গ্ৰীষ্মকালত এনে পাচলি আৰু খাদ্য সেৱন কৰিলে চুলি সৰা সমস্যা বেছি হয়, সাৱধান!
( অপূৰ্ব দাস )
যদি গ্রীষ্মকালত আপোনাৰ চুলি সৰা বহুত বৃদ্ধি পাইছে, তেন্তে আপুনি এইবোৰ পাচলি খোৱাৰ পৰা বিৰত থাকিব।
প্ৰতিজন ব্যক্তিৰে শাক-পাচলি প্ৰিয়। কিন্তু গ্ৰীষ্মকালত এই পাচলি বা খাদ্য সেৱনে চুলি সৰা বহু পৰিমাণে বৃদ্ধি কৰে।
চুলি সৰা বৃদ্ধি কৰিব পৰা খাদ্য:
১/ অতিৰিক্ত চেনি (Refined Sugar)
কোকা কোলা, মিঠাই, কেক, কুকিজ
অত্যধিক চেনি খালে ইনচুলিনত ব্যাঘাত হয়, যাৰ ফলত এণ্ড্ৰজেন হৰম’ন বৃদ্ধি পায়, যাৰ ফলত চুলি সৰাব পাৰে।
২/ উচ্চ ছডিয়ামযুক্ত খাদ্য ( নিমখ )
প্ৰচেছড স্নেকছ, চিপছ, পেকেজড নুডলছ
এইবিলাকে শৰীৰত পানীৰ অভাৱ ঘটায়, যাৰ ফলত মূৰৰ ছাল শুকান হৈ পৰে আৰু চুলি দুৰ্বল হৈ পৰে।
৩/ ফ্ৰাইড এণ্ড জাংক ফুড
চামোছা, পাকোৰা, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাই
ইয়াত ট্ৰেন্স ফেট থাকে, যাৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা হ’য় আৰু চুলি সৰিব পাৰে।
৪) অত্যধিক কেফেইন বা চোডা পানীয়
কফি, শীতল পানীয়ৰ অত্যধিক সেৱন
এইবোৰে শৰীৰৰ পৰা জিংক আৰু আইৰণৰ দৰে খনিজ পদাৰ্থ বাহিৰ কৰি পেলাব পাৰে – যিবোৰ চুলিৰ বাবে অপৰিহাৰ্য।
৫) অত্যধিক দুগ্ধজাত সামগ্ৰী (কিছুমান মানুহৰ ক্ষেত্ৰত) ৷
পনিৰ, গাখীৰ, দৈ – এইবোৰৰ ফলত কিছুমান মানুহৰ প্ৰদাহ আৰু হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে, যাৰ ফলত চুলি সৰা বাঢ়িব পাৰে।
৬/ ৰিফাইন কাৰ্ব
বগা ৰুটি, ৰিফাইন আটা, বিস্কুট, পিজ্জা, পাস্তা
এইবোৰে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে আৰু চুলিৰ বাবে ক্ষতিকাৰক।
৭) অত্যধিক মদ্যপান আৰু ধূমপান
এইবোৰে শৰীৰৰ পৰা পুষ্টিকৰ উপাদান আঁতৰাই চুলিৰ বৃদ্ধি ৰোধ কৰে।
কিছুমান শাক-পাচলি যাৰ অত্যধিক সেৱনে ক্ষতিকাৰক হ’ব পাৰে:
বি:দ্ৰ: এইবোৰে সাধাৰণতে কোনো ক্ষতি নকৰে, কিন্তু শৰীৰৰ এলাৰ্জি বা থাইৰয়ডৰ সমস্যা থাকিলে চুলি সৰাব পাৰে:
চয়াবিনৰ সামগ্ৰী, চয়াবিন তেল , চয়াবিন – থাইৰয়ডত প্ৰভাৱ পেলাব পাৰে ।
কবি, ফুলকবি, ব্ৰকলি – গ’ইট্ৰ’জেনিক শাক-পাচলি, যিয়ে থাইৰয়ডৰ সমস্যা থকা মানুহৰ চুলি সৰা বৃদ্ধি কৰিব পাৰে (যদি বেছি পৰিমাণে খায় আৰু কেঁচাকৈ খায়)
কি কি খাদ্য সামগ্ৰীয়ে অধিক চুলি গজাত সহায় কৰে?
ভাল চুলিৰ বাবে পুষ্টি অতি প্ৰয়োজনীয়। যদি আপুনি আপোনাৰ চুলি ডাঠ, শক্তিশালী আৰু চিকচিকিয়া হোৱাটো বিচাৰে, তেন্তে চুলিৰ শিপাক পুষ্টিকৰ আৰু চুলিৰ বৃদ্ধিত সহায়ক হোৱা খাদ্য খাব লাগে। তলত কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল যিয়ে চুলি সৰা কমোৱাত সহায় কৰিব পাৰে:
১) প্ৰটিন সমৃদ্ধ খাদ্য
চুলি মূলতঃ প্ৰটিন (কেৰাটিন)ৰে গঠিত, গতিকে প্ৰটিনৰ অভাৱ চুলি সৰাৰ এটা প্ৰধান কাৰণ হ’ব পাৰে।
কণীৰ বগা অংশ, দৈ গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী (দৈ, পনিৰ) , দালি আৰু চজিনা ,মাছ আৰু কুকুৰাৰ মাংস,
২) আইৰণ আৰু জিংক
আইৰণৰ অভাৱত মূৰৰ ছালত অক্সিজেনৰ যোগান কমি যায়, যাৰ ফলত চুলি সৰা বৃদ্ধি পায়। সেউজীয়া পাতৰ শাক-পাচলি (লাই শাক , মেথি), মাটিমাহ,গুড়, কিচমিচ
ৰঙালাউৰ গুটি, সূৰ্য্যমুখীৰ গুটি খাব লাগে।
৩/ ওমেগা-৩ ফেটি এচিড
ই মূৰৰ ছালখন হাইড্ৰেটেড কৰি ৰাখে আৰু চুলিবোৰ মজবুত কৰি তোলে।
আখৰোট , ফ্লেক্সচিড , চিয়া বীজ, মাছ (ছালমন, টুনা) ইত্যাদি।
৪) বায়টিন আৰু ভিটামিন বি কমপ্লেক্স
চুলিৰ বৃদ্ধিৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ।
সৰু মাছ, কুকুৰাৰ মাংস, পকা কল, এভোকেডো
বাদাম ইত্যাদি।
৫/ ভিটামিন চি
ই আইৰণ শোষণত সহায় কৰে আৰু লগতে কলাজেন গঠন বৃদ্ধি কৰে।
আমলখি, নেমু, কমলা ইত্যাদি
৬) ভিটামিন ডি আৰু ই
সূৰ্যৰ পোহৰ (ভিটামিন ডিৰ বাবে)
ভিটামিন ইৰ বাবে বাদাম , তিল ইত্যাদি।
এইবোৰ কথাত গুৰুত্ব দিব:
• অতি প্ৰচেছড আৰু তেলীয়া খাদ্য পৰিহাৰ কৰক
• পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে
• যথেষ্ট টোপনি লওক, দৈনিক ৭-৮ ঘণ্টা।
• মানসিক চাপ কমাব
যদি চুলি সৰা বেছি হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰাব লাগিব কাৰণ ই থাইৰয়ড বা অন্যান্য হৰম’নৰ সমস্যাৰ লক্ষণো হ’ব পাৰে।