( অপূৰ্ব দাস )
বেচন আৰু হালধিৰে মুখখন এনেকৈ পৰিষ্কাৰ কৰক :
মুখৰ সৌন্দৰ্য্য আৰু জিলিকনি সদায় ৰাখিবলৈ নিয়মিতভাৱে মুখখন পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। আমি বেছিভাগেই মুখ পৰিষ্কাৰ কৰিবলৈ ক্লিনজাৰ আৰু ফেচ ৱাছ ব্যৱহাৰ কৰো। কিন্তু ইয়াত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে লাহে লাহে ছালৰ ক্ষতি কৰি থাকে । এনে পৰিস্থিতিত ইচ্ছা কৰিলে কিছুমান প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি মুখখন পৰিষ্কাৰ কৰিব পাৰি ।
বেচন আৰু হালধি, দুয়োবিধ ছালৰ বাবে অতি উপকাৰী। বেচনে ছালত থকা মলি, মৃত ছালৰ কোষ আৰু অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰে আৰু কলা দাগ দূৰ কৰে । একে সময়তে হালধিত এন্টিঅক্সিডেন্ট, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে, যিয়ে ব্ৰণ, বেক্টেৰিয়া, আৰু টেনিঙৰ সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে।
বেচন আৰু হালধিয়ে অতি সোনকালে ছালখন উজ্জ্বল কৰি তোলে আৰু ৰং উন্নত কৰাত সহায় কৰে। নিয়মিতভাৱে মুখখনত ব্যৱহাৰ কৰিলে ছালখন কোমল আৰু জিলিকি উঠে।
(১) বেচন+হালধি আৰু গোলাপ জল
মুখখন পৰিষ্কাৰ কৰিবলৈ বেচন, হালধি আৰু গোলাপ জলৰ মিশ্ৰণ প্ৰয়োগ কৰিব পাৰে। আচলতে গোলাপৰ পানীয়ে ছালখন গভীৰভাৱে পৰিষ্কাৰ কৰাই নহয়, আৰ্দ্ৰতাও প্ৰদান কৰে। ইয়াৰ উপৰিও ছালৰ ৰং উন্নত কৰাত সহায় কৰে। ইয়াৰ বাবে এটা বাটিত ২/৩ চামুচ বেচন লওক। আধা চামুচ হালধি আৰু ২/৩ চামুচ গোলাপ জল দি ভালদৰে মিহলাই লওক। এতিয়া এই পেষ্টটো মুখত লগাই শুকুৱাবলৈ দিব। প্ৰায় ১৫ মিনিটৰ পিছত মুখখন পানীৰে ধুব। ইয়াৰ ফলত আপোনাৰ মুখখনলৈ প্ৰাকৃতিক জিলিকনি আহিব আৰু ছালৰ সমস্যা দূৰ হ'ব।
(২) বেচন+হালধি আৰু দৈ
এই মিশ্ৰণ ছালৰ বাবে অতিকৈ উপকাৰী । দৈত লেক্টিক এচিড থাকে, যিয়ে ছালৰ দাগ কমোৱাত সহায় কৰে। লগতে ব্ৰণ, কলা দাগ, বলিৰেখা আৰু টেনিং আদি সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰছ । ইয়াৰ বাবে এটা বাটিত ২/৩ চামুচ বেচন লওক। ২ চামুচ দৈ আৰু আধা চামুচ হালধি দি ভালদৰে মিহলাই লওক। এতিয়া এই পেষ্টটো মুখত লগাই লঘু হাতেৰে বৃত্তাকাৰ গতিৰে ৩ মিনিট মালিচ কৰক। প্ৰায় ১০-১৫ মিনিটৰ পিছত মুখখন পানীৰে ধুব। ইয়াৰ ফলত আপোনাৰ ছালখন উজ্জ্বল হ’ব আৰু ছালৰ সমস্যা দূৰ হ'ব।
(৩) বেচন+হালধি আৰু এলোভেৰা
মুখখন পৰিষ্কাৰ কৰিবলৈ এলোভেৰাক বেচন আৰু হালধি লগত মিহলাই লগাব পাৰে। আচলতে এলোভেৰাই ছালখন আৰ্দ্ৰ কৰি তোলে আৰু ছাললৈ শীতলতা প্ৰদান কৰে । ইয়াৰ উপৰিও ছালৰ দাগ, ব্ৰণ আৰু টেনিং অৰ্থাৎ ৰʼদে পোৰা দাগ আদি দূৰ কৰাত সহায় কৰে। ইয়াৰ বাবে বেচন, হালধি আৰু প্ৰকৃত এলোভেৰাৰ ৰস ভালদৰে মিহলাই পেষ্ট প্ৰস্তুত কৰক। এতিয়া এই পেষ্টটো মুখত লগাই কিছু সময় থৈ দিব। প্ৰায় ১০-১৫ মিনিটৰ পিছত মুখখন পানীৰে ধুব। ইয়াৰ ফলত আপোনাৰ ছালখন কোমল আৰু জিলিকি থকা দেখা যাব।