জুচ-জেকিং : ওলাইছে নতুন হেকিং ! এনে স্থানত মোবাইল চাৰ্জ কৰিলেই বেংক একাউণ্ট খালী হ’ব পাৰে , সাৱধান!
By Good Assam
সাধাৰণতে দেখা যায় যে মানুহে যিকোনো ঠাইতে মোবাইল চাৰ্জ কৰে। জৰুৰীকালীন পৰিস্থিতিত বিমানবন্দৰ, হোটেল, কেফে আদি ৰাজহুৱা স্থানত মানুহে স্মাৰ্টফোন, টেবলেট, স্মাৰ্টৱাচৰ দৰে ইলেক্ট্ৰনিক ডিভাইচ চাৰ্জ কৰে। অৱশ্যে তেনে কৰাটো আপোনাৰ বাবে বিপদজনক হ’ব পাৰে। এইদৰে ইউএছবি চাৰ্জিং কেলেংকাৰী কৰা হৈছে, যাৰ সন্দৰ্ভত এটা সতৰ্কবাণী জাৰি কৰা হৈছে।
ইউএছবি চাৰ্জাৰেৰে মোবাইল চাৰ্জ কৰাটো বিপদজনক হ’ব পাৰে। ইয়াক ৰোধ কৰিবলৈ CERT-In ৰ দ্বাৰা সতৰ্কবাণী জাৰি কৰা হৈছে। চাইবাৰ আক্ৰমণৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়েও বুজাই দিয়া হৈছে। আচলতে ইয়াক জুচ-জেকিং আক্ৰমণ বুলি নামকৰণ কৰা হৈছে, য’ত মেলৱেৰ ডাটা এনক্ৰিপ্ট কৰি এই কেলেংকাৰী সংঘটিত কৰা হয়।
জুচ-জেকিং আক্ৰমণ কি?
জুচ জেকিং আক্ৰমণ: ইউএছবি কেবলৰ পিন ব্যৱহাৰ কৰি হেকিং কৰা হয়। ইয়াত ইউএছবি পৰ্টত মেলৱেৰ ইনষ্টল কৰা হয়। CERT-In এ সকীয়াই দিছে যে হেকাৰে ইউএছবি কেবল ব্যৱহাৰ কৰি মেলৱেৰ এপ ইনষ্টল কৰিব পাৰে। এই ধৰণৰ চাইবাৰ আক্ৰমণ ডিভাইচটোৰ ডাটা হেক আৰু এনক্ৰিপ্ট কৰি সংঘটিত কৰা হয়। ইয়াৰ পিছত মুক্তিপণৰ দাবী কৰা হয়।
কেনেকৈ সুৰক্ষিত থাকিব?
আপুনি আপোনাৰ ফোনটো এটা USB চাৰ্জিং পইণ্ট বা "পৰ্টেবল ৱাল চাৰ্জাৰ"ৰ পৰা চাৰ্জ কৰাৰ আগতে দুবাৰ পৰীক্ষা কৰিব লাগে।
আপোনাৰ স্মাৰ্টফোন বা অন্য ইলেক্ট্ৰনিক ডিভাইচ চাৰ্জ কৰিবলৈ বৈদ্যুতিক ৱাল চাৰ্জিং চকেট ব্যৱহাৰ কৰাটো ভাল। ৰাজহুৱা স্থানত ডিভাইচটো চাৰ্জ কৰিবলৈ নিজৰ কেবল আৰু এডাপ্টাৰ বা পাৱাৰ বেংক ব্যৱহাৰ কৰাটো ভাল । স্মাৰ্টফোন লক কৰি ৰাখক আৰু USB ডিবাগিং আৰু পেয়ৰিং Auction ইনেবল কৰক। ফোনটো চাৰ্জ কৰাৰ আগতে আপোনাৰ স্মাৰ্টফোনটো বন্ধ কৰক।