ছিকিমত প্ৰচণ্ড বৰষুণ, ভূমিস্খলনৰ ফলত আবদ্ধ ১৫০০ পৰ্যটক। ৮ জন সন্ধানহীন
বিগত কিছুদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ছিকিমৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে ১৫০০ পৰ্যটক। আনহাতে ৮জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। যাৰ সন্ধান চলি আছে।
ৰাজ্যখনৰ বিভিন্ন স্থানত ভয়ংকৰ বানপানী:
কামপুৰত বানৰ বিভীষিকা :
নিশা কপিলীয়ে খহাই নিলে পটিয়াপামৰ মথাউৰি। কপিলীৰ দক্ষিণপাৰৰ গোঁসাই গাঁৱটো পথৰ ওপৰৰে বাগৰিছে পানী।
কচুৱাত বৰপানী নৈ তাণ্ডৱত ন ন অঞ্চল প্লাৱিত।
সোৱণশিৰি বৃহৎ নদীবান্ধৰ সমীপত ভূমিস্খলন :
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সমীপত ভূমিস্খলনৰ ফলত অতিৰিক্ত জলৰাশিয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে । নিকটৱৰ্তী স্থান সমূহত জলপ্ৰলয়ৰ সৃষ্টি হৈছে।