( অপূৰ্ব দাস )
মানসিক চাপ আৰু অনিদ্ৰা আপোনাৰ জীৱনৰ এটা অংশ হৈ পৰিছে নেকি ? আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে নেকি? ৰাতি অনিদ্ৰাৰ সমস্যাৰ পৰা সকাহ পাবলৈ এই টিপচ্ সমূহ মানি চলক।
সুস্থ জীৱনৰ বাবে মানুহে গোটেই দিনটো স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰিব লাগে। সাধাৰণতে দেখা যায় যে মানুহৰ খাদ্য আৰু জীৱনশৈলীৰ লগত জড়িত বহু ভুলৰ বাবেই বিভিন্ন সমস্যাৰ লগতে টোপনিৰো সমস্যাত ভোগে।
মানসিক চাপ আৰু দিন-ৰাতি কাম কৰাৰ হুলস্থুলৰ বাবে মানুহে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে। ইয়াৰ ফলত তেওঁলোকৰ টোপনিৰ ধৰণতো প্ৰভাৱ পৰে। যাৰ বাবে অনিদ্ৰাৰ দৰে সমস্যা হ’ব পাৰে। ইয়াত কিছুমান টিপছ আগবঢ়াইছো যাৰ সহায়ত আপুনি অনিদ্ৰাৰ সমস্যাৰ পৰা সকাহ পাব পাৰে আৰু লগতে সুস্থ হৈ থাকিব পাৰে -
(১) গেছট্ৰিক থকা সকলে এইবোৰ কথাত গুৰুত্ব দিয়া উচিত
যিসকলৰ গেছ -গেষ্ট্ৰিকৰ সমস্যা আছে তেওঁলোকৰ নিশা টোপনিৰ সমস্যা অধিক দেখা যায়। ইয়াৰ ফলত শৰীৰ দুৰ্বল আৰু বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'বলৈ আৰম্ভ কৰে।
এনে ক্ষেত্ৰত সন্ধিয়াৰ সময়ত কেতিয়াও চাহ, পকৰা বা যিকোনো খাদ্য খাব নালাগে। নিশা ৪:৩০ বজাত নাইবা ৯ বজাত তেল-মচলা নথকা বা বইল খাদ্য খোৱা উচিত।
খাদ্য খোৱাৰ পিছত ১ ঘণ্টা বহা বা আধা ঘণ্টা খোজ কঢ়া উচিত।
(২) কৰ্ম-জীৱনৰ ভাৰসাম্য ৰক্ষা কৰক
নিত্য বৃদ্ধি পোৱা প্ৰতিযোগিতা আৰু বৃদ্ধি পোৱা কৰ্মচাপৰ মাজত মানুহ কৰ্মত ব্ৰতী হৈ পৰে আৰু নিজৰ শাৰীৰিক স্বাস্থ্য বা মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব নোৱাৰে। এনে পৰিস্থিতিত কৰ্ম জীৱনৰ ভাৰসাম্য ৰক্ষাৰ উপায় শিকিব লাগিব। নিজৰ কাম, পৰিয়াল, স্বাস্থ্য আৰু আৱেগ পৰিচালনা কৰিবলৈ শিকক। ইয়াৰ ফলত মানসিকভাৱে ভাল অনুভৱ হ’ব আৰু অনিদ্ৰা ৰোধ হ’ব। কামক বিৰতি দি কিছু সময় সন্ধিয়া পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে নাইবা মন্দিৰলৈ যাব পাৰে। সন্ধিয়াৰ সময়ত ভগৱান প্ৰাৰ্থনা নকৰাকৈ নাথাকিব, ইয়ে মানসিক চাপ দূৰ কৰে।
(৩) প্ৰকৃতিৰ লগত মিল থকা হওক
সুস্থ জীৱনশৈলী হ’ল প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে জীয়াই থকা জীৱনশৈলী। আমাৰ শৰীৰ প্ৰকৃতিৰ সৈতে সংযুক্ত, সেয়েহে, যদি আপুনি প্ৰকৃতি অনুসৰি আপোনাৰ জীৱনশৈলী সলনি কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাব। ৰাতিপুৱা সোনকালে সাৰ পোৱা আৰু ৰাতি সোনকালে শুই থকাৰ দৰে অভ্যাস গঢ়া উচিত। নিশা ১০:৩০ বজাত শুবলৈ যোৱা উচিত আৰু মʼবাইল ফোন ব্যৱহাৰ কৰা উচিত নহয়।
(৪) দৈনন্দিন কাম-কাজ উন্নত কৰক
বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে আজিৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত ঋতু অনুসৰি খোৱা-বোৱা, জিৰণি লোৱা আৰু নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত। এই অভ্যাস পূৰ্ব পূৰুষৰ পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠসকলে পালন কৰিছিল বাবেই সুন্দৰ স্বাস্থ্য আছিল, কিন্তু এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে, যাৰ ফলত আজিৰ মানুহ সহজেই বেমাৰত ভুগিব লগা হৈছে। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সেই সুস্থ অভ্যাস গ্ৰহণ কৰক আৰু আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব, মানসিক চাপৰ পৰা হাত সাৰিব আৰু লগতে টোপনিও ভাল হ’ব।
(৫) শুৱাৰ আগতে এই ভুল নকৰিব
ৰাতি শুৱাৰ আগতে চিন্তা, হাই-কাজিয়া, তৰ্ক কৰা, মাদক দ্ৰব্য সেৱন কৰা, চাহ বা কফি খোৱা ত্যাগ কৰা উচিত।
লগতে জীৱনৰ সমস্যাৰ কথা চিন্তা কৰিলে মানসিক চাপ বৃদ্ধি হোৱাই নহয়, অনিদ্ৰাও হ’ব পাৰে। গতিকে ৰাতি শুৱাৰ আগতে মনটো শান্ত কৰি মধুৰ গান শুনা উচিত । আগন্তুক দিনটোৰ বিষয়ে ইতিবাচক চিন্তা কৰক আৰু সময়মতে শুবলৈ চেষ্টা কৰক।
(৬) ৰাতি মোবাইলফোনৰ ব্যৱহাৰ সীমিত কৰক
বিচনাত শুৱাৰ পাছত মোবাইল ফোন বা যিকোনো ধৰণৰ গেজেট ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। বিচনাত পৰি থকা অৱস্থাত মোবাইল চোৱাৰ দৰে অভ্যাস পৰিহাৰ কৰক। ইয়াৰ ফলত অনিদ্ৰাৰ দৰে সমস্যা বৃদ্ধি পায়। ৰাতি দেৰিকৈ শুবলৈ গলে দেহত কলেষ্টেৰল বৃদ্ধি পায় আৰু কিছুমান হ'ৰমন নিঃসৰণ বন্ধ হ'য় যাৰ ফলত হৃদযন্ত্ৰৰ ৰোগ, অগ্নাশয় ৰোগ , যকৃত ৰোগ , বৃক্কৰ ৰোগৰ লগতে মানসিক চাপো বৃদ্ধি পায়।