লাভ হোৱাৰ যোগ আছে। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰক্তজনিত সমস্যা, অনিয়মিত ৰক্তচাপ, ৰক্ত অসন্তুলন, ৰক্তৰ অশুদ্ধি, ৰক্ত সংক্ৰমণ, আঘাত, ঘাঁ, ফোঁহা আদি হ’ব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ কাষ চাপক।
উপায় : শনিবাৰৰ দিনা শ্ৰী শনি দেৱতাৰ বীজ মন্ত্ৰ জপ কৰক আৰু বট গছত জল অৰ্পণ কৰক।
মীন ৰাশি : June, 2025
এই মাহটো মীন ৰাশিৰ জাতকসকলৰ বাবে কিছু পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মাহত আপুনি নিজৰ ব্যয়ক লৈ যথেষ্ট পৰিপক্তা দেখুৱাব লাগিব কাৰণ ব্যয়ে আপোনাক যথেষ্ট সমস্যাত পেলাব পাৰে। কেৰিয়াৰৰ দিশৰপৰা এই মাহটো প্ৰায় ভালেই হ’ব। নিজৰ কষ্ট, পৰিপক্কতা আৰু বিশ্বাসভাজনতাৰ পৰিচয় দি আপুনি কৰ্মক্ষেত্ৰত নিজৰ নাম উজ্বল কৰিব পাৰিব। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটো ভালেই হ’ব। ব্যৱসায়ৰ সন্দৰ্ভত কৰা যাত্ৰাই আপোনাক লাভাম্বিত কৰিব। শিক্ষাৰ্থীসকলে এই মাহত কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন হ’বৰ বাবে নিজকে সাজু কৰি ৰাখিব লাগিব। এই মাহটোৱে আপোনাৰ কঠিন পৰীক্ষা ল’ব পাৰে। আপোনাৰ বুদ্ধি আৰু প্ৰজ্ঞা বৃদ্ধি হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো অনুকূল হ’ব। ঘৰৰ পৰিৱেশ লঘূ আৰু সামঞ্জস্যপূৰ্ণ হৈ থাকিব আৰু ঘৰ পৰিয়ালত পাৰস্পৰিক মৰম-ভালপোৱা বৃদ্ধি পাব। ঘৰলৈ কোনো ভাল খবৰ অহাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো কঠিন প্ৰত্যাহ্বানেৰে ভৰা হ’ব পাৰে। সম্পৰ্কত বাৰে বাৰে কাজিয়া-পেচাল হ’ব পাৰে। আপোনাৰ প্ৰেমাস্পদৰ আচৰণ বিৰক্তিভৰা আৰু খঙাল হ’ব পাৰে যাৰ বাবে সম্পৰ্কত চাপ বৃদ্ধি হ’ব পাৰে। পৰস্পৰৰ সৈতে দুয়োৱে সময় কটাব আৰু আপোনালোকৰ সম্পৰ্ক ভাল কৰিবৰ বাবে চেষ্টা কৰিব যাৰ ফলত এই সময়খিনিত বৈবাহিক সম্পৰ্ক গুৰুত্বপূৰ্ণ আৰু অনুকূল হ’ব। আৰ্থিক জীৱনত উত্থান-পতন অহাৰ সম্ভাৱনা আছে। আপোনাৰ আমদানী কিছু পৰিমাণে বৃদ্ধি হ’ব আৰু লগতে ব্যয়ো বৃদ্ধি হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো কিছু সমস্যাজনক হ’ব পাৰে। আপোনাৰ পেট আৰু বৃহদান্ত্ৰৰ সৈতে জড়িত সমস্যা হ’ব পাৰে সেয়েহে এইক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাটো ভাল।
উপায় : আপুনি নিজৰ ৰাশি স্বামী দেৱগুৰু বৃহস্পতি প্ৰভুৰ বীজ মন্ত্ৰ জপ কৰা উচিত।