Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Slider Menu

Slider Menu

আপোনাৰ চুলিবোৰ দ্ৰুতগতিত সৰিছে নেকি? এইয়া থাইৰয়ডৰ সমস্যাৰ লক্ষণ হ'ব পাৰে

আপোনাৰ চুলিবোৰ দ্ৰুতগতিত সৰিছে নেকি? এইয়া থাইৰয়ডৰ সমস্যাৰ লক্ষণ হ'ব পাৰে।


( অপূৰ্ব দাস )


আজিকালি চুলি সৰাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে যদিও যেতিয়া চুলিবোৰ দ্ৰুত আৰু অস্বাভাৱিকভাৱে সৰিবলৈ আৰম্ভ কৰে তেতিয়া সেয়া চিন্তাৰ বিষয় হ’ব পাৰে। কেতিয়াবা কেৱল বতৰ, মানসিক চাপ বা ভুল শ্বেম্পুৰ ফল নহয়, থাইৰয়ডৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ৪.২ কোটি লোক থাইৰয়ড ৰোগত আক্ৰান্ত হয় আৰু বিশেষজ্ঞসকলৰ মতে থাইৰয়ডৰ সমস্যাই চুলি সৰাৰ এটা প্ৰধান কাৰণ । থাইৰয়ড আৰু চুলি সৰাৰ মাজত কি সম্পৰ্ক আছে আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানিবলৈ পঢ়িব -





থাইৰয়ড আৰু চুলি সৰাৰ মাজত কি সম্পৰ্ক?

ডিঙিত পখিলাৰ আকৃতিৰ থাইৰয়ড গ্ৰন্থিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া, শক্তিৰ মাত্ৰা আৰু হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে। যেতিয়া এই গ্ৰন্থিটোৱে সঠিকভাৱে কাম নকৰে তেতিয়া হাইপোথাইৰয়ডিজম (অনডাৰএক্টিভ) বা হাইপাৰথাইৰয়ডিজম (অভাৰএক্টিভ) নামৰ এটা অৱস্থাৰ সৃষ্টি হয়। দুয়োটা অৱস্থাতে চুলি দ্ৰুত সৰি পৰাটো এটা সাধাৰণ লক্ষণ। হাইপোথাইৰয়ডিজমত চুলি শুকান, পাতল আৰু দুৰ্বল হৈ পৰে, আনহাতে হাইপাৰথাইৰয়ডিজমত অত্যধিক বিপাকীয় ক্ৰিয়াৰ বাবে চুলিৰ গুৰি দুৰ্বল হৈ পৰে।


থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই চুলিৰ বৃদ্ধিৰ চক্ৰত ব্যাঘাত জন্মায়, যাৰ ফলত চুলি অকালতে সৰি পৰে। যদি প্ৰতিদিনে ৬-৭০ ডালতকৈ অধিক চুলি সৰি আছে, তেন্তে এইটো থাইৰয়ডৰ লক্ষণ হ’ব পাৰে আৰু এনে পৰিস্থিতিত নিশ্চিতভাৱে পৰীক্ষা কৰা উচিত।


থাইৰয়ডৰ অন্যান্য লক্ষণ :

চুলি সৰাৰ উপৰিও থাইৰয়ডৰ আন কিছুমান লক্ষণ আছে যিবোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। হাইপোথাইৰয়ডিজমে ভাগৰুৱা, ওজন বৃদ্ধি, ছাল শুকান, ঠাণ্ডা বা গৰম অসহিষ্ণুতা আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে হাইপাৰথাইৰয়ডিজমত ওজন কমি যোৱা, খিংখিঙীয়া হোৱা, হৃদস্পন্দন দ্ৰুত হোৱা, অত্যধিক ঘামচি ওলোৱা আৰু টোপনিৰ অভাৱৰ দৰে লক্ষণ দেখা যায়। বিশেষকৈ গৰ্ভাৱস্থা বা ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ ক্ষেত্ৰত থাইৰয়ডৰ সমস্যা বেছিকৈ দেখা যায়।

ইয়াৰ কাৰণ :

থাইৰয়ডৰ বহু কাৰণ হ’ব পাৰে, যেনে- জেনেটিক্স, মানসিক চাপ, খাদ্যৰ অভাৱ, আয়’ডিনৰ অভাৱ, বা চয়া সামগ্ৰী, চৰ্বিৰ অত্যধিক সেৱন। গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তনেও থাইৰয়ডৰ সূচনা কৰিব পাৰে।


প্ৰতিৰোধ আৰু প্ৰতিকাৰ  :

যদি চুলি সৰাৰ লগতে থাইৰয়ডৰ আন লক্ষণসমূহো দেখা যায়, তেন্তে এনে পৰিস্থিতিত TSH, T3 আৰু T4 পৰীক্ষা কৰাওক। 

আয়’ডিন, চেলেনিয়াম আৰু জিংক সমৃদ্ধ খাদ্য সামগ্ৰী যেনে মাছ, কণী, দৈ আৰু সেউজীয়া শাক-পাচলি খাব লাগে। চয়াবিন, চৰ্বি, কবি আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক। যদি আপোনাৰ থাইৰয়ড পৰীক্ষা পজিটিভ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection