Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত পুৰুষৰ মৃত্যুৰ আশংকা বেছি, ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ পঢ়িব

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত পুৰুষৰ মৃত্যুৰ আশংকা বেছি, ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ পঢ়িব।



( অপূৰ্ব দাস )


জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ অনিয়মৰ বাবে বহু ধৰণৰ ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। এই কাৰণেই কম বয়সীয়া লোকৰ মাজতো এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহু প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চিন্তনীয়ভাৱে ২০ বছৰৰ তলৰ লোকৰ মাজতো এই সমস্যাসমূহ বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে সৰুৰে পৰাই স্বাস্থ্যৰ বিশেষ যত্ন ল’বলৈ পৰামৰ্শ দিয়ে। 

ইয়াৰ সৈতে জড়িত শেহতীয়া এক প্ৰতিবেদনত এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে পুৰুষৰ ক্ষেত্ৰত বেছিকৈ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ আশংকা বৃদ্ধি হয় আৰু এইবোৰৰ ফলত মৃত্যুৰ আশংকাও পুৰুষৰ ক্ষেত্ৰত অধিক।

বিশেষজ্ঞৰ দলটোৱে সতৰ্ক কৰি দিছে যে এই দীৰ্ঘদিনীয়া ৰোগবোৰক সহজভাৱে ল’ব নালাগে, সাৱধানতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ।





পুৰুষৰ ৰোগ আৰু মৃত্যুৰ আশংকা বেছি কিয় ?

প্লাছৱান মেডিচিন আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত দেখা গৈছে যে বিশ্বজুৰি পুৰুষৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, এইচ আই ভি এইডছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সম্ভাৱনা মহিলাতকৈ বেছি। 

এই অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে পুৰুষৰ মাজত এই ৰোগৰ হাৰ বেছি হ’লেও চিকিৎসাৰ বাবে আগবাঢ়ি অহাৰ সম্ভাৱনা কম। পুৰুষত্বৰ লগত জড়িত সামাজিক নীতি-নিয়ম আৰু স্বাস্থ্যসেৱাৰ খৰচ ইয়াৰ মূল কাৰণ বুলি ধৰা হয়। 

প্ৰায় ২০০খন দেশত উচ্চ ৰক্তচাপৰ বাবে, ৩৯খন দেশত (যেনে আফগানিস্তান, বাংলাদেশ আৰু ইথিওপিয়া)

 ডায়েবেটিছৰ বাবে আৰু ৭৬খন দেশত (যেনে অষ্ট্ৰেলিয়া, ইটালী আৰু চিলি) এইচ আই ভিৰ বাবে পুৰুষ-মহিলাই বিভিন্ন যত্ন লাভ কৰিছিল।

পুৰুষৰ উচ্চ ৰক্তচাপৰ বাবে ১০৭ খন দেশত (৫৩%) আৰু ১০০ খন দেশত (৪৯%) ডায়েবেটিছৰ বাবে মৃত্যুৰ হাৰ বেছি আছিল।


এই ৰোগবোৰ পুৰুষৰ ক্ষেত্ৰত বেছি হোৱাৰ কাৰণ হৈছে -


এই অধ্যয়ন গ্ল’বেল বাৰ্ডেন অৱ ডিজিজ (GBD) ডাটা ব্যৱহাৰ কৰি কৰা হৈছে। ইয়াৰ মাজতে কিছুমান গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিল।

(১) বেছিভাগ পুৰুষে মদ্যপান আৰু মাদক দ্ৰব্য নাইবা ড্ৰাগছ আদিৰ ব্যৱহাৰ কৰে।

(২) পুৰুষে মহিলাতকৈ অধিক খাদ্য, চৰ্বি, তেল, মচলা , মাংস খাই ভাল পায়।

(৩) পুৰুষ সকলে স্বাস্থ্যৰ কমকৈ যতন ল'য়। 

(৪) বেছিভাগ পুৰুষৰ যৌনতা তীব্ৰ হ'লে Control কৰিব নোৱাৰে, যাৰ ফলত বহুতৰে লগত যৌন সম্পৰ্ক স্থাপন কৰে, ইয়াৰ ফলত বিভিন্ন যৌনৰোগ বিয়পে।


গৱেষকসকলে কয় যে ধূমপানৰ অভ্যাস পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। মহিলাসকলে মেদবহুলতা আৰু অসুৰক্ষিত যৌন আচৰণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি, ইয়াৰ পিছতো মহিলাসকলে সঘনাই চিকিৎসকৰ ওচৰলৈ যায়। ইয়াৰ ফলত ৰোগ আগতীয়াকৈ ধৰা পেলোৱাত সহায় হয় আৰু ইয়াৰ চিকিৎসা ভাল হয়। মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ১৩১খন দেশৰ (৬৪%) মহিলাতকৈ পুৰুষৰ এইচ আই ভি এইডছৰ ফলত মৃত্যু বেছি।





সাৱধানতা:

যদিও ডায়েবেটিছ-উচ্চ ৰক্তচাপৰ সমস্যা মানুহৰ বাবে অতি সাধাৰণ হৈ পৰিছে, তথাপিও আচলতে ই অতি বিপজ্জনক আৰু বছৰৰ পিছত বছৰ ধৰি স্বাস্থ্য সেৱাৰ ওপৰত অতিৰিক্ত চাপ বৃদ্ধি কৰি আহিছে। 

ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ বাবে সুষম খাদ্য, নিয়মীয়া শাৰীৰিক ক্ৰিয়া-কলাপ আৰু সৰুৰে পৰা সুস্থ ওজন বজাই ৰখাৰ প্ৰতি গুৰুত্ব দিব লাগে। ইয়াৰ উপৰিও মদ্যপান সীমিত কৰক, ধূমপান পৰিহাৰ কৰক আৰু মানসিক চাপ ফলপ্ৰসূভাৱে পৰিচালনা কৰক, লগতে অসুৰক্ষিত যৌন সম্পৰ্ক আৰু বহুগামিতা এৰাই চলক।

চিকিৎসকৰ মতে, অফিচৰ কামৰ বাবে মানুহে ব্যায়াম কৰিবলৈ সময় পোৱাটো কঠিন হৈ পৰিছে। জিমলৈ যোৱাৰ বিকল্প হিচাপে দৌৰা আৰু খোজ কঢ়াৰ দৰে ব্যায়ামও আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। সৰু সৰু কামৰ বাবে গাড়ীৰে যাত্ৰা কৰাৰ পৰিৱৰ্তে খোজ কাঢ়িলে আপোনাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী হ’ব পাৰে।








Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection