Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

সুখবৰ ! ChatGPT Plus চাবস্ক্ৰিপচন বিনামূলীয়াকৈ উপলব্ধ হ'ব।

সুখবৰ ! ChatGPT Plus চাবস্ক্ৰিপচন বিনামূলীয়াকৈ উপলব্ধ হ'ব।


By Good Assam 


বিশ্বত প্ৰথমবাৰৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহী (UAE) য়ে ইয়াৰ সকলো বাসিন্দাক ChatGPT Plus ৰ বিনামূলীয়া চাবস্ক্ৰিপচন দিবলৈ ওলাইছে। এই সিদ্ধান্ত অ’পেনএআই আৰু ইউএই চৰকাৰৰ মাজত বৃহত্তৰ অংশীদাৰিত্বৰ অংশ, য’ত আবুধাবিত নিৰ্মাণ কৰা হ’ব ষ্টাৰগেট ইউএই নামৰ এটা বৃহৎ এআই ডাটা চেণ্টাৰ।

এই প্ৰকল্পৰ অধীনত অ’পেনএআই আৰু ইয়াৰ অংশীদাৰসকলে এটা শক্তিশালী এক গিগাৱাট এআই কম্পিউটিং ক্লাষ্টাৰ নিৰ্মাণ কৰি আছে, য’ত অহা বছৰৰ ভিতৰত প্ৰায় ২০০ মেগাৱাটৰ প্ৰথম অংশ সাজু হোৱাৰ আশা কৰা হৈছে।


সমগ্ৰ প্ৰকল্পটো OpenAI ৰ “OpenAI for Countries” কাৰ্যসূচীৰ অংশ, যাৰ লক্ষ্য হৈছে বিভিন্ন দেশক নিজৰ স্থানীয় প্ৰয়োজন অনুসৰি নিজৰ AI ব্যৱস্থা আৰু সঁজুলি বিকশিত কৰাত সহায় কৰা। ওপেনএআইৰ চিইঅ’ ছেম অল্টমেনে ইয়াক “এটা সাহসী দৃষ্টিভংগী” বুলি অভিহিত কৰিছে যিটো স্বাস্থ্যসেৱা, শিক্ষা, আৰু স্বচ্ছ শক্তিৰ দৰে ক্ষেত্ৰত এআইক মানুহৰ ওচৰলৈ অনাৰ দিশত এক ডাঙৰ পদক্ষেপ।


এই অংশীদাৰিত্বত অৰেকল, এনভিডিয়া, চিস্কো, চফ্টবেংক আৰু মাইক্ৰ’ছফ্টৰ সমৰ্থিত মিডল ইষ্ট এআই কোম্পানী
 G42 ও অন্তৰ্ভুক্ত হৈছে। এই সকলোবোৰৰ লক্ষ্য হৈছে ইউ এ ইক মধ্যপ্ৰাচ্য অঞ্চলৰ এ আইৰ আগশাৰীৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
 

• সকলো বাসিন্দাই লাভ কৰিব ChatGPT Plus

এই চুক্তিৰ আটাইতকৈ বিশেষ কথাটো হ’ল ইউ এ ইত বাস কৰা প্ৰতিজন ব্যক্তিয়ে এতিয়া কোনো ধৰণৰ চাৰ্জ নোহোৱাকৈ OpenAIৰ আটাইতকৈ উন্নত সঁজুলিসমূহ ব্যৱহাৰ কৰিব পাৰিব। ChatGPT Plus ৰ জৰিয়তে মানুহে লিখা-মেলা, পঢ়া-শুনা, ক’ডিং, পৰিকল্পনা আদি বহু কামত AI ৰ সহায় ল’ব পাৰিব।


এই প্ৰকল্পটো কেৱল বিগ ডাটা চেণ্টাৰ নিৰ্মাণত সীমাবদ্ধ নহয় বৰঞ্চ স্থানীয় ভাষা, নিয়ম আৰু প্ৰয়োজন অনুসৰি এআইক স্বনিৰ্বাচিত কৰি সাধাৰণ মানুহৰ বাবে সুলভ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা তথ্যৰ সুৰক্ষা, স্থানীয় নিয়ম মানি চলা আৰু এআইৰ ন্যায্য ব্যৱহাৰ নিশ্চিত হ’ব।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection