Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Adstera pop

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

পাকিস্তান সৃষ্টি কৰা জিন্নাৰ পূৰ্বপুৰুষ হিন্দু আছিল।



পাকিস্তান সৃষ্টি কৰা জিন্নাৰ পূৰ্বপুৰুষ হিন্দু আছিল ।

By Good Assam 

পাকিস্তানৰ কোৱাইদ-ই-আজমৰ শিপা মহম্মদ আলী জিন্না হিন্দু ধৰ্মৰ সৈতে জড়িত। জিন্নাৰ পূৰ্বপুৰুষ লোহানা-ঠাক্কৰ জাতিৰ বুলি কোৱা হয়।


২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা গভীৰ হৈ আহিছে আৰু বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত বিশাল সংঘাতৰ সৃষ্টি হৈছে আৰু দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি বিৰাজ কৰিছে। 


এই যুদ্ধ আৰম্ভ কৰাৰ কাৰণ আছিল ‘ধৰ্ম’ আৰু কাশ্মীৰক অধিকাৰ কৰা , যেতিয়া পহলগামত তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি ২৬ জন লোকক হত্যা কৰিছিল।

পাকিস্তানৰো জন্ম হৈছিল ধৰ্মৰ আধাৰত। পাকিস্তানৰ কোৱাইদ-ই-আজম বা প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাই মুছলমানৰ বাবে সুকীয়া দেশৰ দাবী জনাইছিল আৰু ভাৰত বিভাজিত হৈছিল। কিন্তু আচৰিত কথাটো হ’ল মুছলমানৰ বাবে এই কাম কৰা জিন্নাজনৰ শিপা হিন্দু পৰিয়ালতে আছিল।

পাকিস্তানৰ প্ৰতিষ্ঠাপক বুলি কোৱা মহম্মদ আলী জিন্নাৰ পূৰ্বপুৰুষ হিন্দু আছিল। পিতৃৰ নাম জেনাভাই আৰু দাদাৰ নাম প্ৰেমজীভাই মেঘজী ঠাক্কাৰ। 

প্ৰেমজীভাই মেঘজীৰ এটা ডাঙৰ মাছৰ ব্যৱসায় আছিল আৰু এই ব্যৱসায়ৰ পৰা তেওঁ ভাল টকা উপাৰ্জন কৰিছিল। কিন্তু লোহানা জাতিৰ হোৱাৰ বাবে তেওঁৰ ব্যৱসায় সমাজত ভাল পোৱা নাছিল। কাৰণ এই জাতিৰ মানুহবোৰ নিৰামিষভোজী আছিল।



ব্যৱসায়ৰ কাৰণে দেশ এৰি ধৰ্ম সলনি কৰিলে :

প্ৰেমজীভাই মেঘজীয়ে ব্যৱসায় এৰি যোৱা নাছিল। সকলো সমালোচনাৰ মাজতো তেওঁ নিজৰ জাতি আৰু ব্যৱসায় অব্যাহত ৰাখিলে। কিন্তু পুত্ৰ পঞ্জলালে পিতৃৰ অপমান সহ্য কৰিব নোৱাৰি খঙত পত্নী আৰু চাৰিটা সন্তানৰ ধৰ্ম সলনি কৰি মুছলমান হৈ পৰিল। কিন্তু প্ৰেমজীভাই মেঘজী হিন্দু হৈয়েই থাকিল।

ইয়াৰ পিছত জিন্না গুজৰাটৰ কঠিয়াৱাৰৰ পৰা কৰাচীলৈ গুচি যায় আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰে যিটো বহুত ভালকৈ চলিছিল। তেওঁৰ ব্যৱসায় দেশৰ লগতে বিদেশত বিয়পি পৰিল। এইদৰে জিন্নাই নিজৰ নাম আৰু ধৰ্ম সলনি কৰি নিজৰ কন্যাকো মুছলমান ধৰ্ম অনুযায়ী ডাঙৰ-দীঘল কৰিলে। জিন্নাই কেৱল মুছলমান ধৰ্ম গ্ৰহণ কৰাই নহয় ধৰ্মৰ ভিত্তিত পাকিস্তান দেশৰ সৃষ্টি কৰিছিল। অৱশ্যে জিন্নাই পাৰ্চী ধৰ্মৰ ছোৱালী এজনীক বিয়া কৰাইছিল। 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection