Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

ঘাইপথত হেলিকপ্টাৰ জৰুৰী অৱতৰণঃ কেদাৰনাথ ধামৰ যাত্ৰীসকলৰ জীৱন ৰক্ষা ! Helicopter emergency landing on highway: Kedarnath Dham passengers saved lives .


ঘাইপথত হেলিকপ্টাৰ জৰুৰী অৱতৰণঃ কেদাৰনাথ ধামৰ যাত্ৰীসকলৰ জীৱন ৰক্ষা !


By Good Assam 7 June, 2025


ৰুদ্ৰপ্ৰয়াগ জিলাৰ বদাছু অঞ্চলত হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ। কেদাৰনাথলৈ যোৱা এখন হেলিকপ্টাৰ কাৰিকৰী বিজুতিৰ বাবে হঠাৎ পথত অৱতৰণ কৰে। হেলিকপ্টাৰখন ভক্তৰ সৈতে কেদাৰনাথ ধাম অভিমুখে গৈ আছিল যদিও বাটত জৰুৰীকালীন অৱস্থাৰ বাবে পাইলটে বিচক্ষণতাৰ পৰিচয় দি হেলিকপ্টাৰখন নিৰাপদে বদাছুৰ সমীপৰ পথত অৱতৰণ কৰে।

লগে লগে স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হৈ যাত্ৰীসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে। হেলিকপ্টাৰখন ক্রিষ্টাল এভিয়েশন কোম্পানীৰ বুলি জানিব পৰা গৈছে৷ বদাছু হেলিপেডৰ পৰা কেদাৰনাথ অভিমুখে উৰা মৰা হেলিকপ্টাৰখনে উৰণৰ পিছত পথত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। হেলিকপ্টাৰখনত পাইলট আৰু সহ-পাইলট আছিল পাঁচজন যাত্ৰী। সহযোগী পাইলটজন সামান্য আঘাত পোৱা বুলি জানিব পৰা গৈছে।



চিইঅ’ উকাদা ছোনিকাই জনোৱা মতে, চিৰচিৰ পৰা যাত্ৰীসহ উৰা মৰাৰ সময়ত ক্রিষ্টাল এভিয়েশন প্রাইভেট লিমিটেডৰ হেলিকপ্টাৰখনত কাৰিকৰী বিজুতিৰ বাবে পথত সতর্কতামূলক অৱতৰণ কৰে৷ কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই। ডিজিচিএক অৱগত কৰা হৈছে আৰু নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বাকী হেলিকপ্টাৰ অভিযান স্বাভাৱিকভাৱে চলি আছে।

যোৱা মাহতো হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছিল

যোৱা মাহতো কেদাৰনাথ ধামত অৱতৰণ কৰাৰ সময়ত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যোৱা ৮ মে’ত গংগানিৰ সমীপত গংগোত্ৰী ধামলৈ যোৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনাত ৫ গৰাকী মহিলাকে ধৰি ৬ জন লোকৰ থিতাতে মৃত্যু হয়।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection