Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

এই স্থানত সঘনাই পিম্পল হয় নেকি? ইয়াৰ কাৰণ জানি লৈ আজিয়ে সাৱধান হ'ব।

এই স্থানত সঘনাই পিম্পল হয় নেকি? ইয়াৰ কাৰণ জানি লৈ আজিয়ে সাৱধান হ'ব।



( অপূৰ্ব দাস )

মুখত পিম্পল হোৱাটো এটা সাধাৰণ সমস্যা। কিন্তু প্ৰতিজন ব্যক্তি আৰু বয়স অনুসৰি ইয়াৰ কাৰণ বেলেগ বেলেগ হ’ব পাৰে। লগতে মুখত য’ত পিম্পল দেখা যায়, তাৰো নিজস্ব কাৰণ আছে।






বহু কাৰণত মুখত পিম্পল দেখা দিয়ে। প্ৰতিজন ব্যক্তিৰ এই সমস্যাৰ বিভিন্ন কাৰণ থাকিব পাৰে। উদাহৰণস্বৰূপে, যদি কাৰোবাৰ ছালখন অতি তেলীয়া হয় তেন্তে অত্যধিক চেবাম উৎপাদন আৰু সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ বাবে পিম্পল হ’ব পাৰে। হৰম’নৰ পৰিৱৰ্তনৰ বাবে বা কোনো ঔষধৰ প্ৰতিক্ৰিয়াৰ বাবেও এনে হ’ব পাৰে। কিন্তু যেতিয়া চিত্ৰত দেখা অংশত পিম্পল দেখা দিয়ে, তেতিয়া ইয়াৰ কাৰণ বেলেগ।


আপুনি যদি লক্ষ্য কৰে পিম্পল সাধাৰণতে গালত , কপালত হয়। হনুৰ চাৰিওফালেও দেখা দিয়ে। এই এনেকুৱা সমস্যা নহয় যিটো কেৱল যিকোনো ঘৰুৱা উপায় বা প্ৰসাধন ক্ৰীমৰ দ্বাৰা নিৰাময় কৰিব পৰা যায়। কাৰণ আভ্যন্তৰীণ সমস্যাৰ বাবে হনুত পিম্পল হয়। 


পিম্পল বা শালমইন কিয় দেখা দিয়ে?

ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ :

(১) ছালৰ তলত থকা তেল গ্ৰন্থিবোৰে ছালৰ ছিদ্ৰৰ জৰিয়তে ছালত তেল নিৰ্গত কৰে। যেতিয়া এই ছিদ্ৰবোৰ ছালৰ মৃত কোষ, ধূলি বা মেকআপৰ দ্বাৰা বন্ধ হৈ পৰে, তেতিয়া বেক্টেৰিয়াই ইয়াত নিজৰ ঘৰ সাজে। তাৰ ফলত পিম্পল ওলায়।


(২) হৰম’নৰ পৰিৱৰ্তন: বিশেষকৈ মহিলাৰ ক্ষেত্ৰত মাহেকীয়া, গৰ্ভাৱস্থা বা পিচিঅ’এছৰ দৰে অৱস্থাই হনুৰ কাষত বা ইয়াৰ চাৰিওফালে ব্ৰণ বৃদ্ধি কৰিব পাৰে।

(৩) মেকআপ বা চুলিৰ সামগ্ৰী: কিছুমান সামগ্ৰীয়ে ছিদ্ৰ বন্ধ কৰি দিয়ে, যাৰ ফলত পিম্পল বাঢ়ি যায়।

(৪) ফোন, হেলমেটৰ ষ্ট্ৰেপ, গাৰু আৰু টাৱেল : আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে আমি প্ৰায়ে ফোন ৰিচিভাৰ বা মোবাইল মুখত লগাই লৈ কথা পাতো। এই অভ্যাসে বেক্টেৰিয়া স্থানান্তৰিত কৰাত সহায় কৰে। লগতে গাৰুৰ কোভাৰ , মুখ মোচা টাৱেল বা বিহুৱান আদিও প্ৰতিদিনে ধুই থাকিব লাগে, কাৰণ ইয়াতো বেক্টেৰিয়া থাকে যিয়ে মুখৰ ছালত আক্ৰমণ কৰি শালমইনৰ সৃষ্টি কৰে।

(৫) মানসিক চাপ, বেয়া কলেষ্টেৰল, টোপনিৰ ক্ষতি, তেলাল আৰু চৰ্বি জাতীয় খাদ্য খোৱা আদিৰ ফলতো শালমইন ওলায়। তেজত দূষিত পদাৰ্থ জমা হ'লে বা লিভাৰৰ সমস্যা হ'লেও শালমইন ওলায়।







এইবোৰ নিয়ম মানি চলিব -

(১) ফেচিয়েল ক্লিনজিং ৰুটিন তৈয়াৰ কৰক: দিনটোত তিনিবাৰকৈ কোমল ক্লিনজাৰেৰে মুখখন ধুব লাগে। বেছিকৈ ঘঁহিব নালাগে নহ’লে ছালখন অধিক স্পৰ্শকাতৰ হ'ব।

(২) ছালৰ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰক। তেলাল প্ৰসাধন সামগ্ৰী আৰু শুকান হোৱা সামগ্ৰী ব্যৱহাৰ কৰা উচিত নহয়।

(৩) প্ৰথমে ছালত মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰিব তাৰ ১০ মিনিট পিছত Sunscreen Lotion লগাব।

(৪) গৰমৰ দিনত মেক-আপ নকৰিব।

(৫) নেমুৰ চৰ্বত দিনত এবাৰ খাব।

(৬) চাহ-তেলাল খাদ্য, কণি, গাহৰি মাংস খোৱাৰ পৰিমাণ কমাম।

(৭) শালমইন হ'লে চিকুটি নাথাকিব। পকিবলৈ আৰম্ভ কৰিলে টেঙাৰ কাঁইটেৰে সাৱধানে বিন্ধি বেয়া পদাৰ্থবোৰ বাহিৰ কৰিব।

(৮) তেজত দূষিত পদাৰ্থ জমা হ'লে এনে হ'ব পাৰে। তেজ পৰিস্কাৰ কৰি ৰাখিবলৈ আয়ুৰ্বেদিক ঔষধ Liv 52 খাব পাৰে। চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

(৯) টোপনিৰ ক্ষতি নকৰিব। দৈনিক ৭-৮ ঘন্টা শুৱা প্ৰয়োজন।

(১০) যৌন সম্পৰ্ক বেছি নকৰিব। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সপ্তাহত মাথো এবাৰ বা দুবাৰ কৰিব।

(১১) পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব। একেবাৰতে বহু পৰিমাণে পানী নাখাব। ১-২ গিলাচ খাই ২ ঘন্টামান ব্যৱধান ৰাখিব। ভাত খোৱাৰ ২ ঘণ্টা পিছত পানী খাব, নহ'লে হজমত ব্যায়াম কৰিব।


(১২) শালমইন হ'লে তলত দিয়া ক্ৰিম আৰু ফেচৱাচ সমূহ ব্যৱহাৰ কৰিব পাৰে - 





Clindamycin Phosphate & Niotinamide Gel ব্যৱহাৰ কৰিলে চিকিৎসকৰ পৰামৰ্শ ল'ব ।











Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection