Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

আনইনষ্টল হোৱাৰ পিছতো এপবোৰে মোবাইলৰ ডাটা চুৰি কৰি থাকে, সোনকালে ছেটিংছত এই পৰিৱৰ্তন কৰক


আনইনষ্টল হোৱাৰ পিছতো এপবোৰে মোবাইলৰ ডাটা চুৰি কৰি থাকে, সোনকালে ছেটিংছত এই পৰিৱৰ্তন কৰক।


By Good Assam 


বহু সময়ত আমি বিভিন্ন ধৰণৰ এপ (Mobile Apps) ডাউনলোড কৰি ব্যৱহাৰ কৰোঁ। তাৰ পিছত কাম সম্পূৰ্ণ হোৱাৰ পিছত ডিলিট বা আনইনষ্টল কৰাৰ পিছত আমি সকাহ অনুভৱ কৰো। কিন্তু আপুনি জানি আচৰিত হ’ব যে আনইনষ্টল কৰাৰ পিছতো এপবোৰে আপোনাৰ ডাটাত প্ৰৱেশ কৰি থাকে। ইয়াত আপোনালোকক ক'ম যে কেনেকৈ সেইবোৰ ফোনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাব পাৰি। জানিবলৈ পঢ়িব।





আজি স্মাৰ্টফোন প্ৰতিজন ব্যক্তিৰ বাবে এক প্ৰয়োজনীয়তা হৈ পৰিছে। ভইচ আৰু ভিডিঅ’ কলিঙৰ লগতে ইয়াত ইণ্টাৰনেট সম্পৰ্কীয় সকলো ধৰণৰ সুবিধাও উপলব্ধ। একে সময়তে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰিবলৈ আমি মোবাইলত বিভিন্ন ধৰণৰ এপ ডাউনলোড কৰি থাকোঁ।

এপ ইনষ্টল আৰু আনইনষ্টল কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে এই কথা মনত ৰাখিব লাগিব। মোবাইলৰ পৰা আনইনষ্টল কৰাৰ পিছতো সাৱধানতা অৱলম্বন কৰা উচিত, কাৰণ আনইনষ্টল কৰা এপবোৰেও আপোনাৰ ডাটাত প্ৰৱেশ কৰিব পাৰে আৰু ইয়াৰ ফলত ডাটা লিক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কাৰণ এপসমূহ আনইনষ্টল কৰাৰ পিছত যদিও আমাৰ দৃষ্টিগোচৰ নহয়, তথাপিও ফোনটোৰ পৰা গোপনে আমাৰ গোপনীয় তথ্য সংগ্ৰহ কৰি থাকে। ফোন ছেটিংছৰ সহায়ত এনে এপ আঁতৰাব পাৰি। এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি জানো আহক- 

ইয়াৰ বাবে মোবাইল ফোনটোৰ ছেটিংছত গৈ গুগল অপচনত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত সোঁফালে ওপৰৰত থকা > চিহ্নত ক্লিক কৰক । ( অন্যান্য ফোনত বেলেগ ধৰনেও থাকিব পাৰে) Manage Your Google Account তলৈ যাওঁক। ইয়াত Data and Privacy ত ক্লিক কৰক।

ইয়াৰ পিছত Third Party App and Service দেখা যাব। এই অপচনত ক্লিক কৰক, ইয়াত ফোনত থকা বৰ্তমান আৰু ডিলিট কৰা এপবোৰ দেখা যাব। এই তালিকাৰ Un-install app ত ক্লিক কৰক।

ইয়াৰ পিছত আপুনি access আৰু delete connection ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত মোবাইল ডাটা শ্বেয়াৰিং বন্ধ হৈ যাব।



 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection