• তাৰিখ : ৯ মে', ২০২৫ শুকুৰবাৰ-
• শ্ৰীনগৰ বিমানবন্দৰত ড্ৰোন আক্ৰমণ
প্ৰতিৰক্ষা বিষয়াৰ মতে, শ্ৰীনগৰ বিমানবন্দৰত ড্ৰ’ন আক্ৰমণৰ সন্দেহ কৰা হৈছে। প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰা হৈছে।
• পাকিস্তানৰ ওপৰত এইবাৰ তালিবানৰ আক্ৰমণ
আফগানিস্তান সীমান্তত পাকিস্তানী সেনাক আক্ৰমণ
তালিবানে আক্ৰমণ চলাই পাকিস্তানক
ঘটনাত ২০ জনকৈ পাকিস্তানী সেনা নিহত
তেহৰিক-ই-তালিবানে আক্ৰমণ চলাই পাকিস্তানক
• জয়ছালমেৰত বাধা পাকিস্তানী ড্ৰোন
জয়ছলমেৰত ভাৰতীয় বায়ু প্ৰতিৰক্ষা বাহিনীয়েও আটক কৰে পাকিস্তানী ড্ৰ’ন।
• ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত আহত এটা পৰিয়াল
ফিৰোজপুৰৰ আৱাসিক এলেকাত পাকিস্তানী ড্ৰ’নে আক্ৰমণ কৰে। ইয়াৰ ফলত আহত হয় এটা পৰিয়াল। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।
• নাগ্ৰোটাত বাধা পাকিস্তানী ড্ৰোন
জম্মু-কাশ্মীৰৰ নাগ্ৰোটাত ব্লেকআউটৰ মাজতে ভাৰতীয় বায়ুসেনাই পাকিস্তানী ড্ৰোনক বাধা দিলে। ইয়াত বিস্ফোৰণৰ শব্দ শুনা গ’ল।
• ঋণ কাৰ্যসূচী সন্দৰ্ভত আই এম এফ (আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি)ৰ ভোটদানৰ পৰা ভাৰতে বিৰত থাকে
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়ে বৰ্ধিত পুঁজি সুবিধা (ই এফ এফ) ঋণ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। আই এম এফে পাকিস্তানৰ বাবে নতুন ঋণ কাৰ্যসূচী (১.৩ বিলিয়ন ডলাৰ)ৰ কথাও বিবেচনা কৰিছিল। পাকিস্তানৰ ক্ষেত্ৰত আই এম এফৰ কাৰ্যসূচীৰ ফলপ্ৰসূতাক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰে। ভাৰত চৰকাৰে কয় যে পাকিস্তানৰ দুৰ্বল ট্ৰেক ৰেকৰ্ডৰ পৰিপ্ৰেক্ষিতত সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ পুঁজিৰ ক্ষেত্ৰত ঋণৰ ধনৰ অপব্যৱহাৰৰ সম্ভাৱনা আছে।
ভাৰতে কয় যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক উৎসাহিত কৰাটোৱে বিশ্ব সমাজলৈ এক বিপজ্জনক বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ ফলত পুঁজি প্ৰদানকাৰী সংস্থা আৰু দাতাৰ সুনাম বিপদত পৰে। বিশ্বব্যাপী মূল্যবোধক উপহাস কৰে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়ে ভাৰতৰ বক্তব্য আৰু ভোটদানৰ পৰা বিৰত থকাৰ কথা লক্ষ্য কৰে। সন্ত্ৰাসবাদৰ উদ্বেগ প্ৰকাশ কৰি পাকিস্তানৰ ঋণ কাৰ্যসূচী সন্দৰ্ভত আই এম এফ (আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি)ৰ ভোটদানৰ পৰা ভাৰতে বিৰত থাকে।
• ৰাজৌৰীত বায়ুসেনাই আটক পাকিস্তানী ড্ৰ’ন
ৰাজৌৰীত ব্লেকআউটৰ মাজতে ভাৰতীয় বায়ুসেনাই আটক পাকিস্তানী ড্ৰোন। ইয়াত বিস্ফোৰণৰ শব্দ শুনা গ’ল।
• জম্মু-কাশ্মীৰত পাক সেনাৰ আক্রমণত ছহিদ হোৱা সাহসী সেনা জোৱান এম মুৰুলী নায়ক
ভাৰতবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ বলিদান আমাৰ বাবে গৌৰৱৰ বিষয়। সত্যছাই জিলাৰ কালিথান্দাৰ এই বীৰ জোৱানজনে দেশৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰি অপাৰেশ্যন সিন্দুৰত বুধবাৰে ছহিদ হয়। এই দুখৰ সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনাইছোঁ। ভাৰত মাতৃয়ে এনে সাহসী পুত্ৰৰ পৰাক্ৰমক লৈ সদায় গৰ্ব কৰিব।
• নৱাজে প্ৰধানমন্ত্ৰী শ্বাহবাজক কূটনৈতিক সমাধান বিচাৰিবলৈ পৰামৰ্শ দিয়ে
ভাৰতৰ সৈতে ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক তেওঁৰ জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফে কূটনৈতিক সমাধান বিচাৰিবলৈ পৰামৰ্শ দিছে। মানসিক চাপ কমোৱাৰ উপায় বিচাৰি উলিওৱাৰ কথাও তেওঁ কৈছে। অৰ্থাৎ যুদ্ধ ত্যাগ কৰি কূটনৈতিক সমাধান বিচাৰিবলৈ কৈছে।
• ৩৬ স্থানত ৩০০-৪০০ ড্ৰোন ব্যৱহাৰ কৰি অনুপ্ৰৱেশৰ চেষ্টা
কৰ্ণেল ছফিয়াই কয় যে, সামৰিক আন্তঃগাঁথনি লক্ষ্য কৰি লোৱাৰ উদ্দেশ্যেৰে সমগ্ৰ পশ্চিম সীমান্তত পাকিস্তানী সেনাই ভাৰতৰ আকাশমাৰ্গ কেইবাবাৰো উলংঘা কৰিছিল। পাকিস্তান সেনাই এল অ’ চিৰ কাষত গধুৰ কেলিবাৰ অস্ত্ৰৰে গোলাবৰ্ষণৰ আশ্ৰয় লয়। আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ ৩৬টা স্থানত - লেহৰ পৰা ছাৰ ক্ৰিকলৈকে ৩০০-৪০০ ড্ৰোন ব্যৱহাৰ কৰি অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে গতিশীল আৰু অগতিশীল মাধ্যম ব্যৱহাৰ কৰি কেইবাখনো ড্ৰ’ন নিক্ষেপ কৰিছে। ড্ৰ’নৰ দ্বাৰা বৃহৎ পৰিসৰৰ আকাশী অনুপ্ৰৱেশৰ সম্ভাৱ্য উদ্দেশ্য আছিল দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পৰীক্ষা কৰা আৰু চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা। ড্ৰ’নৰ ধ্বংসাৱশেষৰ ফৰেনছিক তদন্ত চলি আছে। প্ৰাৰম্ভিক তদন্তত নিশ্চিত হৈছে যে ই তুৰ্কীৰ ড্ৰোন।
• জম্মু-কাশ্মীৰৰ চাম্বাত অনুপ্ৰৱেশৰ চেষ্টা বিফল; বি এছ এফৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
• আন এক গুৰুত্বপূৰ্ণ খবৰ
মণিপুৰত নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৯ জন উগ্ৰপন্থীক।
• পাকিস্তানৰ এখন উচ্চ প্ৰযুক্তিৰ এফ-১৬ বিমান ভাৰতীয় বায়ুসেনাই নিক্ষেপ কৰি পাকিস্তানত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ কৰি তুলিছে।
• আজি সন্ধিয়া ৫:৩০ বজাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন সংবাদমেল অনুষ্ঠিত কৰিব, য’ত অপাৰেচন সিন্দুৰ আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰা হ’ব
• এসপ্তাহৰ বাবে পিছুৱাই দিয়া হ’ল আই পি এল
ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বিচিচিআইয়ে আইপিএল এসপ্তাহৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। খেলুৱৈ আৰু দৰ্শকৰ সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
• শ্বেয়াৰ বজাৰত ডাঙৰ পতন
আজি ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যাপক পতন ঘটিছে। চেন্সেক্স ৮০০ পইণ্টৰ ওপৰত বন্ধ হোৱাৰ বিপৰীতে নিফ্টীয়ে ২৪ হাজাৰ পইণ্টৰ ওচৰত বন্ধ হয়। এই হ্ৰাসৰ আঁৰৰ কাৰণ হ’ল ভাৰত-পাকিস্তানৰ উত্তেজনা, বিদেশী বিনিয়োগকাৰীৰ বিক্ৰী, আৰু বিশ্বৰ বজাৰত অনিশ্চয়তা।
• যুদ্ধ সদৃশ পৰিস্থিতিত আজিৰে পৰা আগন্তুক ৩ দিনলৈ পঞ্জাবৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। লেহতো দুদিনৰ বাবে বন্ধ কৰা হৈছে সকলো শিক্ষানুষ্ঠান।
• আই চি এ আইয়ে পিছুৱাই দিছে ৯ আৰু ১৪ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা। যুদ্ধ পৰিস্থিতিৰ হটস্পট জম্মু-কাশ্মীৰৰো শিক্ষানুষ্ঠানসমূহ বন্ধ আছে যদিও ইয়াৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে।
• দিল্লী চৰকাৰে বাতিল কৰিছে সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী। নতুন নিৰ্দেশনা নহালৈকে কোনো কৰ্মচাৰীয়ে ছুটীৰ বাবে আবেদন কৰিব নোৱাৰিব।
• ভাৰতে মুকলি কৰি দিছে ছালাল নদী বান্ধৰ কেইবাখনো গেট।
ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা চেনাব নদীৰ ওপৰত আছে এই ছালাল নদী বান্ধ। ফলত পাকিস্তানৰ কেইবাটাও ডাঙৰ অঞ্চলত বানপানীৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
• ৮ মে’ত ধৰমশালাত অনুষ্ঠিত হোৱা পঞ্জাৱ আৰু দিল্লীৰ মাজৰ আই পি এলৰ মেচখন আধাতে বন্ধ কৰা হৈছিল।
আজি ধৰ্মশালাৰ পৰা আই পি এলৰ দুয়োটা দলৰ খেলুৱৈসকলক বিশেষ ট্ৰেইনেৰে স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ পাছতেই বিদেশী খেলুৱৈসকলক দিল্লী অথবা মুম্বাইৰ পৰা পোনে পোনে স্বদেশলৈ প্ৰেৰণ কৰাৰো সম্ভাৱনা আছে।
• বিমান সেৱাৰ নতুন নিয়ম
৩ ঘণ্টাৰ পূৰ্বেই বিমান বন্দৰত উপস্থিত হ'ব লাগিব যাত্ৰী। ইণ্ডিগ’ই জনোৱা মতে, ২০২৫ চনৰ ৮ মে’ বা তাৰ পূৰ্বেই ২২ মে’লৈকে শ্ৰীনগৰ, জম্মু, অমৃতসৰ, লেহ, চণ্ডীগড়, ধৰ্মশালা, বিকানেৰ, যোধপুৰ, কিশনগড়, আৰু ৰাজকোটলৈ অহা-যোৱা কৰাৰ বাবে যিসকলে টিকট কৰিছিল তেওঁলোকৰ টিকট বাতিল কৰা পৰিবৰ্তনৰ মাচুল ৰেহাই দিয়া হ’ব।
• পুনৰ পাকিস্তানক আক্ৰমণ কৰিলৈ সাজু হৈছে ভাৰতীয় সেনা।
ভাৰতীয় সেনাই আৰৱ সাগৰত আৰম্ভ কৰিছে যুদ্ধাভ্যাস। আজিৰে পৰা ১২মেৰ লৈকে আৰৱ সাগৰত যুদ্ধাভ্যাস কৰিব ভাৰতীয় নৌ সেনাই।
• অৰ্থনৈতিকভাৱেও দিশহাৰা হৈছে পাকিস্তান। শেহতীয়াকৈ পাকিস্তানে বিশ্ব বেংকৰ পৰা ঋণৰ বাবে আবেদন কৰিছে। ইতিমধ্যে পাকিস্তান চৰকাৰে এক্স হেণ্ডেলত এই সন্দৰ্ভত পোষ্টো কৰিছে।
ইফালে পাকিস্তানক ঋণ প্ৰদান নকৰিবলৈ আহ্বান জনাইছে ভাৰতে। বিশ্ব বেংকক ভাৰতে জনাইছে যে, পাকিস্তানে বিশ্ব বেংকৰ পৰা ধন লৈ সেই ধন ব্যৱহাৰ কৰে সন্ত্ৰাসবাদী কাৰ্যকলাপত। উক্ত বিষয়টোক লৈ বিশ্ব বেংকৰ প্ৰতিনিধিৰ সৈতে আজি বৈঠকত বহিব ভাৰতৰ প্ৰতিনিধি।
• ৰাজ্যৰ সকলো বিহুৰ অনুষ্ঠান বাতিলৰ আহ্বান
১০ মে'ৰ পৰা সকলো বিহুৰ অনুষ্ঠান বাতিলৰ আহ্বান
X যোগে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান মুখ্যমন্ত্ৰীৰ।
• OTTৰ পৰা আঁতৰোৱা হব পাকিস্তানৰ সকলো ধৰনৰ সমল
এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে । OTT Platform ৰ পৰা পাকিস্তানৰ শ্ব', ছবি, গীত, প'ডকাষ্ট সকলো আঁতৰাবলৈ নিৰ্দেশ কেন্দ্ৰৰ
• বেলুচিস্তান পাকিস্তানৰ পৰা ভাগ হৈ স্বাধীনতা লাভ কৰা বুলি ঘোষণা
বেলুচিস্তান হৈছে পাকিস্তানৰ দক্ষিণ-পশ্চিমৰ সৰ্ববৃহত প্ৰদেশ। এই প্ৰদেশখনৰ স্বাধীনতাৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। কিছুদিনৰ পূৰ্বে এই বেলুচ আৰ্মীয়ে হত্যা কৰিছিল ১৪গৰাকী পাকিস্তানী জোৱানক। বৰ্তমান বেলুচিস্তানৰ জনতাই পাকিস্তানৰ পতাকাৰ পৰিৱৰ্তে নিজৰ পতাকা উত্তোলন কৰিছে প্ৰদেশখনত।
• পাকিস্তান ছুপাৰ লীগৰ বাকী মেচসমূহ ইউ এ ইলৈ স্থানান্তৰিত হয়
এতিয়া পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডেও নিজৰ অহংকাৰৰ শাস্তি ভোগ কৰি আছে। ভাৰতৰ সৈতে চলি থকা সামৰিক সংঘৰ্ষৰ বাবে শুকুৰবাৰে পাকিস্তান ছুপাৰ লীগৰ বাকী থকা মেচসমূহ ইউ এ ইলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পি চি বিয়ে। কোৱা হৈছে যে সাম্প্ৰতিক পৰিস্থিতিত পি এছ এলত অংশগ্ৰহণ কৰা বিদেশী খেলুৱৈসকল অতিশয় চিন্তিত বুলি কোৱা হৈছে। এই ভয়ৰ পৰিবেশৰ পৰা ওলাই আহি ঘৰলৈ উভতি যাব বিচাৰে।
• ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ত হতাশ হৈ পাকিস্তান সেনাই বৃহস্পতিবাৰে নিশা ভাৰতৰ উত্তৰ আৰু পশ্চিম অঞ্চলৰ কেইবাটাও সামৰিক ঘাটিত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলায়। কিন্তু ভাৰতে এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে এই আক্ৰমণ বিফল কৰে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দক্ষিণ ব্লকত চিডিএছ আৰু তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।
পাকিস্তানে দখল কৰা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ধ্বংস কৰাৰ পিছতে পাকিস্তানে এই আক্ৰমণ সংঘটিত কৰে। পাকিস্তান চৰকাৰ আৰু ইয়াৰ সেনাই সন্ত্ৰাসবাদৰ এই আঘাত সহ্য কৰিব নোৱাৰি ভাৰতৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত লয়।
• পাক সেনাৰ গুলীত শ্বহীদ ভাৰতীয় জোৱান
দেশৰ কাৰণে প্ৰাণ আহুতি দিলে হাৰিয়ানাৰ ৩২ বছৰীয়া জোৱান দিনেশ কুমাৰ শৰ্মাই
• ৫০ খনতকৈও অধিক পাকিস্তানী ড্ৰোন নিক্ষেপ কৰা হয়
যোৱা নিশা পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা (LoC) আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (IB)ৰ বিভিন্ন স্থানত ড্ৰোন প্ৰেৰণৰ চেষ্টা কৰে। ইয়াৰ পিছতে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা ইউনিটে উধমপুৰ, চাম্বা, জম্মু, আখনূৰ, নগ্ৰোটা আৰু পাঠানকোট অঞ্চলত ব্যাপক কাউণ্টাৰ ড্ৰ’ন অভিযানৰ সময়ত ৫০খনতকৈও অধিক ড্ৰ’ন সফলতাৰে গুলীয়াই নিক্ষেপ কৰে। এই অভিযানত এল-৭০ বন্দুক, জু-২৩ মিমি বন্দুক, শিলকা ব্যৱস্থা আৰু অন্যান্য উন্নত কাউণ্টাৰ ইউএএছ সঁজুলিৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল।
• আজি পুৱা জম্মুৰ পৰা দিল্লীলৈ এখন বিশেষ ৰেল চলাচল কৰিব
পুৱা ১০:৪৫ বজাত জম্মুৰ পৰা দিল্লীলৈ ০৪৬১২ নম্বৰৰ বিশেষ ৰে’ল যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে। বাটত পাঠানকোটত ৰৈ যাব।
• প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক
ইফালে, খবৰ আহিছে যে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত চিডিএছ আৰু তিনিওটা সেনাৰ মুৰব্বীসকলো উপস্থিত থাকিব।
সীমান্তৰ উত্তেজনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এখন ডাঙৰ বৈঠক অনুষ্ঠিত কৰঘব
যোৱা নিশা পাকিস্তানে ভাৰত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টাৰ পিছত আজি পুৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন বৃহৎ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠক চিডিএছ আৰু তিনিজন সেনা প্ৰধানৰ সৈতে। বৈঠকত অধিক ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হ’ব।
• জম্মুত পুনৰ গুলীচালনা, নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বিস্ফোৰণ
পাকিস্তানৰ পৰা পুনৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ। চহৰখনত আকৌ প্ৰতিধ্বনিত হৈছে ছাইৰেনৰ শব্দ। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা গৈছে।
• "আমি যুদ্ধত সোমাব নোৱাৰো, সেয়া আমাৰ কাম নহয়।"
ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এটা ডাঙৰ বিবৃতি দিছে। তেওঁ কৈছে যে আমেৰিকা কোনো যুদ্ধত জড়িত নহ’ব যিটো মৌলিকভাৱে আমাৰ ব্যৱসায় নহয়। তেওঁ লগতে কয় যে আমেৰিকাই ভাৰত আৰু পাকিস্তানক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কিন্তু ই দুয়োখন পাৰমাণৱিক শক্তিক উত্তেজনা হ্ৰাস কৰিবলৈ উৎসাহিত কৰিব পাৰে।
📢 শেহতীয়া খবৰৰ বাবে চাই থাকিব গুড অসম Live Update